ADRE: তৃতীয়-চতুৰ্থ বৰ্গৰ চাকৰি দিয়াৰ নামত লাখ লাখ টকা সংগ্ৰহ অধ্যাপকৰ, ভাইৰেল VIDEO…

ADRE: ৰাজ্যত অনুষ্ঠিত হোৱা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ নামত ধন দাবী এজন অধ্যাপকৰ। গোৱালপাৰাৰ অধ্যাপকগৰাকীয়ে ধন লোৱাৰ ভিডিঅ' পোহৰলৈ অহাৰ পাছতেই এতিয়া সমগ্ৰ ৰাজ্যতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

ADRE: তৃতীয়-চতুৰ্থ বৰ্গৰ চাকৰি দিয়াৰ নামত লাখ লাখ টকা সংগ্ৰহ অধ্যাপকৰ, ভাইৰেল VIDEO...

চাকৰি দিয়াৰ নামত ধন সংগ্ৰহ

Published: 

01 Oct 2024 | 12:01 PM

ADRE ৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ নামত ধন দাবী এজন অধ্যাপকৰ। এই সন্দৰ্ভত ছ’চিয়েল মিডিয়াত এক ভিডিঅ’ ভাইৰেল হৈছে য’ত দেখিবলৈ পোৱা গৈছে যে একাংশলোকৰ পৰা এজনলোকে টকা সংগ্ৰহ কৰি আছে। অভিযোগ অনুসৰি ADRE ৰ তৃতীয় আৰু চতুৰ্থ বৰ্গত চাকৰি দিয়াৰ নামত লাখে লাখে ধন সংগ্ৰহ কৰিছে গোৱালপাৰা ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক মজবুল হক চৌধুৰীয়ে। এই ভিডিঅ’ পোহৰলৈ অহাৰ পাছতেই এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

অভিযোগ অনুসৰি এইগৰাকী অধ্যাপকে চাকৰি দিয়াৰ নামত বিভিন্ন সময়ত বহু পৰীক্ষাৰ্থীৰ পৰা টকা লৈ আহিছে। এই বিষয়টোৱে গোৱালপাৰাত যথেষ্ঠ চৰ্চা লাভ কৰিছিল যদিও হাতে- লোটে ধৰা পৰা নাছিল তেওঁ। ইয়াৰোপৰি টকা দাবী কৰা তথ্য নথকা বাবে পৰীক্ষাৰ্থীয়ে সকলেও মুকলিকৈ একো ক’ব পৰা নাছিল।  কিন্তু এতিয়া পোহৰলৈ অহা এই ভিডিঅ’ত ৰাজ্যত তোলপাৰ লগাইছে। মজবুল হক চৌধুৰী জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা APCC ৰ সদস্য অধিবক্তা আমজাদ আলীৰ পুত্ৰ।

উল্লেখ্য যে, ৰাজ্য চৰকাৰে স্বচ্ছ আৰু নিকাকৈ পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে সকলো ধৰণৰ চেষ্টায়ে কৰিছে। ইয়াৰ মাজতো সংঘটিত হোৱা এনে কিছুমান ঘটনাই পৰীক্ষাৰ মনত উদ্বিগ্নতাৰ সৃষ্টি কৰে। পৰীক্ষাৰ সময়ত যাতে কোনো ধৰণৰ বেমেজালি নহয় বা কোনোৱে অসৎ পন্থা গ্ৰহণ কৰিব নোৱাৰে তাৰ বাবে কঠোৰ হৈছিল ৰাজ্য চৰকাৰ তথা প্ৰশাসন। পৰীক্ষা কেন্দ্ৰত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰাৰ লগতে পৰীক্ষা হলত  প্ৰৱেশ কৰাৰ পূৰ্বে পৰীক্ষাৰ্থীক তালাচী চলোৱাৰ পৰা আৰম্ভ কৰি ইন্টাৰনেট পৰ্যন্ত কৰ্তন কৰা হৈছিল। পৰীক্ষাত  অসৎ পন্থা গ্ৰহণ কৰা পৰীক্ষাৰ্থীক ৩ বছৰৰ পৰা ১০ বছৰৰ কাৰাদণ্ড লগতে ১ লাখৰ পৰা ১০ কোটি টকালৈকে জৰিমণা বিহাৰ ব্যৱস্থাও আছে। কিন্তু তাৰ মাজত এনে ধৰণৰ কিছুমান বিক্ষিপ্ত ঘটনাই চিন্তাত পেলাই শিক্ষাৰ্থী সমাজক।

ৰাজ্যৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ বাবে হ’বলগীয়া পৰীক্ষা এতিয়াও বাকী আছে। ১৫ ছেপ্টেম্বৰ আৰু ২৯ ছেপ্টেম্বৰত ইতিমধ্যে অনুষ্ঠিত হৈ গৈছে তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষা। পৰৱৰ্তী পৰীক্ষা অনুষ্ঠিত হ’ব চলিত মাহত। এইবাৰ ৰাজ্যত ১২৬০০ টা পদৰ বাবে অনুষ্ঠিত হৈছে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা। ইয়াৰ বিপৰীতে পৰীক্ষাৰ বাবে আবেদন কৰিছে প্ৰায় ৩২ লাখ ছাত্ৰ- ছাত্ৰীয়ে। পৰীক্ষাৰ মাজতে পোহৰলৈ অহা ভিডিঅ’ৰ ক্ষেত্ৰত পৰৱৰ্তী সময়ত প্ৰশাসনে কি ব্যৱস্থা লয় সেয়া হ’ব লক্ষণীয়।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব