ঠিকনা এতিয়া গোৱালপাৰাৰ ট্ৰেনজিট কেম্প, মহিলাসহ ২৮ জনক বিদেশী ঘোষণা…

বৰপেটা আৰক্ষীৰ অধীক্ষক গৰাকীয়ে সদৰী কৰিছে যে, বিদেশী বুলি ঘোষণা কৰাৰ পাছত ৯ গৰাকী মহিলা আৰু ১৯ জন পুৰুষক কঠোৰ নিৰাপত্তাৰ মাজেৰে গোৱালপাৰা জিলাৰ মাটিয়াত থকা ট্ৰেনজিট কেম্পলৈ (ডিটেনচন কেম্প) যোৱা হয় । এই লোকসকল বৰেপটা জিলা বিভিন্ন প্ৰান্তত বাস কৰিছিল বুলি জানিবলৈ দিছে আৰক্ষীৰ বিষয়া গৰাকীয়ে ।

ঠিকনা এতিয়া গোৱালপাৰাৰ ট্ৰেনজিট কেম্প, মহিলাসহ ২৮ জনক বিদেশী ঘোষণা...

বিদেশী ঘোষণা কৰা ২৮ জন লোকক ট্ৰেনজিট কেম্পলৈ স্থানান্তৰ

Updated On: 

03 Sep 2024 19:39 PM

বিদেশী ন্যায়াধিকৰণে বৰপেটা জিলাৰ পৰা ৯ গৰাকী মহিলাসহ মুঠ ২৮ জন লোকক বিদেশী ঘোষণা কৰে । ইয়াৰ পাছতে তেওঁলোকক গোৱালপাৰাৰ ট্ৰেনজিট কেম্প বুলি কোৱা ডিটেনচন চেণ্টাৰলৈ লৈ যোৱা হয়। বৰপেটাৰ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাই কয়,”বিদেশী ন্যায়াধিকৰণৰ শুনানিৰ অন্তত এই লোকসকলক বিদেশী বুলি ঘোষণা কৰা হয় । নিৰ্দেশ অনুসৰি আমি এই বিদেশী নাগৰিকসকলক ট্ৰেনজিট কেম্পলৈ লৈ যোৱাৰ কাম সম্পন্ন কৰিলো ।”

উল্লেখ্য যে, ন্যায়াধিকৰণসমূহ হৈছে অৰ্ধ ন্যায়িক সংস্থা যিয়ে বিদেশী বুলি সন্দেহ কৰা ব্যক্তিসকলৰ নাগৰিকত্বৰ মৰ্যাদা নিৰ্ধাৰণ কৰে । প্ৰট’কল অনুসৰি, যদিহে তেওঁলোকে নাগিৰকত্বৰ সন্দৰ্ভত ন্যায়ালয়ত আবেদন দাখিল নকৰে, তেতিয়া তেওঁলোকক বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে যথাযথ প্ৰক্ৰিয়াৰ অন্তত নিজ দেশলৈ ঘূৰাই পঠিয়াব ।

বৰপেটা আৰক্ষীৰ অধীক্ষক গৰাকীয়ে সদৰী কৰিছে যে, বিদেশী বুলি ঘোষণা কৰাৰ পাছত ৯ গৰাকী মহিলা আৰু ১৯ জন পুৰুষক কঠোৰ নিৰাপত্তাৰ মাজেৰে গোৱালপাৰা জিলাৰ মাটিয়াত থকা ট্ৰেনজিট কেম্পলৈ (ডিটেনচন কেম্প) যোৱা হয় । এই লোকসকল বৰেপটা জিলা বিভিন্ন প্ৰান্তত বাস কৰিছিল বুলি জানিবলৈ দিছে আৰক্ষীৰ বিষয়া গৰাকীয়ে ।

উল্লেখ্য যে, সন্দেহযুক্ত আৰু বিদেশী বুলি ঘোষণা কৰা লোকসকলক ৰাখিবৰ বাবে চৰকাৰে গোৱালপাৰা জিলাৰ মাটিয়াত প্ৰথমটো ট্ৰেনজিট কেম্প অৰ্থাৎ ডিটেনচন কেম্প নিৰ্মাণ কৰে। মাটিয়া কেন্দ্ৰটোত ৪০০গৰাকী মহিলাকে ধৰি ৩ হাজাৰ লোক থকাৰ ব্যৱস্থা আছে। এই কেম্পত চিকিৎসালয়, বিদ্যালয়, বিনোদন কেন্দ্ৰ, খাদ্য আৰু অন্যান্য সুবিধা উপলব্ধ।

দিনত শোৱাৰ অভ্যাস আছে নেকি? ই আপোনাৰ স্বাস্থ্যৰ ওপৰত কেনে প্ৰভাৱ পেলায় জানক...
খাদ্যৰ সৈতে অতিৰিক্ত কেঁচা নিমখ খালে কি হ’ব পাৰে জানেনে? জানিলে আজিয়েই বাদ দিব এনে অভ্যাস
কেৱল কাহ নহয়, হাঁওফাঁওৰ কৰ্কট ৰোগৰ প্ৰাৰম্ভিক পৰ্যায়ত এইসমূহ লক্ষণ দেখা যায়...
দশমীৰ পাছতেই কপাল ফুলিব এই ৩ ৰাশিৰ লোকৰ...