শিৱসাগৰত আছুৰ দুদিনীয়া সাধাৰণ সভা; নিৰ্বাচিত হ’ব নতুন সাধাৰণ সম্পাদক

সোমবাৰৰ পৰা শিৱসাগৰত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা আছুৰ সাধাৰণ সভাতে নিৰ্বাচন কৰা হ'ব নতুন সাধাৰণ সম্পাদক । কোন হ'ব আছুৰ পৰৱৰ্তী সাধাৰণ সম্পাদক ?

শিৱসাগৰত আছুৰ দুদিনীয়া সাধাৰণ সভা; নিৰ্বাচিত হব নতুন সাধাৰণ সম্পাদক

আছুৰ সাধাৰণ সভা

Published: 

27 Jan 2025 | 12:54 PM

সোমবাৰৰ পৰা শিৱসাগৰত অনুষ্ঠিত হৈছে সদৌ অসম ছাত্ৰসন্থাৰ সাধাৰণ সভা । শিৱসাগৰৰ ঐতিহাসিক তলাতল ঘৰৰ প্ৰাংগণত চাওলুং ছ্যুকাফা সমন্বয় ক্ষেত্ৰত দুদিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে আছুৰ সাধাৰণ সভা । এই সভাতেই নিৰ্বাচন কৰা হ’ব সদৌ অসম ছাত্ৰ সন্থাৰ পৰৱৰ্তী সাধাৰণ সম্পাদক ।

উল্লেখ্য আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে এগৰাকী যুৱতীয়ে প্ৰতাৰণাৰ অভিযোগ উত্থাপন কৰাৰ পাচতেই তেওঁ আছুৰ সাধাৰণ সম্পাদকৰ পদৰ লগতে সাধাৰণ সদস্যৰ পদৰ পৰাও অব্যাহতি লৈছিল । সংগঠন পৰিচালনাৰ স্বাৰ্থত সেইসময়ত আছু নেতৃত্বই চাৰ্জুন হান্সেক সাময়িকভাৱে আছুৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক হিচাপে নিযুক্তি দিছিল । কিন্তু শিৱসাগৰত অনুষ্ঠিত এই অধিৱেশনতে নতুন এজন আছু নেতাক সাধাৰণ সম্পাদকৰ দায়িত্ব অৰ্পন কৰিব নেতৃত্বই ।

সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সভা

সোমবাৰে পুৱা সমন্বয় ক্ষেত্ৰ মুকলি, পতাকা উত্তোলন, শ্বহীদ তৰ্পন আদি কাৰ্যসূচীসমূহ অনুষ্ঠিত হয় । তাৰ পাছতেই সাংস্কৃতিক অভিবাদন অনুষ্ঠান মুকলি কৰে আছুৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই । অনুষ্ঠানৰ সৈতে সংগতি ৰাখি সদৌ অসম ভিত্তিত কুইজ আৰু বক্তৃতা প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে ।

সোমবাৰে দুপৰীয়া অনুষ্ঠিত হ’বলগীয়া প্ৰতিনিধি সভাতে নিৰ্বাচিত কৰা হ’ব সদৌ অসম ছাত্ৰসন্থাৰ নতুন সাধাৰণ সম্পাদকগৰাকীক । কিছুদিন পূৰ্বে আছুৰ সহকাৰী সাধাৰণ সম্পাদকৰূপে স্থান লাভ কৰা শিৱসাগৰৰ সমীৰণ ফুকন ছাত্ৰ সংগঠনটোৰ পৰৱৰ্তী সাধাৰণ সম্পাদক হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে ।

সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সভা

আছুৰ সাধাৰণ সভাত সোমবাৰে সন্ধিয়া আয়োজন কৰা সাংস্কৃতিক অনুষ্ঠানত গীত পৰিৱেশন কৰিব মানস ৰবীন, দীপলিনা ডেকা আৰু আচুৰ্য বৰপাত্ৰই । মঙলবাৰে পুৱা অনুষ্ঠিত হ’ব সাংস্কৃতিক শোভাযাত্ৰা । ইয়াৰ লগতে স্মৃতিগ্ৰন্থ উন্মোচন আৰু সদৌ অসম ভিত্তিত আবৃত্তি প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হ’ব । সন্ধিয়াৰ সাংস্কৃতিক অনুষ্ঠানত গীত পৰিৱেশন কৰিব জুবিন গাৰ্গে ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...