দুৰ্নীতিৰ অভিযোগ উত্থাপন হোৱাৰ পাছতেই আছু এৰি বিজেপিত যোগদান অৱনী কুমাৰ গগৈৰ

এই দুয়োটা কেলেংকাৰীৰ বিৰুদ্ধে ছাত্ৰ সন্থাৰ তদন্তৰ ভয়ত তাৎক্ষণিকভাৱে আছু ত্যাগ কৰি বিজেপিত যোগদান কৰাৰ অভিযোগ উত্থাপন হৈছে অৱনী কুমাৰ গগৈৰ বিৰুদ্ধে। ছাত্ৰ সন্থাই জনাই যে সোমবাৰে এই ঘটনা সন্দৰ্ভত সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাই এজাহাৰ দাখিল কৰিব।

দুৰ্নীতিৰ অভিযোগ উত্থাপন হোৱাৰ পাছতেই আছু এৰি বিজেপিত যোগদান অৱনী কুমাৰ গগৈৰ

অৱনী কুমাৰ গগৈ

Published: 

01 Sep 2024 | 08:01 PM

ডিব্ৰুগড় জিলা আছু সদ্য পদত্যাগী অৱনী কুমাৰ গগৈৰ বিজেপিত যোগদান।  দেওবাৰে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰা গগৈক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দলীয় গামোচা পিন্ধাই দললৈ আদৰে। দলত যোগদান কৰাৰ পাছতেই তেওঁৰ ফটো ছ’চিয়েল মিডিয়াই ভাইৰেল হৈ পৰিছে।  ইয়াৰ মাজতে সদৌ অসম ছাত্ৰ সন্থাই অৱনী কুমাৰ গগৈৰ বিৰুদ্ধে এক গুৰুতৰ অভিযোগ উত্থাপন কৰে।

আছুই অভিযোগ উত্থাপন কৰা অনুসৰি, বি.চি.পি.এলে ডিব্ৰুগড় জিলাৰ উপায়ুক্তৰ যোগেদি সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাই স্থাপন কৰি থকা ডিজিটেল লাইব্ৰেৰীৰ বাবে ১০ লাখ টকাৰ পুঁজি আগবঢ়াইছিল ৷ সেই পুঁজিৰ দায়িত্বত আছিল অবনী কুমাৰ গগৈ ৷ উক্ত পুঁজিৰ কেলেংকাৰীৰ লগত অৱনী কুমাৰ গগৈ জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে ৷ অন্য এক কেলেংকাৰী কাণ্ডতো অৱনী কুমাৰ গগৈৰ নাম সাঙোৰ খাইছিল। অভিযোগ অনুসৰি নামৰূপ আঞ্চলিক ছাত্ৰ সন্থাৰ পুৰণি কাৰ্যালয়টো ভাঙি নতুনকৈ নিৰ্মাণ কৰিব বুলি অবনী কুমাৰ গগৈয়ে ইতিমধ্যে বহু ঠাইৰ পৰা ধন সংগ্ৰহ কৰিছিল।

এই দুয়োটা কেলেংকাৰীৰ বিৰুদ্ধে ছাত্ৰ সন্থাৰ তদন্তৰ ভয়ত তাৎক্ষণিকভাৱে আছু ত্যাগ কৰি বিজেপিত যোগদান কৰাৰ অভিযোগ উত্থাপন হৈছে অৱনী কুমাৰ গগৈৰ বিৰুদ্ধে। ছাত্ৰ সন্থাই জনাই যে সোমবাৰে এই ঘটনা সন্দৰ্ভত সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাই এজাহাৰ দাখিল কৰিব।

উল্লেখ্য যে, ২৮ আগষ্টত সদৌ অসম ছাত্ৰ সন্থাৰ পৰা অব্যাহতি লৈছিল অৱনী কুমাৰ গগৈয়ে।  তাৰ পাছতে ৰহস্যজনকভাৱে ২৯ আগষ্টৰ পুৱা নিৰুদ্দেশ হৈছিল যুৱকজন আৰু পৰৱৰ্তী সময়ত সন্ধান পোৱা গৈছিল গুৱাহাটীত। এই ঘটনাক্ৰমৰ পাছতেই আজি সদ্য পদত্যাগী ডিব্ৰুগড় জিলা আছুৰ সভাপতিগৰাকীয়ে যোগদান কৰিলে বিজেপিত।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...