থানাই থানাই জৰিমনা বিহাৰ তথ্য! অভিনেত্ৰী নন্দিনী কাশ্যপৰ বিৰুদ্ধে লগোৱা হৈছে জামিনবিহীন ধাৰা…
অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে আৰক্ষীয়ে। লগোৱা হৈছে জামিনবিহীন গোচৰ। এই সকলো কথা স্পষ্ট কৰিছে গুৱাহাটী যান-বাহন আৰক্ষীৰ DCP জয়ন্ত সাৰথি বৰাই।

অভিনেত্ৰী নন্দিনী কাশ্যপ
অৱশেষত গ্ৰেপ্তাৰ হ’ল অভিনেত্ৰী নন্দিনী কাশ্যপ। একে সময়তে অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে আৰক্ষীয়ে। লগোৱা হৈছে জামিনবিহীন গোচৰ। ইফালে, দুৰ্ঘটনাৰ সন্দৰ্ভত আৰক্ষীক কোনো কথা অৱগত কৰা নাছিল অভিনেত্ৰী নন্দিনীয়ে। এই সকলো কথা স্পষ্ট কৰিছে গুৱাহাটী যান-বাহন আৰক্ষীৰ DCP জয়ন্ত সাৰথি বৰাই।
তেওঁ সংবাদমেল সম্বোধন কৰি কয় যে, “২৫ জুলাইৰ নিশা ওদালবাক্ৰাত সংঘটিত হৈছিল দুৰ্ঘটনা। এই দুৰ্ঘটনাটো সংঘটিত নিশা ঘটনাৰ সন্দৰ্ভত অৱগত নাছিল যান-বাহন আৰক্ষী। পিছত নন্দিনী কাশ্যপক থানালৈ মাতি সোধ-পোছ কৰি যাবলৈ দিয়া হৈছিল।”
বিষয়াগৰাকীয়ে লগতে কয়, “পুনৰ দিছপুৰ থানালৈ মাতি সোধ-পোছ কৰা হৈছিল নন্দিনী কাশ্যপক। প্ৰথম অৱস্থাত অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে যিসমূহ ধাৰা সন্নিবিষ্ট কৰা হৈছিল সেইসমূহ জামিনযোগ্য ধাৰা। ছামিউল হকৰ মৃত্যুৰ পিছত আদালতত আৰক্ষীয়ে জামিনবিহীন ধাৰা সন্নিবিষ্ট কৰা বাবে আবেদন কৰিছিল।
“প্ৰথমে গোচৰটোত দিছপুৰ থানাত 630/25 নম্বৰত 115(2)/125(b)/281 BNS ধাৰাত গোচৰ ৰুজু হৈছিল নন্দিনী বিৰুদ্ধে। শেহতীয়াকৈ 105 BNS ধাৰা গোচৰটোত সন্নিবিষ্ট কৰা হৈছে । নন্দিনী কাশ্যপে চলোৱা বাহনখন জব্দ কৰি MVI কৰি পঠোৱা হৈছিল যদিও পুনৰ বাহনখন ফৰেন্সিক পৰীক্ষাৰ বাবে জব্দ কৰা হৈছে। বাহনখনে দুচকীয়া বাহনখনত খুন্দিয়াইছিল নে নাই সেয়া পৰীক্ষা কৰা হ’ব।” এইদৰে কয় গুৱাহাটী যান-বাহন আৰক্ষীৰ উপ আয়ুক্তগৰাকীয়ে।
বিষয়াগৰাকীয়ে কয় যে, পূৰ্বে বিভিন্ন জিলাত তীব্ৰ বেগত গাড়ী চলোৱাৰ বাবে অভিনেত্ৰীগৰাকীক জৰিমনা বিহাৰ তথ্য পোৱা গৈছে। লগতে দুৰ্ঘটনাকলৈ নন্দিনীয়ে সেই নিশা আৰক্ষীৰ সৈতে কোনো ধৰণৰ যোগাযোগ নাছিল বুলি স্পষ্ট কৰি দিছে বিষয়াগৰাকীয়ে।
উল্লেখ্য যে,পূৰ্বৰ গোচৰটোত জামিনযোগ্য ধাৰা সন্নিবিষ্ট আছিল। সেয়ে দুবাৰকৈ থানালৈ অহাৰ পিছতো তেওঁক গ্ৰেপ্তাৰ কৰিব পৰা নাছিল আৰক্ষীয়ে। শেহতীয়াকৈ BNS ৰ 105 নং জামিনবিহীন ধাৰা সংযোগ কৰি তেওঁক নিশা ১:৩০ বজাত গ্ৰেপ্তাৰ কৰা হয়।
যোৱা ২৫ জুলাইৰ নিশা গুৱাহাটীৰ ৰাজপথত নন্দিনী কাশ্যপৰ বাহনৰ খুন্দাত আহত হৈছিল ছামিউল হক নামৰ যুৱকজন। ইয়াৰ পাছতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত যুৱকজন জিএমচিএইচত চিকিৎসাধীন হৈ আছিল। কিন্তু যোৱা কালি যুৱকজনে চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে।