অপহৰণৰ চেষ্টাৰ অভিযোগ! বীৰ লাচিত সেনাৰ ৮ সদস্য আটক, মুখ্যমন্ত্ৰীয়ে দিলে ডাঙৰ হুংকাৰ
ইফালে এই ঘটনাৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বীৰ লাচিত সেনা সন্দৰ্ভত এক কঠোৰ হুংকাৰ দিছে। সংগঠনটো কাম-কাজত অসন্তোষ প্ৰকাশ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে বীৰ লাচিত সেনাই পৰিৱেশ নষ্ট কৰিছে বুলি দাবী কৰে।

বীৰ লাচিত সেনাৰ সদস্যৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ
বীৰ লাচিত সেনাৰ বিৰুদ্ধে উঠিছে এক বৃহৎ অপৰাধৰ অভিযোগ। সংগঠনটোৰ সদস্যৰ বিৰুদ্ধে অপহৰণৰ চেষ্টাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। এই গোচৰত আৰক্ষীয়ে ৮ গৰাকী লোকক গ্ৰেপ্তাৰ কৰিছে। এই সন্দৰ্ভত লাভ কৰা অভিযোগৰ ভিত্তিত দেওবাৰে নিশা প্ৰায় ৯.৩০ বজাত দিছপুৰ আৰক্ষীয়ে এক অভিযান চলাই আটক কৰে এই লোককেইজনক। ধৃত লোককেইজনৰ পৰা বহু আপত্তিজনক সামগ্ৰীৰ লগতে সংগঠনৰ কিছু নথি-পত্ৰ উদ্ধাৰ হোৱা বুলিও জানিব পৰা গৈছে।
প্ৰকাশিত খবৰ অনুসৰি, দিছপুৰ আৰক্ষীয়ে ঈৰশাদ খান নামৰ এজন যুৱকৰ পৰা এই সন্দৰ্ভত অভিযোগ লাভ কৰিছিল। অবিযোগকাৰী ঈৰশাদ খানে নিজ অভিযোগত উল্লেখ কৰা মতে প্ৰায় ১০–১৫ জন অচিনাকি ব্যক্তিৰ এটা দলে মহানগৰীৰ বৰবাৰীৰ প্ৰতীক্ষা চিকিৎসালয়ৰ সন্মুখৰ পৰা তেওঁৰ বন্ধু ৰাহুল মিশ্ৰক বলপূৰ্বকভাৱে তুলি লৈ যায়।
গোটটোৱে লগতে ৰাহুল মিশ্ৰৰ মুক্তিৰ বাবে ১৫-২০ লাখ টকা দাবী কৰা বুলিও ঈৰশাদ খানে অভিযোগ কৰে। লগে লগে দিছপুৰ আৰক্ষীৰ এটা দলে অভিযান চলাই ত্ৰিবেনী পথৰ পৰা ৬ যুৱকৰ জিম্মাত ৰাহুল মিশ্ৰক উদ্ধাৰ কৰে। আৰক্ষীয়ে লগে লগে যুৱককেইজনকো গ্ৰেপ্তাৰ কৰে।
তেওঁলোকে ব্যৱহাৰ কৰা বাহনৰ পৰা বেছবল ষ্টিক, হকী ষ্টিক, ছুৰী, জলকীয়া স্প্ৰেৰ লগতে ৬টা মোবাইল উদ্ধাৰ কৰা বুলি জানিবলৈ দিয়া হৈছে। ইফালে বীৰ লাচিত সেনাৰ নেতা বিকাশ অসমৰ স্বাক্ষৰিত ৫ খন আর্থিক সাহায্যৰ আবেদন, বীৰ লাচিত সেনাৰ নামত ধন সংগ্ৰহৰ বহী, সংগঠনটোৰ ল’গ’ আৰু বিৰাজ বল্লভ কলিতাৰ নামত সংগঠনৰ এখন আইডি কাৰ্ডো উদ্ধাৰ হয়।
ইয়াৰ পিছতে আৰক্ষীয়ে ঘটনাৰ সৈতে জড়িত আন দুজন লোককো আটক কৰে। ধৃত লোককেইজনক বিশ্বজিত দলে, ইমজাজুল হ’ক, ৰোহন আলী, মোহন বৰা, নিতু আহমেদ, চিন্ময় দেৱ, ৰিয়াজ আহমেদ, বিৰাজ বল্লভ কলিতা বুলি চিনাক্ত কৰা হৈছে। এই আটাইকেইজন লোকৰ লগতে তেওঁলোকৰ পৰা জব্দ কৰা সামগ্ৰী তথা বাহন থানালৈ লৈ যোৱা হয়।
অৱশ্যে বীৰ লাচিত সেনাই ধৃত লোককেইজনৰ সংগঠনটোৰ সৈতে কোনো সম্পৰ্ক নাই বুলি দাবী কৰিছে। সংগঠনটোৰ সূত্ৰই এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ধৃত এই লোককেইজনে বীৰ লাচিত সেনাৰ নাম লৈ ধন দাবী কৰিছিল বুলি উল্লেখ কৰে আৰু তেওঁলোক বীৰ লাচিত সেনাৰ সদস্য নহয় বুলি মন্তব্য কৰিছে।
ইফালে এই ঘটনাৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বীৰ লাচিত সেনা সন্দৰ্ভত এক কঠোৰ হুংকাৰ দিছে। সংগঠনটো কাম-কাজত অসন্তোষ প্ৰকাশ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে বীৰ লাচিত সেনাই পৰিৱেশ নষ্ট কৰিছে বুলি দাবী কৰে। ব্যৱসায়ীসকলক অত্যাচাৰ কৰি যোৱা দুমাহত বীৰ লাচিত সেনাই অসমত ব্যৱসায়ৰ পৰিৱেশ একেবাৰে নষ্ট কৰি দিছে বুলি মন্তব্য কৰে।
এনে পৰিস্থিতিত আলফা(স্বাধীন)-ৰ দৰে বীৰ লাচিত সেনাকো হয়তো নিষিদ্ধ কৰিব লাগিব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইফালে দলৰ নেতা বিকাশ অসমৰ নাম নোলোৱাকৈ মুখ্যমন্ত্ৰীগৰাকীয়ে সংগঠনটোৰ এগৰাকী সদস্যই আই মাতৃসকলক লৈ দিয়া মন্তব্যৰ বাবে কঠোৰ ব্যৱস্থা ল’বলৈ আৰক্ষীক নিৰ্দেশ দিয়া বুলিও উল্লেখ কৰিছে।