GI tag: ভাল খবৰ! বড়োসকলৰ ৮ বিধ সামগ্ৰীয়ে লাভ কৰিলে জি আই টেগ, চাওক কি কি আছে তালিকাত

GI tag: অসমৰ ৮ বিধ সামগ্ৰীয়ে লাভ কৰিলে জি আই টেগ। বড়ো জনগোষ্ঠীৰ এই ৮ বিধ সামগ্ৰীৰ ভিতৰত আছে পৰম্পৰাগত খাদ্য, সামগ্ৰী আৰু বিভিন্ন প্ৰকাৰৰ থলুৱা পানীয়।

GI tag: ভাল খবৰ! বড়োসকলৰ ৮ বিধ সামগ্ৰীয়ে লাভ কৰিলে জি আই টেগ, চাওক কি কি আছে তালিকাত

জি আই টেগ

Updated On: 

02 Oct 2024 | 01:39 PM

অসমবাসীৰ বাবে ভাল খবৰ! পুনৰ এবাৰ অসমৰ ৮ বিধ সামগ্ৰীয়ে লাভ কৰিলে জি আই টেগ। বড়ো জনগোষ্ঠীৰ এই ৮ বিধ সামগ্ৰীৰ ভিতৰত আছে পৰম্পৰাগত খাদ্য, সামগ্ৰী আৰু বিভিন্ন প্ৰকাৰৰ থলুৱা পানীয়।উল্লেখ কৰা প্ৰয়োজন যে Bodo Traditional Brewers Association য়ে তিনি প্ৰকাৰৰ থলুৱা পানীয়ক জি আই টেগ দিবৰ বাবে আবেদন জনাইছিল। এই তিনি প্ৰকাৰৰ থলুৱা পানীয় হৈছে বড়োসকলৰ পৰম্পৰাগত বড়ো জৌ গোৱাৰণ (Bodo jou gwran), মাইব্ৰা জৌ বিদ্বি (Maibra jou Bidwi), আৰু বড়ো জৌ গিছি (Bodo jou gish).

জানিব পৰা মতে ইয়াৰে বড়ো জৌ গোৱাৰণত ১৬.১১ শতাংশ এলকহল থাকে। মাইব্ৰা জৌ বিদ্বি বড়ো সকলে আলহী- অতিথিক আদৰাৰ সময়ত আগবঢ়ায়। অসমৰ ভূমিপত্ৰ বড়োসকলো অতীজৰে পৰা এই পানীয় ব্যৱহাৰ কৰি আহিছে। চাউলৰ পৰা তৈয়াৰ কৰা এই পানীয়ক তেওঁলোকে ভগৱান শিৱৰ পৰা লাভ কৰ ঔষধযুক্ত পানীয় বুলি গণ্য কৰে।

ইয়াৰোপৰি Association of Traditional Food Products য়ে ৪ বিধ সামগ্ৰীৰ ওপৰত জি আই টেগ বিচাৰিছিল। এই আটাইকেইটা সামগ্ৰীৰ ওপৰত জি আই টেগ লাভ কৰিছে। ইয়াৰ ভিতৰত আছে বড়ো নাফামা (Bodo nampham), বড়ো গোৱাখাও (bodo gwkha), বড়ো নাৰ্জী (bodo narzi) আৰু বড়ো অনলা (Bodo ondla)।

এই ৪ বিধ সামগ্ৰী বড়ো সমাজৰ খাদ্যৰ লগত জড়িত । বড়ো নাফাম হৈছে শুকান মাছৰ দ্বাৰা প্ৰস্তুত কৰা এবিধ খাদ্য। আন এবিধ খাদ্য বড়ো অনলা হৈছে নহৰু, আদা, নিমখ, খাৰৰ জৰিয়তে তৈয়াৰ কৰা পিঠাগুৰি। বড়ো গোৱাখাও হৈছে বৈখাগু উৎসৱৰ সময়ত বড়োসকলে প্ৰস্তুত কৰা এবিধ খাদ্য সামগ্ৰী। আনহাতে বড়ো নাৰ্জী হৈছে মৰাপাটৰ পৰা প্ৰস্তুত কৰা এবিধ খাদ্য। এই খাদ্য স্বাস্থ্যৰ বাবে উপযোগী বুলি কোৱা হয়। এই খাদ্যত প্ৰচুৰ পৰিমাণে ফেটি এচিড, ভিটামিট, কেলচিয়াম আৰু মেগনেছিয়াম থাকে।

এই ৭ বিধ সামগ্ৰীৰ উপৰি বড়োসকলে ব্যৱহাৰ কৰে গলবস্ত্ৰ আৰনায়েও লাভ কৰিছে জি আই টেগ। বড়োসকলে এই আৰনাই নৃত্যৰ পোচাকৰ লগতে পৰম্পৰাগত কাপোৰৰ সৈতে ব্যৱহাৰ কৰে । উল্লেখ্য যে, কেইমাহমান পূৰ্বেও অসমৰ কেইবাবিধ সামগ্ৰীয়ে লাভ কৰিছিল  জি আই টেগ।

 

জি আই টেগ কি

GI Tag য়ে বৌদ্ধিক সম্পত্তিৰ অধিকাৰ হিচাপে কাম কৰে। ই যিকোনো সামগ্ৰীৰ ভৌগোলিক উৎপত্তিক বুজায়। নিৰ্দিষ্ট কোনো অঞ্চলৰ বা এটা সম্প্ৰদায়ৰ পৰিচয়ৰ সৈতে ঘনিষ্ঠভাৱে জড়িত সামগ্ৰীত সুৰক্ষিত কৰি ৰাখিবলৈ ইয়াক ব্যৱহাৰ কৰা হয়। ই কৃষিজাত সামগ্ৰী, হস্তশিল্প, আৰু ঔদ্যোগিক সামগ্ৰীৰ সুনাম আদিত সহায় কৰে। ই এটা সামগ্ৰীৰ অনন্য গুণ আৰু ঐতিহ্যক উজ্জ্বল কৰি তুলিব পাৰে।

 

 

শনিদেৱৰ পূজাত এইবোৰ অন্তৰ্ভুক্ত নকৰিব এইবোৰ বস্তু, অভাৱে দেখা দিব আপোনাক!
সৰস্বতী পূজা কেতিয়া? জানক শুভ সময়ৰ বিষয়ে...
পুৰুষৰ তুলনাত মহিলাৰ ওজন কিয় দ্ৰুত বৃদ্ধি পায়? ইয়াৰ মূল কাৰণবোৰ জানক
ঘৰৰ পৰা পইতাচোৰা দূৰ কৰাৰ ৫টা সহজ, ঘৰুৱা উপায়...
আজমল মতে পল্টু মুখ্যমন্ত্ৰী কোন?
যোৰহাটত জাতি বচাওক, মাটি বচাওক পদযাত্ৰা কংগ্ৰেছৰ...
ভোটাৰ তালিকা বিসংগতি সন্দৰ্ভত কংগ্ৰেছৰ প্ৰতিবাদ...
গীত গাই নৱবৰ্ষৰ শুভেচ্ছা জনালে বদৰুদ্দিন আজমলে