শিৱসাগৰত আছুৰ দুদিনীয়া সাধাৰণ সভা; নিৰ্বাচিত হ’ব নতুন সাধাৰণ সম্পাদক

সোমবাৰৰ পৰা শিৱসাগৰত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা আছুৰ সাধাৰণ সভাতে নিৰ্বাচন কৰা হ'ব নতুন সাধাৰণ সম্পাদক । কোন হ'ব আছুৰ পৰৱৰ্তী সাধাৰণ সম্পাদক ?

শিৱসাগৰত আছুৰ দুদিনীয়া সাধাৰণ সভা; নিৰ্বাচিত হব নতুন সাধাৰণ সম্পাদক

আছুৰ সাধাৰণ সভা

Published: 

27 Jan 2025 12:54 PM

সোমবাৰৰ পৰা শিৱসাগৰত অনুষ্ঠিত হৈছে সদৌ অসম ছাত্ৰসন্থাৰ সাধাৰণ সভা । শিৱসাগৰৰ ঐতিহাসিক তলাতল ঘৰৰ প্ৰাংগণত চাওলুং ছ্যুকাফা সমন্বয় ক্ষেত্ৰত দুদিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে আছুৰ সাধাৰণ সভা । এই সভাতেই নিৰ্বাচন কৰা হ’ব সদৌ অসম ছাত্ৰ সন্থাৰ পৰৱৰ্তী সাধাৰণ সম্পাদক ।

উল্লেখ্য আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে এগৰাকী যুৱতীয়ে প্ৰতাৰণাৰ অভিযোগ উত্থাপন কৰাৰ পাচতেই তেওঁ আছুৰ সাধাৰণ সম্পাদকৰ পদৰ লগতে সাধাৰণ সদস্যৰ পদৰ পৰাও অব্যাহতি লৈছিল । সংগঠন পৰিচালনাৰ স্বাৰ্থত সেইসময়ত আছু নেতৃত্বই চাৰ্জুন হান্সেক সাময়িকভাৱে আছুৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক হিচাপে নিযুক্তি দিছিল । কিন্তু শিৱসাগৰত অনুষ্ঠিত এই অধিৱেশনতে নতুন এজন আছু নেতাক সাধাৰণ সম্পাদকৰ দায়িত্ব অৰ্পন কৰিব নেতৃত্বই ।

সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সভা

সোমবাৰে পুৱা সমন্বয় ক্ষেত্ৰ মুকলি, পতাকা উত্তোলন, শ্বহীদ তৰ্পন আদি কাৰ্যসূচীসমূহ অনুষ্ঠিত হয় । তাৰ পাছতেই সাংস্কৃতিক অভিবাদন অনুষ্ঠান মুকলি কৰে আছুৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই । অনুষ্ঠানৰ সৈতে সংগতি ৰাখি সদৌ অসম ভিত্তিত কুইজ আৰু বক্তৃতা প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে ।

সোমবাৰে দুপৰীয়া অনুষ্ঠিত হ’বলগীয়া প্ৰতিনিধি সভাতে নিৰ্বাচিত কৰা হ’ব সদৌ অসম ছাত্ৰসন্থাৰ নতুন সাধাৰণ সম্পাদকগৰাকীক । কিছুদিন পূৰ্বে আছুৰ সহকাৰী সাধাৰণ সম্পাদকৰূপে স্থান লাভ কৰা শিৱসাগৰৰ সমীৰণ ফুকন ছাত্ৰ সংগঠনটোৰ পৰৱৰ্তী সাধাৰণ সম্পাদক হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে ।

সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সভা

আছুৰ সাধাৰণ সভাত সোমবাৰে সন্ধিয়া আয়োজন কৰা সাংস্কৃতিক অনুষ্ঠানত গীত পৰিৱেশন কৰিব মানস ৰবীন, দীপলিনা ডেকা আৰু আচুৰ্য বৰপাত্ৰই । মঙলবাৰে পুৱা অনুষ্ঠিত হ’ব সাংস্কৃতিক শোভাযাত্ৰা । ইয়াৰ লগতে স্মৃতিগ্ৰন্থ উন্মোচন আৰু সদৌ অসম ভিত্তিত আবৃত্তি প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হ’ব । সন্ধিয়াৰ সাংস্কৃতিক অনুষ্ঠানত গীত পৰিৱেশন কৰিব জুবিন গাৰ্গে ।

মাছ-মাংস নহ’লেও কথা নাই, এই ৫ বিধ ফলেই দেহত পূৰ কৰে প্ৰটিনৰ অভাৱ
প্ৰতিদিনে খাওক গুড়, পাব জটিল ৰোগৰ পৰা মুক্তি!
শীতকালত কাহ আৰু ডিঙিৰ বিষে অশান্তি কৰিছে নেকি? সহজ উপায়েৰে ঘৰতে দূৰ কৰক সমস্যা
গাখীৰৰ সৈতে মিহলাই লওক এই ৫ বিধ খাদ্য, লাভ কৰিব অপৰিসীম সুফল
পশ্চিম কাৰ্বি আংলঙত সেনা-আৰক্ষীৰ ফ্লেগ মাৰ্চ...
নগাঁৱত কুঁৱলীৰ শুভ্ৰ আচ্ছাদন...
গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া
অসমত বৰ্তমান ৪০শতাংশ বাংলাদেশী মূলৰ লোক আছেঃ মুখ্যমন্ত্ৰী