ADRE: তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাক লৈ নতুন নিৰ্দেশনা, পৰীক্ষাৰ্থীয়ে মানিব লাগিব এই নিয়ম…

ADRE: ২৯ ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব ADRE ৰ তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষা। পৰীক্ষাৰ পূৰ্বে বিভাগীয় কৰ্তৃপক্ষই জাৰি কৰিছে নতুন নিৰ্দেশনা। পৰীক্ষাৰ সময়ত এই সকলো নিয়ম মানি চলিব লাগিব পৰীক্ষাৰ্থীয়ে।

ADRE: তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাক লৈ নতুন নিৰ্দেশনা, পৰীক্ষাৰ্থীয়ে মানিব লাগিব এই নিয়ম...

তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষা নিৰ্দেশনা

Published: 

25 Sep 2024 19:00 PM

দেওবাৰ (২৯ ছেপ্টেম্বৰ) য়ে অনুষ্ঠিত হ’ব ADRE ৰ তৃতীয় বৰ্ষৰ নিযুক্তি পৰীক্ষা। SLRC নিযুক্তি পৰীক্ষাক লৈ পৰীক্ষাৰ্থীৰ বাবে ইতিমধ্যে কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে STATE LEVEL Recruitment COMMISSION য়ে। পৰীক্ষাৰ সময়ত যাতে কোনো ধৰণৰ অনিয়ম সংঘটিত নহয় তাৰ প্ৰতি গুৰুত্ব ৰাখি কটকটীয়া কৰা হ’ব সুৰক্ষা ব্যৱস্থা। ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে সকলোৰে চেকিং কৰা হ’ব। যদি মহিলা বুলি চেকিঙৰ পৰা ৰেহাই দিয়া হয় তেন্তে পৰীক্ষাত অনিয়ম সংঘটিত হোৱাৰ সম্ভাৱণা আছে।

তাৰ পাছতেই আজি বিভাগীয় কৰ্তৃপক্ষই পৰীক্ষাৰ্থীৰ বাবে গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে। পৰীক্ষা হলৰ ভিতৰত পৰীক্ষাৰ্থীয়ে লগত কি কি নিব পাৰিব বা কি কি নিয়ম অৱলম্বন কৰিব লাগিব সেয়া তলত উল্লেখ কৰা হ’ল-

  • পৰীক্ষাৰ্থীয়ে লগত নিব লাগিব এডমিট কাৰ্ড।
  • লগত নিব পাৰিব ক’লা বা নীলা ৰঙৰ বলপেন।
  • নিব পাৰিব ৰবৰ, স্কেল, পেঞ্চিল।
  • লগত নিব পাৰিব পৰিচয় পত্ৰ।
  • হাফ চাৰ্ট বা শ্লিপাৰ (চেণ্ডেল) পৰিধান কৰি যাব লাগিব।
  • পৰীক্ষা আৰম্ভ হোৱাৰ ডেৰ ঘন্টা পূৰ্বে উপস্থিত হব লাগিব পৰীক্ষা কেন্দ্ৰত।
  • পৰীক্ষাৰ অন্তত পৰীক্ষাৰ্থীয়ে লগত নিব পাৰিব প্ৰশ্নকাকত।
  • পৰীক্ষা শেষ হোৱাৰ পাছত অতিৰিক্ত ৫ মিনিট সময় বহি থাকিব লাগিব পৰীক্ষাৰ্থী।
  • নিৰীক্ষকে সংগ্ৰহ কৰিব OMR শ্বীট।

উল্লেখ্য যে, কিছুদিন পূৰ্বে (১৫ ছেপ্টেম্বৰত) হৈ যোৱা নিযুক্তি পৰীক্ষাক যথেষ্ঠ চৰ্চাত আছিল। পৰীক্ষাৰ সময়ত ৰাজ্যজুৰি ইন্টাৰনেট সেৱা কৰ্তন কৰাৰ লগতে পৰীক্ষাৰ্থীসকলক কঠোৰ তালাচী চলোৱা হৈছিল। একাংশ মহিলা পৰীক্ষাৰ্থীয়ে অভিযোগ তুলিছিল যে তেওঁলোকৰ কাপোৰ, অন্তৰ্বাসৰ ভিতৰত হাত ভৰাই মহিলা কনিষ্টবলে তালাচী চলাইছিল। এই বিষয়টোৱে ইমানেই চৰ্চা লাভ কৰিছিল যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপৰ পাছত তদন্তৰ নিৰ্দেশ দিয়া হৈছিল।

পৰীক্ষাৰ পাছত প্ৰশ্নকাকত ভাইৰেল হোৱা কথাটোৱেও এইবাৰ বহু চৰ্চা লাভ কৰিছিল। এই ঘটনাৰ লগত জড়িত কেইবাজন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰো কৰিছে।

তালাচী

তালাচীক লৈ চলা বিতৰ্কৰ পাছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে, একে লিংগৰলোকে তালাচী কৰিলে তাত আপত্তি কৰিব নোৱাৰে। অৰ্থাৎ মহিলাই মহিলাৰ আৰু পুৰুষে পুৰুষৰ তালাচী চলাব পাৰে। অৱশ্যে এই ক্ষেত্ৰত তালাচীৰ সন্মতি লোৱা হ’ব। মহিলাৰ তালাচীৰ সৌজন্যতা ৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি অতিৰিক্তভাৱে আশাকৰ্মী আৰু অংগনবাড়ী কৰ্মী উপস্থিত থাকিব।

ইয়াৰোপৰি কোনোৱে যদি তালাচী দিয়াত আপত্তি কৰে তেন্তে তেওঁক পৃথককৈ বহাই পৰীক্ষা দিয়াৰ ব্যৱস্থা কৰা হ’ব য’ত অতিৰিক্ত চিকিউৰিটি ব্যৱস্থা থাকিব। ইয়াৰোপৰি মুখ্যমন্ত্ৰীয়ে কৈছিল যে হৈ যোৱা পৰীক্ষাৰ বাবে পৰীক্ষাৰ্থীয়ে ২৭ ছেপ্টেম্বৰত অ’ এম আৰ শ্বীটৰ ফটো কপি সংগ্ৰহ কৰাৰ বাবে আবেদন জনাব পাৰিব। তথ্য অনুসৰি এইবাৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাত ৩২ লাখতকৈ অধিকে পৰীক্ষাত অৱতীৰ্ণ হ’ব। ইয়াৰে এটা পৰীক্ষা ইতিমধ্যে সম্পন্ন হৈছে। ইয়াৰ বিপৰীতে তৃতীয়-চতুর্থ বৰ্গৰ মুঠ পদৰ সংখ্যা ১২,৬০০ টা।

Related Stories
পলকতে পঢ়ক দিনটোৰ ৯ টা শীৰ্ষ খবৰ
২০২৬ত বিজেপিয়েই জিকিব! জুবিনক ৰাজনীতিৰ পৰা ১০০০ কিলোমিটাৰ দূৰত ৰখাৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীৰ
চাৰ্জশ্বীট দিয়াৰ পাছতে জুবিনৰ ন্যায়ৰ দাবীত ৰাজপথত নামিব অসমৰ মুখ্যমন্ত্ৰী, ৰীতা চৌধুৰীৰ মন্তব্যৰ সন্দৰ্ভকত প্ৰতিক্ৰিয়া হিমন্ত বিশ্ব শৰ্মাৰ
উদ্যমিতা পুঁজিৰ চেক বিতৰণৰ শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ, মহিলাসকলে কি কি কামত ব্যৱহাৰ কৰিব পাৰিব এই পুঁজি?
১৯৮৩ ৰ নেলীকাণ্ড: ৪২ বছৰৰ পাছত চৰকাৰে বিধানসভাত দাখিল কৰিব তিৱাৰী আয়োগৰ প্ৰতিবেদন
ছিংগাপুৰৰ পৰা কি কি তথ্য পালে SITএ? জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সন্দৰ্ভত SIT ৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাৰ সংবাদমেল
মগজু চোকা কৰিবলৈ দৈনিক কৰক এই ৫টা কাম, কম সময়তে দেখিব ইতিবাচক প্ৰভাৱ
শনি দেৱৰ পূজাত ভুলতো নিদিব এইসমূহ সামগ্ৰী, শনি দোষ লাগিব আপোনাৰ!
কলডিল আপোনাৰ প্ৰিয় নে? আমাৰ শৰীৰৰ কি কি উপকাৰ সাধন কৰে জানো আহক
আপুনি জানেনে ওজন নিয়ন্ত্ৰণত ৰাখিবলৈ ৰাতিপুৱা কি কৰিব লাগে?