আদানি গোষ্ঠীক ৯ হাজাৰ বিঘা ভূমি আবন্টনৰ বিৰুদ্ধে আপৰ সংবাদমেল

আজি গুৱাহাটীৰ গণেশগুৰিস্থিত আপৰ ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদমেলত দলৰ নেত্ৰীগৰাকীয়ে কয়, 'বৰ্তমানৰ চৰকাৰে ডিমা হাছাও জিলাৰ খিলঞ্জীয়া জনসাধাৰণক নিজৰ ভেটি-মাটিৰ পৰা উচ্ছেদ কৰি সেই মাটি পুঁজিপতিক গতাই দিব বিচাৰিছে।'

আদানি গোষ্ঠীক ৯ হাজাৰ বিঘা ভূমি আবন্টনৰ বিৰুদ্ধে আপৰ সংবাদমেল

সংবাদমেলত পুনম গগৈৰ মন্তব্য

Published: 

02 Oct 2024 | 08:32 PM

ডিমা হাছাও জিলাৰ উমৰাংছুত প্ৰাকৃতিক পৰিৱেশ বিনষ্ট কৰি এটাৰ পাছত আনটো চিমেন্ট কাৰখানা স্থাপনৰ বিৰুদ্ধে সৰৱ আম আদমী পাৰ্টিৰ মুখপাত্ৰ পুনম গগৈ। আজি গুৱাহাটীৰ গণেশগুৰিস্থিত আপৰ ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদমেলত দলৰ নেত্ৰীগৰাকীয়ে কয়, বৰ্তমানৰ চৰকাৰে ডিমা হাছাও জিলাৰ খিলঞ্জীয়া জনসাধাৰণক নিজৰ ভেটি-মাটিৰ পৰা উচ্ছেদ কৰি সেই মাটি পুঁজিপতিক গতাই দিব বিচাৰিছে। উমৰাংছুৰ ৯ হাজাৰ বিঘা মাটি গুজৰাটৰ ব্যৱসায়ী গৌতম আদানিৰ চিমেন্ট কাৰখানা স্থাপনৰ বাবে আবন্টন দিছে। উমৰাংছু অঞ্চলৰ ডিমাছা, কুকি, কাৰ্বি আদি জনগোষ্ঠীৰ শ শ পৰিয়ালক উচ্ছেদ কৰি পুঁজিপতিৰ স্বাৰ্থ সিদ্ধি কৰিব বিচাৰিছে। এটা কথাত বিজেপিৰ ঘনিষ্ঠ গুজৰাটী বনিয়াৰ হাতত বিজেপি চৰকাৰে খিলঞ্জীয়াৰ জাতি- মাটি – ভেটি বিক্ৰী কৰিবলৈ ওলাইছে। আমি আম আদমী পাৰ্টিয়ে চৰকাৰৰ খিলঞ্জীয়া বিৰোধী পদক্ষেপৰ তীব্ৰ বিৰোধিতা কৰিছোঁ।

সংবাদমেলত পুনম গগৈয়ে ডিমা হাছাও জিলাক উত্তৰ পূৰ্বাঞ্চলৰ ছুইজাৰলেণ্ডৰ সৈতে তুলনা কৰি অঞ্চলটোৰ মনোমোহা প্ৰাকৃতিক পৰিবেশৰ ওপৰত ভিত্তি কৰি পৰ্যটন উদ্যোগ গঢ়ি তুলিবলৈ দাবী জনায়। আনহাতে, অসমৰ ভূগৰ্ভত থকা প্ৰাকৃতিক গেছ উদ্ঘাটন আৰু তেল খননৰ বাবে হোলোঙাপাৰ গিবন অভয়াৰণ্য বেদান্ত গ্ৰুপক গতাই দিয়াৰ বিৰুদ্ধেও সৰৱ হয় আপৰ নেত্ৰী গৰাকী।

প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাৰ স্বাৰ্থত দুষ্প্ৰাপ্য হলৌ বান্দৰৰ বাসভূমি গিবন অভয়াৰণ্যত খননৰ পৰিকল্পনা প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনায়। ইপিনে, ৰাজ্য চৰকাৰে হকে-বিহকে চলোৱা উচ্ছেদ অভিযানৰো তীব্ৰ বিৰোধিতা কৰে পুনম গগৈয়ে। শেহতীয়া ভাৱে উচ্ছেদৰ বলি হোৱা সোণাপুৰৰ কচুতলীৰ ৪৭ টা পৰিয়ালে উচ্চতম ন্যায়ালয়ত দাখিল কৰা আবেদনৰ ভিত্তিত ন্যায়ালয়ে অসম চৰকাৰলৈ আদালত অৱমাননাৰ জাননী প্ৰেৰণ কৰে। এই সন্দৰ্ভত আপৰ নেত্ৰী গৰাকীয়ে চৰকাৰৰ উচ্ছেদৰ ৰাজনীতিৰ বিৰোধিতা কৰি কয় যে কোনো ধৰণৰ পুনৰ্বাসন বা পুনৰসংস্থাপনৰ ব্যৱস্থা নকৰাকৈ চৰকাৰে উচ্ছেদ বন্ধ কৰা উচিত। সংবাদমেলত আপৰ নেত্ৰী মিতালী গগৈ আৰু যুৱ নেতা লক্ষ্যজিৎ গগৈয়ো উপস্থিত থাকে।

 

 

 

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...