বোৱাৰীয়েকক যৌন নিৰ্যাতন শহুৰেকৰ, পলাই থকা শহুৰেকক খেদি খেদি কৰায়ত্ত কৰিলে তিতাবৰ ৰাইজে

সূত্ৰৰ খবৰ অনুসৰি, যাদৱ বৰা নামৰ এজন লোকে নিজৰে বোৱাৰীয়েকক যৌন নিৰ্যাতন চলোৱা অভিযোগ উত্থাপন হৈছিল । এই ঘটনা সংঘটিত কৰাৰ পাছতে ঘৰৰ পলাই ফুৰিছিল অভিযুক্ত যাদৱ । যোৱা নিশা যাদৱক স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি খেদি খেদি কৰায়ত্ত কৰে । তিতাবৰৰ দেওঘৰীয়াত নিজ বোৱাৰীয়েককে যৌন নিৰ্যাতন চলাই যোৱা ৫ আগষ্টৰ পৰা পলাই আছিল লম্পট এই যাদৱ বৰা ।

বোৱাৰীয়েকক যৌন নিৰ্যাতন শহুৰেকৰ, পলাই থকা শহুৰেকক খেদি খেদি কৰায়ত্ত কৰিলে তিতাবৰ ৰাইজে

যৌন নিৰ্যাতনকাৰী যাদৱ বৰা

Published: 

24 Aug 2024 | 03:33 PM

ৰাজ্যখনত ইটোৰ পাছত সিটো যৌন নিৰ্যাতনৰ ঘটনা সংঘটিত হ’বলৈ ধৰিছে । ধিং কাণ্ডক লৈ সমগ্ৰ ৰাজ্যতে প্ৰতিক্ৰিয়া সষ্টি হোৱাৰ সময়তে তিতাবৰত আন এক যৌন নিৰ্যাতনৰ ঘটনা সংঘটিত হোৱাৰ খবৰ লাভ কৰা গৈছে । শেহতীয়াকৈ যৌন নিৰ্যাতন চলোৱাৰ অপৰাধত এগৰাকী লোকক খেদি খেদি কৰায়ত্ত কৰিছে তিতাবৰৰ ৰাইজে । সূত্ৰৰ খবৰ অনুসৰি, নিজৰে বোৱাৰীয়েকক যৌন নিৰ্যাতন কৰি পলাই আছিল তিতাবৰৰ ৰাইজে কৰায়ত্ত কৰা এই লোকজন ।

সূত্ৰৰ খবৰ অনুসৰি, যাদৱ বৰা নামৰ এজন লোকে নিজৰে বোৱাৰীয়েকক যৌন নিৰ্যাতন চলোৱা অভিযোগ উত্থাপন হৈছিল । এই ঘটনা সংঘটিত কৰাৰ পাছতে ঘৰৰ পলাই ফুৰিছিল অভিযুক্ত যাদৱ । যোৱা নিশা যাদৱক স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি খেদি খেদি কৰায়ত্ত কৰে । তিতাবৰৰ দেওঘৰীয়াত নিজ বোৱাৰীয়েককে যৌন নিৰ্যাতন চলাই যোৱা ৫ আগষ্টৰ পৰা পলাই আছিল লম্পট এই যাদৱ বৰা ।

সূত্ৰৰ অনুসৰি অভিযোগ উত্থাপন হৈছিল যে, সেই ঘটনা সংঘটিত কৰাৰ দিনৰ পৰাই লম্পট যাদৱ বৰাই ৰাজ্যৰ বিভিন্ন স্থানত পলায়ন কৰি আছিল । ইফালে, ৱোৱাৰীয়েককো এই ঘটনাৰ বিষয়তে কাৰোবাক ক’লে মৃত্যুৰ ভাবুকি দিছিল ধৃত যাদৱে । ইফালে যোৱা কালি তিতাবৰৰ ফুলবাৰীত ধৃত যাদৱক স্থানীয় একাংশ লোকে প্ৰত্যক্ষ কৰে । ইয়াৰ পাছতে গাঁও প্ৰধানক খবৰ দিয়ে স্থানীয় লোকে ।

উল্লেখ্য যে, ধৃত যাদৱ বৰাই পুনৰ পলাবলৈ চেষ্টা কৰিছিল যদিও গাঁৱৰ ৰাইজে খেদি খেদি কৰায়ত্ত কৰে । ইফালে, ৰাইজে তিতাবৰ আৰক্ষীক খবৰ দিয়ে আৰু আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈছে ধৃত যাদৱ বৰাক নিজৰ জিম্মাত লয় ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...