ADRE: তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ্থীৰ বাবে বিশেষ নিৰ্দেশনা…

ৰাজ্যিক পৰ্যায়ৰ নিয়োগ আয়োগে জাৰি কৰা তথ্য অনুসৰি ১৫ ছেপ্টেম্বৰৰ পুৱা ১০.৩০ বজাৰ পৰা দিনৰ ১.৩০ বজালৈ তৃতীয় পৰ্যায়ৰ উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ তৃতীয় কাকতৰ লিখিত পৰীক্ষা অনুষ্ঠিত হ'ব

ADRE: তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ্থীৰ বাবে বিশেষ নিৰ্দেশনা...

পৰীক্ষা

Published: 

11 Sep 2024 11:10 AM

ADRE ৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাক লৈ কেতবোৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা প্ৰকাশ কৰিছে বিভাগীয় কৰ্তৃপক্ষই। এই নিৰ্দেশনাৱলীত উল্লেখ আছে পৰীক্ষাৰ দিনা পৰীক্ষাৰ্থীয়ে কি কি নিয়ম মানি চলিব লাগিব। নিৰ্দেশনা অনুসৰি পৰীক্ষাৰ্থীয়ে পৰীক্ষা কেন্দ্ৰৰ ১০০ মিটাৰৰ ভিতৰত প্ৰাৰ্থীৰ অভিভাৱক বা আন কোনোলোক প্ৰৱেশ কৰিব নোৱাৰিব।

কি কি নিব পাৰিব-

  • তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ বাবে পৰীক্ষাৰ্থীয়ে কেৱল এডমিট কাৰ্ড (Admit card) নিব পাৰিব।
  • নীলা বা কলা বল পেন, পেঞ্চিল, স্কেল, ৰবৰ নিব পাৰিব।
  • পৰিচয় পত্ৰ, এটিএম, ড্ৰাইভিং চাইসেন্স, নগদ ধন নিব পাৰিব।

কি কি নিব নোৱাৰে

  • মোবাইল ফোন
  • যিকোনো ইলেক্ট্ৰনিৰ সঁজুলি বা প্ৰগ্ৰেম বল ডিভাইচ বা সংৰক্ষণ মাধ্যম ডিভাইছ যেনে- স্মাৰ্ট ঘড়ী, ইলেক্ট্ৰিক পেন, স্কেনাৰ,ব্লুটুথ ডিভাইছ আদি।
  • এয়াৰ ফোন বা মাইক্ৰফোট আদি
  • কেলকুলেটৰ, পেন ড্ৰাইভ, কাগজৰ টুকুৰা।

উল্লেখ্য যে, এইবাৰ ১৫ ছেপ্টেম্বৰ আৰু  ২৯ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব তৃতীয় বৰ্গৰ পৰীক্ষা। আনহাতে ২৭ অক্টোবৰত অনুষ্ঠিত হ’ব চতুৰ্থ বৰ্গৰ পৰীক্ষ। ৰাজ্যিক পৰ্যায়ৰ নিয়োগ আয়োগে জাৰি কৰা তথ্য অনুসৰি ১৫ ছেপ্টেম্বৰৰ পুৱা ১০.৩০ বজাৰ পৰা দিনৰ ১.৩০ বজালৈ তৃতীয় পৰ্যায়ৰ উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ তৃতীয় কাকতৰ লিখিত পৰীক্ষা অনুষ্ঠিত হ’ব। ২৯ ছেপ্টেম্বৰৰ পুৱা ৯ বজাৰ পৰা দিনৰ ১২ বজালৈ অনুষ্ঠিত হ’ব স্নাতক ডিগ্ৰী পদৰ বাবে তৃতীয় বৰ্গৰ চতুৰ্থ কাকতৰ লিখিত পৰীক্ষা।

২৯ ছেপ্টেম্বৰৰ দিনৰ ১.৩০ বজাৰ পৰা বিয়লি ৪.৩০ বজালৈ অনুষ্ঠিত হ’ব এইচ এছ এল চি পৰ্যায়ৰ চালকৰ পদৰ তৃতীয় বৰ্গৰ পঞ্চম কাকতৰ বাবে পৰীক্ষা। আনহাতে ২৭ অক্টোবৰত চতুৰ্থ বৰ্গৰ মেট্ৰিক পৰ্যায়ৰ আই আই টি উত্তীৰ্ণৰ প্ৰথম কাকতৰ পৰীক্ষা অনুষ্ঠিত হ’ব পুৱা ৯ বজাৰ পৰা ১১.৩০ বজালৈ। লগতে দিনৰ ১.৩০ বজাৰ পৰা বিয়লি ৪ বজালৈ অনুষ্ঠিত হ’ব অষ্টম শ্ৰেণীৰ উত্তীৰ্ণৰ দ্বিতীয় কাকতৰ পৰীক্ষা।

উল্লেখ কৰা প্ৰয়োজন যে, এইবাৰ পৰীক্ষাৰ বাবে ঋণাত্মক নম্বৰৰ ব্যৱস্থা আছে, ইয়াৰ পূৰ্বে এনে কোনো ব্যৱস্থা নাছিল। যাৰ বাবে প্ৰাৰ্থীসকলে OMR ত চিহ্ন দিয়াৰ ক্ষেত্ৰত সাৱধান হ’ব লাগিব।  তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ বাবে প্ৰতিটো প্ৰশ্নৰ বিপৰীতে  ০.২৫ কৈ ঋণাত্মক নম্বৰ থাকিব। অৰ্থাৎ ৪ টা প্ৰশ্ন ভুল হ’লে ১ নম্বৰ কটা যাব। পৰীক্ষাৰ প্ৰশ্ন কাকত অসমীয়া, বাংলা, ইংৰাজী, বড়ো আৰু হিন্দী ভাষাত থাকিব।

দেহৰ অতি উপকাৰী ডালিম, পিছে ডায়েবেটিছ ৰোগীৰ বাবে ই হ’ব পাৰে নেকি চিন্তাৰ কাৰণ!
ময়ূৰৰ পাখি ঘৰত ৰাখিলে কি কি সুফল পোৱা যায়? জানক সবিশেষ
পাকিস্তানৰ সমৰ্থনত থকা ৩ খন দেশ কোন কোন? য'ত ভাৰতীয় পৰ্যটকৰ সংখ্যা অধিক | Pahalgam Attack Indians go 3 countries which supported Pakistan Azerbaijan Malaysia Turkey
এয়াৰ ষ্ট্ৰাইক কেৱল নিশাহে কিয় কৰা হয়? ইয়াৰ ৫ টা সুবিধা জানক | Why Air Strike happens in the night mostly India Pakistan Tension