আছিল ফিক্সড ৰেট! কোনটো কামৰ বাবদ কিমান টকা লৈছিল নূপুৰে, চাওক তালিকা…
গ্ৰেপ্তাৰৰ পাছতে আজি আদালতত হাজিৰ কৰোৱা হয় ACS নূপুৰ বৰাক। নূপুৰ সন্দৰ্ভত প্ৰতিটো সময়তে ন ন তথ্য পোহৰলৈ আহিছে। তথ্য অনুসৰি, প্ৰতিটো কামৰ বাবদ নূপুৰৰ এটা নিৰ্দিষ্ট ৰেট আছিল।

নূপুৰ বৰা
বৰ্তমান সময়ত চৰ্চাত থকা এটি নাম নূপুৰ বৰা। ২০১৯ চনত চাকৰিত যোগদান কৰা নূপুৰ পৰাই কৰ্মজীৱনত আয় বহিৰ্ভূত গঢ়িছিল সম্পত্তিৰ পাহাৰ। ১৫ ছেপ্টেম্বৰৰ দিনটোত চি এম ভিজিলেন্সে ৪ টাকৈ স্থানত অভিযান চলাই নূপুৰৰ বহু সা-সম্পত্তি, সোণ-হীৰাৰ আ-অলংকাৰ আদি জব্দ কৰে। এই কাণ্ডত গ্ৰেপ্তাৰ হয় নূপুৰৰ লগতে লাট মণ্ডল সুৰজিত ডেকা। আজি দুয়োকে আদালতত হাজিৰ কৰাই ভিজিলেন্সে।
তথ্য অনুসৰি নূপুৰৰ বাসগৃহৰ পৰা ভিজিলেন্সে ১৪ ডাল সোণৰ চেইন উদ্ধাৰ কৰিছে। লগতে ২ ডাল হীৰাৰ নেকলেছ, ১৫টা হীৰাৰ আঙঠি, ৩ ডাল হীৰাৰ ব্ৰেছলেটত উদ্ধাৰ কৰিছে। ইয়াৰোপৰি গুৱাহাটীৰ ৩টা ঠাইত ফ্লেট আৰু ২ট ঠাইত মাটি আছে নূপুৰৰ। জানিব পৰা মতে, মালিগাঁৱৰ গোটানগৰস্থিত ছাইন শান্তি গ্ৰীণো এপাৰ্টমেণ্টৰ পঞ্চম মহলাৰ 5A ফ্লেটত অভিযান চলাই ভিজিলেন্সে ৮১,৮৩,২০০ টকাৰ লগতে প্ৰায় ২ কোটি টকাৰ সোণৰ আ-অলংকাৰ জব্দ কৰে। ইফালে বৰপেটাৰ নূপুৰৰ ভাড়াঘৰৰ পৰা জব্দ কৰে প্ৰায় ১০,৬৭,২০০ টকা। দুয়োটা স্থানৰ পৰা মুঠ ৯২,৫০,৮০০ টকা জব্দ হয়।
নূপুৰে আয়তকৈ ৪১৬.২৬ শতাংশ বেছি সম্পত্তি গঢ়ি তুলিছিল। পিছে প্ৰশ্ন হয়, চাকৰিৰ প্ৰায় ৬টা বছৰতেই ইমান সম্পত্তিৰ পাহাৰ কেনেকৈ গঢ়িলে নূপুৰে? তথ্য অনুসৰি নূপুৰে প্ৰতিটো কামৰ বিনিময়ত বেলেগ বেলেগ পৰিমাণৰ ধন লৈছিল। ইয়াৰ বাবে তেওঁৰ মাৰ্কেটত আছিল বিশেষ ৰেট।
নূপুৰে বিভিন্ন কামৰ বাবে বিভিন্নজনৰ পৰা লোৱা টকাৰ পৰিমাণবোৰ আছিল এনেধৰণৰ-
- চিঠাৰ নামজাৰিঃ ৩০ ৰ পৰা ৪০ হাজাৰ টকা।
- উত্তৰাধিকাৰি নামজাৰি- ৭ৰ পৰা১০ হাজাৰ টকা।
- মাটি কিনা-বেচাৰ অনুমতি- ১৫ ৰ পৰা ৪০ হাজাৰ টকা।
- অটোমিউনেশ্যন- ৭ ৰ পৰা ১৫ হাজাৰ টকা।
- ওৱাৰিছ সূত্ৰে নামজাৰি- ৩০ ৰ পৰা ৪০ হাজাৰ টকা।
- বাটোৱাৰা- ১৫-২০ হাজাৰ টকা।
- ম্যাদীকৰণ- ২০-২৫ হাজাৰ টকা।
- নামকৰ্তন বা বাহাৰ- ১.৫ লাখৰ পৰা ২ লাখ পৰ্যন্ত।
- মাটিৰ কালি সংশোধন- ৭০ হাজাৰৰ পৰা ১ লাখ টকা।
- নাম শুধৰণি- ২০ ৰ পৰা ৩০ হাজাৰ টকা।
- লেণ্ড হল্ডিং- ১৫০০ৰ পৰা ২ হাজাৰ টকা।
এই তথ্য প্ৰকাশ কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। জানিব পৰা মতে, নূপুৰে প্ৰথমে কাৰ্বি আংলঙত কাম কৰিছিল, পাছত তেওঁ বৰপেটা আৰু শেহতীয়াকৈ গৰৈমাৰীত ৰাজহ চক্ৰ বিষয়া হিচাপে যোগদান কৰিছিল। কৃষক মুক্তিৰ এখন পত্ৰত উন্মোচন হৈছে যে কেনেকৈ নূপুৰে লাখ লাখ টকাৰ ঘোচ লৈছিল।
এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনাইছে যে প্ৰায় ৬ মাহ ধৰি নূপুৰ ভিজিলেন্সৰ নজৰত আছিল। এমাহ পূৰ্বে নূপুৰ গুৱাহাটীলৈ বদলি হৈ আহিছিল। উল্লেখ্য যে, বৰপেটাত থকাৰ সময়ত নূপুৰক এই সমগ্ৰ কাণ্ডত সহায় কৰিছিল সুৰজিত ডেকাই। এই সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান তদন্ত অব্যাহত আছে। তদন্তৰ অন্তত অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।
অন্য খবৰ পঢ়কঃ আটক ACS নুপুৰ বৰা! প্ৰায় ১কোটি টকা, সোণ-হীৰা…অভিযান চলাই কি কি জব্দ কৰিলে চি এম ভিজিলেন্সে…