Assam: কোনে গাতত পুতি থ’লে ৭ মহীয়া শিশুক? কুকুৰে খালে মৃতদেহ…

Assam: ৰাজ্যত বৃদ্ধি পোৱা অপৰাধজনিত ঘটনাৰ মাজতে যোৰহাটৰ পৰা পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ ঘটনা। এটি ৬-৭ মহীয়া শিশুক হত্যা কৰি পুতি থ'লে কোনোয়ে।

Assam: কোনে গাতত পুতি থলে ৭ মহীয়া শিশুক? কুকুৰে খালে মৃতদেহ...

যোৰহাট

Published: 

10 Nov 2024 | 07:34 PM

ৰাজ্যত প্ৰতিদিনে বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা। হত্যা, লুণ্ঠন, ধৰ্ষণ আদি বিভিন্ন ঘটনাৰ খবৰ প্ৰতিদিনে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা পোহৰলৈ আহে। ইয়াৰ মাজতে যোৰহাটৰ পৰা পোহৰলৈ আহিছে এক নৃশংস হত্যাকাণ্ডৰ ঘটনা। কোনো পাষাণলোকে এটি ৬-৭ মহীয়া শিশুক নৃশংসভাৱে হত্যা কৰি পুতি থ’লে গাঁতত। দেওবাৰে কনমানিটোৰ মৃতদেহ এগৰাকী মহিলাৰ ঘৰৰ পাছফালে গাতত পুতি থোৱা অৱস্থাত উদ্ধাৰ হয়। জানিব পৰা মতে উদ্ধাৰৰ সময়ত দুটা টুকুৰাকৈ শিশুটিৰ মৃতদেহ উদ্ধাৰ হয়। এই সমগ্ৰ ঘটনাই অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

এই ভয়ংকৰ, পৈশাচিক ঘটনা সংঘটিত হৈছে যোৰহাটৰ চিনামৰা অঞ্চলকৰ বাঘধৰাত। জানিব পৰা মতে কনমানি শিশুটিৰ মৃতদেহৰ এটা অংশ আজি পুৱা কুকুৰে কামুৰি লৈ যায়। এই ঘটনা স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰাৰ পাছতেই নৃশংস হত্যাকাণ্ডৰ ঘটনা পোহৰলৈ আহে। স্থানীয় ৰাইজে সন্দেহ কৰা অনুসৰি শিশুটিৰ পৰিয়ালৰ কোনো লোকে এই হত্যাকাণ্ড সংঘটিত কৰিছে।

মৃতদেহৰ টুকুৰা উদ্ধাৰ হোৱাৰ পাছতেই স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিয়ে আৰু পৰৱৰ্তী সময়ত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰে। স্থানীয় ৰাইজে জনোৱা মতে,  কেচুৱা ল’ৰা এটাৰ দেহৰ এটা অংশ উদ্ধাৰ হৈছে কিন্তু ভৰি কেইটা নাই। এই ঘটনা কেনেকৈ সংঘটিত হৈছে আমি জানিব পৰা নাই। কুকুৰে মৃতদেহৰ টুকুৰা অনাৰ পাছতহে গ’ম পোৱা গ’ল শিশুটিৰ মৃতদেহ। পৰৱৰ্তী সময়ত আৰক্ষীক খবৰ দিয়া হয় আৰু আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ হয়।

জানিব পৰা মতে, বৰ্তমান আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে। আনহাতে যিগৰাকী মহিলাৰ ঘৰৰ পিছফালে মৃতদেহ উদ্ধাৰ হৈছে সেইগৰাকী মহিলাক আটক কৰি আৰক্ষীয়ে জেৰা আৰম্ভ কৰিছে। কোনে, কিয় এই কনমানিটোক হত্যা কৰিলে এয়া তদন্তৰ পাছতহে পোহৰলৈ আহিব।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...