অসম দেশৰ বিষম কথা, বোৱাৰীয়ে চুৰিদাৰ পিন্ধাৰ বাবেই এঘৰীয়া হ’ব লগা হ’ল এটা পৰিয়াল!

দৈনন্দিন কাম-কাজ কৰিবলৈ সহজ আৰু আৰামদায়ক হোৱা বাবে চুৰিদাৰ পিন্ধিবলৈ ল'লে বোৱাৰীগৰাকীয়ে। তাতেই লাগিল কেণা। বোৱাৰীগৰাকীয়ে চুৰিদাৰ পিন্ধা কামটোত ক্ষুদ্ধ হৈ পৰিল গাঁওবাসী। যাৰ বাবে পৰিয়ালটোক বিহিলে পাঁচ হাজাৰ টকাৰ জৰিমনা। ইয়াতে ক্ষান্ত নাথাকি এই ধন পৰিশোধ নকৰিলে চিৰদিনৰ বাবে গাঁওৰ পৰা এঘৰীয়া হৈ থাকিব লাগিব বুলিও ক'লে ৰাইজে। 

অসম দেশৰ বিষম কথা, বোৱাৰীয়ে চুৰিদাৰ পিন্ধাৰ বাবেই এঘৰীয়া হব লগা হল এটা পৰিয়াল!

বোৱাৰীয়ে চুৰিদাৰ পিন্ধাৰ বাবেই এঘৰীয়া হ'ব লগা হ'ল এটা পৰিয়াল!

Updated On: 

11 Dec 2024 12:20 PM

কোন দিশে গতি কৰিছে আমাৰ সমাজ ব্যৱস্থা? সমাজৰ নীতি-নিয়মক দোহাই দি একাংশই কৰি গৈছে নেকি অমানৱীয় কাৰ্য। কেতিয়াবা যদি নিম্নবৰ্গৰ ছোৱালী বা ল’ৰা সৈতে বিয়া, কেতিয়াবা আকৌ গাহৰি-ব্ৰয়লাৰ ফ্ৰাম খোলা, এঘৰীয়া কৰাটো যেন এতিয়া নিতৌ নৈমিত্তিক ঘটনা। প্ৰশ্ন উত্থাপন হৈছে কেতিয়া সলনি হ’ব ভদ্ৰৰ মুখা পিন্ধা এইখন সমাজৰ অভদ্ৰ আচৰণ? পুনৰ এইখন ৰাজ্যত সংঘটিত হৈছে এনে এক ঘটনা। পুনৰ সমাজৰ ৰোষত পৰি এঘৰীয়া হ’ব লগা হ’ল এটা পৰিয়াল। কিন্তু এইবাৰৰ কাৰণ শুনি চকু কপালত উঠিব আপোনাৰ। কেতিয়াও নোহোৱা নোপোজা ঘটনা সংঘটিত হৈছে ৰাজ্যৰ এখন গাঁৱত। য’ত বোৱাৰীয়ে চুৰিদাৰ পিন্ধাৰ বাবেই সমাজে এঘৰীয়া কৰিলে এটা পৰিয়ালক।

ছিপাঝাৰৰ গণেশকুঁৱৰীৰ পদ্মজানী গাঁৱত সংঘটিত হৈছে এনে লজ্জাজনক ঘটনা। মহিলাগৰাকীৰ স্বামী কৰ্মসূত্ৰে বাহিৰত থাকে। যাৰ বাবে ঘৰখনৰ সৰুৰ পৰা ডাঙৰলৈ সমষ্ট দ্বায়িত্ব অকলে পালন কৰে মহিলাগৰাকীয়ে। অকলেই এটা পৰিয়াল চম্ভালি থকাৰ উপৰিও এখন সৰু দোকানো দিয়ে বোৱাৰীগৰাকীয়ে। এইখিনিলৈ সকলো ঠিকে আছিল। দৈনন্দিন কাম-কাজ কৰিবলৈ সহজ আৰু আৰামদায়ক হোৱা বাবে চুৰিদাৰ পিন্ধিবলৈ ল’লে বোৱাৰীগৰাকীয়ে। তাতেই লাগিল কেণা। বোৱাৰীগৰাকীয়ে চুৰিদাৰ পিন্ধা কামটোত ক্ষুদ্ধ হৈ পৰিল গাঁওবাসী। যাৰ বাবে পৰিয়ালটোক বিহিলে পাঁচ হাজাৰ টকাৰ জৰিমনা। ইয়াতে ক্ষান্ত নাথাকি এই ধন পৰিশোধ নকৰিলে চিৰদিনৰ বাবে গাঁওৰ পৰা এঘৰীয়া হৈ থাকিব লাগিব বুলিও ক’লে ৰাইজে।

ৰাইজৰ মতে ইয়াৰ পূৰ্বেও গাঁওখনত দুগৰাকী বোৱাৰীয়ে দুগৰাকী বোৱাৰী পিন্ধিছিল। কিন্তু পাছত দুয়োগৰাকীয়ে আন পুৰুষৰ সৈতে পলাই যায়। সেইবাৰেই এইক্ষেত্ৰত কঠোৰ হৈছে গাঁওবাসী। কোনোও যাতে পুনৰ এনে ঘটনা সংঘটিত কৰিব নোৱাৰে তাৰ বাবে লোৱা হ’ল শাস্তিমূলক ব্যৱস্থা। যাৰ ফলস্বৰূপে এনে শাস্তিৰ সন্মুখীন হৈছে পৰিয়ালটো।

ইয়াৰ পাছতে উপায় নাপায় আইনৰ কাষ চাপিছে ভুক্তভোগী বোৱাৰীগৰাকী। স্বামীসহ ন্যায় বিচাৰি জিলা আয়ুক্ত, চক্ৰ বিষয়াৰ ওচৰত উপস্থিত হৈছে ভুক্তভোগী বোৱাৰীগৰাকীয়ে। সংবাদ মাধ্যমৰ আগতো ব্যক্ত কৰিছে প্ৰতিক্ৰিয়া। এই সন্দৰ্ভত তেওঁ কয়, “মই দোকান দিও। স্কুটি চলাই দোকানলৈ যাও। মেখেলা-চাদৰ পিন্ধি কাম কৰা অসুবিধা হয়। চুৰিদাৰ পিন্ধি স্কুটি চলাবলৈ মই সুবিধা হয়। বজাৰৰ বস্তু আনিব নোৱাৰো। মোৰ ল’ৰা-ছোৱালীকেইটা স্কুলৰ বন্ধু-বান্ধৱীয়ে লগ নধৰে। তেওঁলোকক কৈছে আমাক গাঁওৰ মানুহে এঘৰীয়া কৰা বুলি। মোৰ স্বামী ঘৰত নাথাকে। সৰু ব্যৱসায় কৰে। মোক ন্যায় লাগে। মোৰ ৩জনী ছোৱালী।”

মহিলাগৰাকীয়ে আকৌ কয়, “আমাৰ গাঁৱৰ দুগৰাকী বোৱাৰী আন পলাই গ’ল। দুগৰাকীয়ে চুৰিদাৰ পিন্ধিছিল। দুদিন আগতে হোৱা এখন মিটিঙত ৰাইজে আমাক এঘৰীয়া কৰিছে। মোৰ লগত চুৰিদাৰ পিন্ধি যোৱা আন এগৰাকীক পাঁচ হাজাৰ টকাৰ জৰিমনা বিহে আৰু ক্ষমা বিচাৰিব দিয়ে। ”

 

Related Stories
প্ৰধানমন্ত্ৰীৰ উত্তৰ-পূব ভ্ৰমণৰ পৰা কংগ্ৰেছৰ সমালোচনালৈ…পঢ়ক দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ
প্ৰধানমন্ত্ৰী মোদীৰ এই সন্মান কেতিয়াও নাপাহৰে অসমবাসীয়ে, ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানত কি ক’লে মুখ্যমন্ত্ৰীয়ে?
ভূপেন হাজৰিকাৰ গীতে ভাৰতক একত্ৰিত কৰিছে: খানাপাৰাত প্ৰধানমন্ত্ৰীয়ে আৰু কি কি ক’লে?
থাকিব একাধিক নাগৰিককেন্দ্ৰিক কাৰ্যসূচী ! “সেৱা সপ্তাহ”ৰ প্ৰস্তুতি পৰ্যালোচনা মুখ্যমন্ত্ৰীৰ
দুদিনীয়া ভ্ৰমণসূচীৰে অসমত প্ৰধানমন্ত্ৰী মোদী, সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানৰ বাবে খানাপাৰাত উপস্থিত…
ভূপেন হাজৰিকাৰ জীৱন ভিত্তিক গ্ৰন্থখন আজিৰ প্ৰজন্মৰ বাবে প্ৰাসংগিক: অনুৰাধা শৰ্মা পূজাৰী
পুৱাৰ এইকেইটা অভ্যাসে জীৱনত সফল হোৱাত সহায় কৰে, জানক...
এয়া এক স্বাভাৱিক প্ৰবৃত্তি, কোনসকল পুৰুষৰ প্ৰতি মহিলাসকল বেছি আকৰ্ষিত হয় জানেনে?
কেতিয়াও আওকাণ নকৰিব ! বৃক্কই সঠিকভাৱে কাম নকৰিলে শৰীৰত এইবোৰ লক্ষণ দেখা যায়
কৃষ্ণৰ জন্মাষ্টমীত শুভ সংযোগ, এই ৩ ৰাশিৰ ফুলিব কপাল!