শিক্ষক সংগঠনৰে সৈতে বৈঠক আছুৰঃ অৱসৰী শিক্ষক নিযুক্তিৰ বিৰোধিতা, শিক্ষাবৰ্ষ সলনিৰ দাবী
বৈঠকত আছু আৰু শিক্ষক সংগঠসমূহে ৰাজ্যৰ আদৰ্শ মহাবিদ্যালয়সমূহত ৰাজ্য চৰকাৰে অৱসৰী শিক্ষক নিযুক্তিৰ বাবে যি সিদ্ধান্ত গ্ৰহণ কৰিছে, সেয়া বাতিল কৰিব লাগিব বুলি দাবী উত্থাপন কৰিছে। লগতে আদৰ্শ মহাবিদ্যালয়ত সহযোগী অধ্যাপকৰ পদ সৃষ্টি কৰিব লাগিব বুলি বৈঠকত প্ৰস্তাৱ গ্ৰহণ কৰা হয়।

শিক্ষক সংগঠনৰ সৈতে আছুৰ বৈঠক
ৰাজ্যৰ ৯টা শিক্ষক সংগঠনৰ সৈতে আজি এক বিশেষ বৈঠকত মিলিত হয় সদৌ অসম ছাত্ৰ সন্থা। গুৱাহাটী মহানগৰীৰ হোটেল প্ৰাগ কণ্টিনেণ্টেলত এই বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত আছুৰ লগতে শিক্ষক সংগঠনকেইটাই ৰাজ্যৰ আদৰ্শ মহাবিদ্যালয়সমূহত অৱসৰী শিক্ষক নিযুক্তি দিয়াৰ বিৰোধিতা কৰে। সদৌ অসম ছাত্ৰ সন্থাই এই বৈঠকত শিক্ষক সংগঠনসমূহৰ সৈতে কেইবাটাও বিষয়ত আলোচনা কৰে। আছু আৰু শিক্ষক সংগঠনসমূহৰ এই বৈঠকত সৰ্বসন্মতি ক্ৰমে কেইবাটাও প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে।
বৈঠকত আছু আৰু শিক্ষক সংগঠসমূহে ৰাজ্যৰ আদৰ্শ মহাবিদ্যালয়সমূহত ৰাজ্য চৰকাৰে অৱসৰী শিক্ষক নিযুক্তিৰ বাবে যি সিদ্ধান্ত গ্ৰহণ কৰিছে, সেয়া বাতিল কৰিব লাগিব বুলি দাবী উত্থাপন কৰিছে। লগতে আদৰ্শ মহাবিদ্যালয়ত সহযোগী অধ্যাপকৰ পদ সৃষ্টি কৰিব লাগিব বুলি বৈঠকত প্ৰস্তাৱ গ্ৰহণ কৰা হয়।
এই সহযোগী অধ্যাপকৰ পদ সমূহত শিক্ষিত নিবনুৱা যুৱক–যুৱতীক নিযুক্তি দিয়াৰ দাবী উত্থাপন কৰে আছু আৰু শিক্ষক সংগঠনসমূহে। ইফালে চৰকাৰে যদি অৱসৰী শিক্ষকৰ অভিজ্ঞতা অপৰিহাৰ্য বুলি বিবেচনা কৰে, তেতিয়াহ’লে মেণ্টৰ বা গেষ্ট ফেকাল্টি হিচাপে নিযুক্তি দিয়ক বুলিও প্ৰস্তাৱ আগবঢ়াইছে।
সমান্তৰালকৈ আদৰ্শ মহাবিদ্যালয়ত নতুনকৈ নিযুক্তি লাভ কৰা শিক্ষকৰ তিনি বছৰীয়া প্ৰবেজনৰ পৰিৱৰ্তে UGCৰ নীতি নিয়ম অনুসৰি দৰমহা আৰু স্থায়ী নিযুক্তিৰ দাবী তুলিছে আছু আৰু বৈঠকৰ অংশীদাৰ সংগঠনসমূহে। লগতে IQAC বা NAACৰ কাম কাজৰ বাবে বিশেষ শৈক্ষিক বিষয়া নিযুক্তিৰ দাবী তোলা হৈছে।
ইফালে বৈঠকৰ পিছতে আছুৰ সভাপতি উৎপল শৰ্মাই সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰে। আছুৰ সভাপতিগৰাকীয়ে শিক্ষাবৰ্ষ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। তেওঁ কয়, অসমৰ শিক্ষাবৰ্ষ সলনি হ’ব লাগে বুলি আছুৱে পূৰ্বৰ পৰাই কৈ আহিছে। শিক্ষাবৰ্ষ পূৰ্বৰ দৰেই জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ হ’ব লাগে বুলি তেওঁ মন্তব্য কৰে।
এই দাবীৰ সমৰ্থনত আছুৰ সভাপতিগৰাকীয়ে অসমৰ ভৌগোলিক পৰিৱেশ আন ৰাজ্যৰ দৰে নহয় বুলি যুক্তি দৰ্শায়। শিক্ষাবৰ্ষ সলনি সন্দৰ্ভত চৰকাৰে এখন কমিটি গঠন কৰি দিছে যদিও এই কমিটীৰ কাম ত্বৰান্বিত কৰিব লাগে বুলিও চৰকাৰৰ ওচৰত দাবী জনায় আছুৰ সভাপতি উৎপল শৰ্মাই।