আদানি গোষ্ঠীক ৯ হাজাৰ বিঘা ভূমি আবন্টনৰ বিৰুদ্ধে আপৰ সংবাদমেল

আজি গুৱাহাটীৰ গণেশগুৰিস্থিত আপৰ ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদমেলত দলৰ নেত্ৰীগৰাকীয়ে কয়, 'বৰ্তমানৰ চৰকাৰে ডিমা হাছাও জিলাৰ খিলঞ্জীয়া জনসাধাৰণক নিজৰ ভেটি-মাটিৰ পৰা উচ্ছেদ কৰি সেই মাটি পুঁজিপতিক গতাই দিব বিচাৰিছে।'

আদানি গোষ্ঠীক ৯ হাজাৰ বিঘা ভূমি আবন্টনৰ বিৰুদ্ধে আপৰ সংবাদমেল

সংবাদমেলত পুনম গগৈৰ মন্তব্য

Published: 

02 Oct 2024 20:32 PM

ডিমা হাছাও জিলাৰ উমৰাংছুত প্ৰাকৃতিক পৰিৱেশ বিনষ্ট কৰি এটাৰ পাছত আনটো চিমেন্ট কাৰখানা স্থাপনৰ বিৰুদ্ধে সৰৱ আম আদমী পাৰ্টিৰ মুখপাত্ৰ পুনম গগৈ। আজি গুৱাহাটীৰ গণেশগুৰিস্থিত আপৰ ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদমেলত দলৰ নেত্ৰীগৰাকীয়ে কয়, বৰ্তমানৰ চৰকাৰে ডিমা হাছাও জিলাৰ খিলঞ্জীয়া জনসাধাৰণক নিজৰ ভেটি-মাটিৰ পৰা উচ্ছেদ কৰি সেই মাটি পুঁজিপতিক গতাই দিব বিচাৰিছে। উমৰাংছুৰ ৯ হাজাৰ বিঘা মাটি গুজৰাটৰ ব্যৱসায়ী গৌতম আদানিৰ চিমেন্ট কাৰখানা স্থাপনৰ বাবে আবন্টন দিছে। উমৰাংছু অঞ্চলৰ ডিমাছা, কুকি, কাৰ্বি আদি জনগোষ্ঠীৰ শ শ পৰিয়ালক উচ্ছেদ কৰি পুঁজিপতিৰ স্বাৰ্থ সিদ্ধি কৰিব বিচাৰিছে। এটা কথাত বিজেপিৰ ঘনিষ্ঠ গুজৰাটী বনিয়াৰ হাতত বিজেপি চৰকাৰে খিলঞ্জীয়াৰ জাতি- মাটি – ভেটি বিক্ৰী কৰিবলৈ ওলাইছে। আমি আম আদমী পাৰ্টিয়ে চৰকাৰৰ খিলঞ্জীয়া বিৰোধী পদক্ষেপৰ তীব্ৰ বিৰোধিতা কৰিছোঁ।

সংবাদমেলত পুনম গগৈয়ে ডিমা হাছাও জিলাক উত্তৰ পূৰ্বাঞ্চলৰ ছুইজাৰলেণ্ডৰ সৈতে তুলনা কৰি অঞ্চলটোৰ মনোমোহা প্ৰাকৃতিক পৰিবেশৰ ওপৰত ভিত্তি কৰি পৰ্যটন উদ্যোগ গঢ়ি তুলিবলৈ দাবী জনায়। আনহাতে, অসমৰ ভূগৰ্ভত থকা প্ৰাকৃতিক গেছ উদ্ঘাটন আৰু তেল খননৰ বাবে হোলোঙাপাৰ গিবন অভয়াৰণ্য বেদান্ত গ্ৰুপক গতাই দিয়াৰ বিৰুদ্ধেও সৰৱ হয় আপৰ নেত্ৰী গৰাকী।

প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাৰ স্বাৰ্থত দুষ্প্ৰাপ্য হলৌ বান্দৰৰ বাসভূমি গিবন অভয়াৰণ্যত খননৰ পৰিকল্পনা প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনায়। ইপিনে, ৰাজ্য চৰকাৰে হকে-বিহকে চলোৱা উচ্ছেদ অভিযানৰো তীব্ৰ বিৰোধিতা কৰে পুনম গগৈয়ে। শেহতীয়া ভাৱে উচ্ছেদৰ বলি হোৱা সোণাপুৰৰ কচুতলীৰ ৪৭ টা পৰিয়ালে উচ্চতম ন্যায়ালয়ত দাখিল কৰা আবেদনৰ ভিত্তিত ন্যায়ালয়ে অসম চৰকাৰলৈ আদালত অৱমাননাৰ জাননী প্ৰেৰণ কৰে। এই সন্দৰ্ভত আপৰ নেত্ৰী গৰাকীয়ে চৰকাৰৰ উচ্ছেদৰ ৰাজনীতিৰ বিৰোধিতা কৰি কয় যে কোনো ধৰণৰ পুনৰ্বাসন বা পুনৰসংস্থাপনৰ ব্যৱস্থা নকৰাকৈ চৰকাৰে উচ্ছেদ বন্ধ কৰা উচিত। সংবাদমেলত আপৰ নেত্ৰী মিতালী গগৈ আৰু যুৱ নেতা লক্ষ্যজিৎ গগৈয়ো উপস্থিত থাকে।

 

 

 

Related Stories
প্ৰধানমন্ত্ৰীৰ উত্তৰ-পূব ভ্ৰমণৰ পৰা কংগ্ৰেছৰ সমালোচনালৈ…পঢ়ক দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ
প্ৰধানমন্ত্ৰী মোদীৰ এই সন্মান কেতিয়াও নাপাহৰে অসমবাসীয়ে, ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানত কি ক’লে মুখ্যমন্ত্ৰীয়ে?
ভূপেন হাজৰিকাৰ গীতে ভাৰতক একত্ৰিত কৰিছে: খানাপাৰাত প্ৰধানমন্ত্ৰীয়ে আৰু কি কি ক’লে?
থাকিব একাধিক নাগৰিককেন্দ্ৰিক কাৰ্যসূচী ! “সেৱা সপ্তাহ”ৰ প্ৰস্তুতি পৰ্যালোচনা মুখ্যমন্ত্ৰীৰ
দুদিনীয়া ভ্ৰমণসূচীৰে অসমত প্ৰধানমন্ত্ৰী মোদী, সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানৰ বাবে খানাপাৰাত উপস্থিত…
ভূপেন হাজৰিকাৰ জীৱন ভিত্তিক গ্ৰন্থখন আজিৰ প্ৰজন্মৰ বাবে প্ৰাসংগিক: অনুৰাধা শৰ্মা পূজাৰী
পুৱাৰ এইকেইটা অভ্যাসে জীৱনত সফল হোৱাত সহায় কৰে, জানক...
এয়া এক স্বাভাৱিক প্ৰবৃত্তি, কোনসকল পুৰুষৰ প্ৰতি মহিলাসকল বেছি আকৰ্ষিত হয় জানেনে?
কেতিয়াও আওকাণ নকৰিব ! বৃক্কই সঠিকভাৱে কাম নকৰিলে শৰীৰত এইবোৰ লক্ষণ দেখা যায়
কৃষ্ণৰ জন্মাষ্টমীত শুভ সংযোগ, এই ৩ ৰাশিৰ ফুলিব কপাল!