গ্ৰেপ্তাৰ আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা, পেট্ৰ’ল পাম্প দখলৰ চেষ্টাৰ অভিযোগ…
Sankar jyoti baruah: গ্ৰেপ্তাৰ হ'ল আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা। পেট্ৰ'ল পাম্পত সংঘটিত মাৰপিটৰ ঘটনাক কেন্দ্ৰ কৰি গ্ৰেপ্তাৰ বৰুৱা।

শংকৰজ্যোতি বৰুৱা
অৱশেষত গ্ৰেপ্তাৰ হ’ল আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা। দেওবাৰে নিশা ডিব্ৰুগড় আৰক্ষীয়ে দুলীয়াজানৰ ঘৰৰ পৰা বৰুৱাক আটক কৰিছিল। তাৰ পাছতে আৰক্ষীয়ে ১০টাকৈ ধাৰাত গোচৰ ৰুজু কৰি সোমবাৰে গ্ৰেপ্তাৰ কৰে তেওঁক। তথ্য অনুসৰি, দুলীয়াজান থানাত ৯০/২৫ নম্বৰৰ ৰুজু হোৱা গোচৰৰ ভিত্তিত ভাৰতীয় ন্যায় সংসিতাৰ অধীনত আৰক্ষীয়ে 196(1)(A) /196(1) (B)/197(1) (B) /197(1) (C)/197(1) (D) / 3(5) / 352/ 353(1) (B) /353(1) (C) / 353(2) ধাৰা আৰোপ কৰি গ্ৰেপ্তাৰ কৰিছে ছাত্ৰ নেতাগৰাকীক। গ্ৰেপ্তাৰৰ পাছতে তেওঁক আদালতত হাজিৰ কৰোৱা হয়।
অভিযোগ অনুসৰি, এটা পেট্ৰ’ল পাম্প বলপূৰ্বকভাৱে দখল কৰিবলৈ চেষ্টা কৰিছিল সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদকগৰাকীয়ে। দুলীয়াজানৰ মাজমজিয়াত থকা এই পেট্ৰ’ল পাম্পটোক কেন্দ্ৰ কৰিয়ে শনিবাৰ তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছিল। শনিবাৰে দুলীয়াজান আৰক্ষী থানাত কাষতে অৱস্থিত বি.এন.সিঙ পেট্ৰ’ল পাম্প চাৰ্ভিচ ষ্টেচনত তিনিটা ফৈদৰ মাজত মাৰপিটৰ ঘটনা সংঘটিত হৈছিল। এই ঘটনাত পে’ট্ৰল পাম্পটোৰ কৰ্মচাৰী তানু চাহি,নৱজিৎ চাহি,ৰাজ সিং আৰু অজয় যাদৱ আহত হৈছিল।
জানিব পৰা মতে, এই পে’ট্ৰল পাম্পটো দীৰ্ঘদিন ধৰি ৰাজ কিশোৰ সিঙে লিজত চলাই আছিল। কিন্তু ৰাজ কিশোৰে স্বত্বাধিকাৰিক ধন দিব নোৱাৰাত ২৬ এপ্ৰিলত কিৰণ চাহি নামৰ মহিলা গৰাকীক লীজত দিয়ে। ইফালে একাংশ ব্যৱসায়ী আৰু দল-সংগঠনৰ পৰা বৃহৎ সংখ্যক ধন সংগ্ৰহ কৰি তেল ডিপোটো চলাইছিল পূৰ্বৰ ব্যৱসায়ী ৰাজ কিশোৰ সিঙে।
গতিকে শনিবাৰে দুটা ফৈদে প্ৰাপ্য বিচাৰি পেট্ৰল পাম্পটোত উপস্থিত হয় আৰু নতুনকৈ লীজক হোৱা কিৰণৰ সৈতে কাজিয়াত লিপ্ত হয়। পৰৱৰ্তী সময়ত কাজিয়া মাৰপিটলৈ ৰূপান্তৰিত হয়। এই সমগ্ৰ ঘটনাত নাম সাঙোৰ খাইছে শংকৰজ্যোতি বৰুৱাৰ। অভিযোগ অনুসৰি শংকৰ জ্যোতি বৰুৱাই এই মাৰপিটৰ ঘটনা সংঘটিত কৰিছিল।
ইয়াৰ পাছতে আটক হৈছিল শংকৰজ্যোতি বৰুৱা। প্ৰথম অৱস্থাত আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদকগৰাকীয়ে কৈছিল যে, তেওঁ মাৰপিটৰ ঘটনাত জড়িত নাছিল । তেওঁ কেৱল কাজিয়া ভাঙিবলৈহে গৈছিল। কিন্তু আৰক্ষীয়ে জেৰা কৰাৰ অন্তত আজি তেওঁ গ্ৰেপ্তাৰ হয়। এই সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান তদন্ত অব্যাহত আছে। তদন্তৰ অন্তত অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।
উল্লেখ্য যে, বিগত কেইটামান মাহ ধৰি এটাৰ পাছত আনটো বিতৰ্কত সোমাই গৈছে শংকৰজ্যোতি বৰুৱা। এগৰাকী যুৱতীয়ে শংকৰজ্যোতি বৰুৱাৰ ওপৰত বহু গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল। তাৰ পাছতে তেওঁ আছুৰ সাধাৰণ সম্পাদকৰ পদৰ লগতে সদস্যৰ পৰা পদত্যাগ কৰিছিল। এতিয়া এইগৰাকী শংকৰজ্যোতি বৰুৱাই আন এক বিতৰ্কত সোমাই পৰিছে।
অন্য খবৰ পঢ়কঃ মুখ্যমন্ত্ৰীৰ মানসিক স্বাস্থ্যক লৈ মই চিন্তিত, তেওঁ যি চিত্ৰনাট্য অনুসৰণ কৰিছে সেয়া B গ্ৰেডৰ ছবিতকৈও বেয়াঃ গৌৰৱ গগৈ