ঘোচখোৰ চৰকাৰী বিষয়াৰ বাসগৃহত দুৰ্নীতি নিবাৰকৰ অভিযান! উদ্ধাৰ ৪৭ লাখৰো অধিক টকা

ঘোচখোৰ পাৰ্থ হাজৰিকাৰ বাসগৃহৰ পৰা উদ্ধাৰ লাখে লাখে টকা। আৰক্ষীৰ অভিযানত জব্দ ৪৭ লাখ ৩০ হাজাৰ ৫০০ টকা। জনতা ভৱনত ঘোচ লৈ বুধবাৰে গ্ৰেপ্তাৰ হৈছিল পাৰ্থ হাজৰিকা। মহানগৰীৰ লগতে নলবাৰীৰ পাৰ্থৰ বাসগৃহত চলিছিল অভিযান।

ঘোচখোৰ চৰকাৰী বিষয়াৰ বাসগৃহত দুৰ্নীতি নিবাৰকৰ অভিযান! উদ্ধাৰ ৪৭ লাখৰো অধিক টকা

পাৰ্থ হাজৰিকাৰ ঘৰৰ পৰা জব্দ ৪৭ লাখ ৩০ হাজাৰ ৫০০ টকা

Updated On: 

17 Oct 2024 12:44 PM

আবকাৰী বিষয়া পাৰ্থ হাজৰিকাৰ  হাউচফেড কমপ্লেক্সৰ ডি ব্লকৰ ১০৩ নং ফ্লেটত অভিযান চলাই দুৰ্নীতি নিবাৰক শাখাই। ঘোচখোৰ পাৰ্থ হাজৰিকাৰ বাসগৃহৰ পৰা উদ্ধাৰ লাখে লাখে টকা। আৰক্ষীৰ অভিযানত জব্দ ৪৭ লাখ ৩০ হাজাৰ ৫০০ টকা। জনতা ভৱনত ঘোচ লৈ বুধবাৰে গ্ৰেপ্তাৰ হৈছিল পাৰ্থ হাজৰিকা। মহানগৰীৰ লগতে নলবাৰীৰ পাৰ্থৰ বাসগৃহত চলিছিল অভিযান।

জনতা ভৱনত ২৪ হাজাৰ টকা ঘোচ লৈ গ্ৰেপ্তাৰ হৈছিল পাৰ্থ হাজৰিকা। বাৰৰ লাইচেন্সৰ নামত ঘোচ লোৱাৰ অভিযোগ পাৰ্থ হাজৰিকাৰ বিৰুদ্ধে। তথ্য অনুসৰি এজন ব্যক্তিৰ পৰা বাৰৰ লাইচেঞ্চৰ নামত ১ লাখ টকা বিচাৰিছিল বিষয়াজনে । পূৰ্বে ৪০ হাজাৰ টকাৰ উৎকোচ লৈছিল বিষয়াজনে । বুধবাৰে পুনৰ দিছপুৰ জনতা ভৱনৰ মূল গেটৰ সমীপত ২৪,৫০০ টকা উৎকোচ লোৱাৰ সময়তে দুৰ্নীতি নিবাৰক শাখাই অভিযান চলাই হাতে-লোটে আটক কৰে পাৰ্থ হাজৰিকাক ।

 

পাৰ্থ হাজৰিকাক গ্ৰেপ্তাৰৰ পাছত তেওঁৰ জৱাহৰ নগৰৰ হাউচফেড কমপ্লেক্সৰ ডি ব্লকৰ ১০৩ নং ফ্লেটত দুৰ্নীতি নিবাৰক শাখাই অভিযান চলায় । পাৰ্থ হাজৰিকাক লগত লৈ অভিযানকাৰী দলটোৱে চলোৱা অভিযানৰ সময়ত তেওঁৰ ফ্লেটৰ পৰা নগদ ৪৭,৩০,৫০০ টকা জব্দ কৰে ।

 

আবকাৰী বিভাগৰ শাখা অফিচাৰ আছিল পাৰ্থ হাজৰিকা । পাৰ্থ হাজৰিকাৰ ঘৰ নলবাৰী জিলাৰ বৰনৰ্দ্দীত বুলি জানিব পৰা গৈছে । ইতিমধ্যে দুৰ্নীতি নিৰ্বাৰক শাখাই গ্ৰেপ্তাৰ কৰি অধিক জেৰাৰ বাবে পাৰ্থ হাজৰিকাক দুৰ্নীতি নিবাৰকৰ মুখ্য কাৰ্যালয়লৈ লৈ গৈছে ৷ উল্লেখ্য যে, পাৰ্থ হাজৰিকা অসম সচিবালয় সেৱা সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদকৰূপেও কাৰ্যনিৰ্বাহ কৰিছিল । এই ঘটনাৰ পাছতে জনতা ভৱনৰ কৰ্মচাৰী হাজৰিকৰ ঘৰত লাখে-লাখে টকা উদ্ধাৰ হোৱা লৈ সৰ্বত্ৰে চাঞ্চল্যৰ সৃষ্টি হৈছে।

 

লগতে পঢ়ক: উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়: ১৯৭১ চনেই হ’ব অসমৰ বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ

 

দেহৰ অতি উপকাৰী ডালিম, পিছে ডায়েবেটিছ ৰোগীৰ বাবে ই হ’ব পাৰে নেকি চিন্তাৰ কাৰণ!
ময়ূৰৰ পাখি ঘৰত ৰাখিলে কি কি সুফল পোৱা যায়? জানক সবিশেষ
পাকিস্তানৰ সমৰ্থনত থকা ৩ খন দেশ কোন কোন? য'ত ভাৰতীয় পৰ্যটকৰ সংখ্যা অধিক | Pahalgam Attack Indians go 3 countries which supported Pakistan Azerbaijan Malaysia Turkey
এয়াৰ ষ্ট্ৰাইক কেৱল নিশাহে কিয় কৰা হয়? ইয়াৰ ৫ টা সুবিধা জানক | Why Air Strike happens in the night mostly India Pakistan Tension