চাহ বাগিচাৰ শ্ৰমিকে লাভ কৰিব ২০ শতাংশ পূজাৰ বোনাচ, সংবাদমেলযোগে জনালে…

শাখা সংঘৰ বিষয়ববীয়াৰ উপস্থিতিত সম্পাদকগৰাকীয়ে জানিব দিয়া অনুসৰি চলিত বৰ্ষত শাখা সংঘৰ অন্তৰ্গত সকলো বাগিচাৰ মালিক পক্ষ আৰু শাখা সংঘৰ মাজত বোনাচ সম্পৰ্কে অনুষ্ঠিত হোৱা আলোচনা যথেষ্ট শান্তিপূৰ্ণ পৰিৱেশত অনুষ্ঠিত হৈ গৈছে। এই আলোচনা সমূহত শাখা সংঘৰ অন্তৰ্গত আটাইকেইখন বাগিচাৰ মালিক পক্ষই সংঘৰ পূৰ্বৰ দাবীৰ প্ৰতি সন্মতি জনাই ২০ শতাংশ বোনাচ দিবলৈ মান্তি হৈছে।

চাহ বাগিচাৰ শ্ৰমিকে লাভ কৰিব ২০ শতাংশ পূজাৰ বোনাচ, সংবাদমেলযোগে জনালে...

চাহ বাগিচাৰ শ্ৰমিকে লাভ কৰিব ২০ শতাংশ পূজাৰ বোনাচ

Published: 

10 Sep 2025 | 02:48 PM

সমাগত শাৰদীয়া নৱৰাত্ৰি। হিন্দুৰ আটাইতকৈ জনপ্ৰিয় আৰু গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। আহিন মাহৰ শুক্ল পক্ষৰ প্ৰতিপদৰ পৰা আৰম্ভ হৈ নৱমী তিথিত শেষ হয় শাৰদীয় নৱৰাত্ৰি।  এইবাৰ নৱৰাত্ৰি ২২ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হৈ ১ অক্টোবৰত শেষ হ’ব। ২  অক্টোবৰত দেৱীৰ বিসৰ্জন। এনে ক্ষেত্ৰত অসমত ২৮ ছেপ্টেম্বৰৰ পৰা পালন কৰা হ’ব দুৰ্গাপূজা।

দুৰ্গাপূজাৰ প্ৰাকক্ষণত চাহ শ্ৰমিকসকলৰ বাবে ভাল খবৰ। চৰাইদেউ জিলাৰ অসম চাহ কৰ্মচাৰী সংঘৰ সোণাৰি শাখাৰ অন্তৰ্গত ৫৬ খন সৰু বৰ চাহ বাগিচাৰ শ্ৰমিকসকলে চলিত বৰ্ষত লাভ কৰিব লগা দুৰ্গা পূজাৰ বোনাচ। এই সন্দৰ্ভত ইতিমধ্যে সম্পন্ন হৈছে সম্পৰ্কীয় বুজাবুজিৰ চুক্তি স্বাক্ষৰ হোৱাৰ প্ৰক্ৰিয়া । আজি অসম চাহ মজদুৰ সংঘৰ সোণাৰি শাখা কাৰ্যালয়ত  আয়োজন কৰা এক সংবাদমেলত এই কথা সদৰী কৰে শাখা সংঘৰ সম্পাদক প্ৰকাশ নাগে।

শাখা সংঘৰ বিষয়ববীয়াৰ উপস্থিতিত সম্পাদকগৰাকীয়ে জানিব দিয়া অনুসৰি চলিত বৰ্ষত শাখা সংঘৰ অন্তৰ্গত সকলো বাগিচাৰ মালিক পক্ষ আৰু শাখা সংঘৰ মাজত বোনাচ সম্পৰ্কে অনুষ্ঠিত হোৱা আলোচনা যথেষ্ট শান্তিপূৰ্ণ পৰিৱেশত অনুষ্ঠিত হৈ গৈছে। এই আলোচনা সমূহত শাখা সংঘৰ অন্তৰ্গত আটাইকেইখন বাগিচাৰ মালিক পক্ষই সংঘৰ পূৰ্বৰ দাবীৰ প্ৰতি সন্মতি জনাই ২০ শতাংশ বোনাচ দিবলৈ মান্তি হৈছে।

ইয়াৰে সৰহ সংখ্যক বাগিচাৰ মালিক পক্ষই আগন্তুক শাৰদীয় দূৰ্গা পূজাৰ পূৰ্বে এবাৰতেই ২০ শতাংশ বোনাচ দিবলৈ সন্মত হোৱাৰ বিপৰীতে কেইখনমান বাগিচাৰ মালিক পক্ষই দূৰ্গা পূজাৰ পূৰ্বে ১৫ শতাংশ বোনাচ আদায় দিব আৰু আগন্তুক হোলী উৎসৱৰ আগে আগে বাকী ৰোৱা ৫ শতাংশ বোনাচ আদায় দিব বুলি উল্লেখ কৰে।

চলিত বৰ্ষত অসমৰ চাহ শ্ৰমিক সকলে যাতে ২০ শতাংশ বোনাচ লাভ কৰিবলৈ সক্ষম হয় তাৰ বাবে অসম চাহ মজদুৰ সংঘৰ কেন্দ্ৰীয় সভাপতি আৰু সম্পাদকে যথেষ্ট কষ্ট কৰিব লগা হৈছিল বুলি তেওঁ মন্তব্য কৰে। ইয়াৰ বাবে অসম চাহ মজদুৰ সংঘৰ সভাপতি আৰু সম্পাদক ধন্যবাদৰ পাত্ৰ বুলি তেওঁ কয় । আনহাতে আগন্তুক দুৰ্গা পূজাৰ পূৰ্বে যাতে কোনো বাহিৰা লোকে চাহ বাগিচা অঞ্চলত প্ৰৱেশ কৰি শান্তি শৃংখলা বিনষ্ট কৰিব নোৱাৰে তাৰ প্ৰতি বাগিচাৰ সকলো শ্ৰমিক পৰিয়ালক সষ্টম হৈ থাকিবলৈ আহ্বান জনায়।

লগতে পঢ়ক: NRCত নাম থকা মানেই ভাৰতীয় নহয়… অনুপ্ৰৱেশকাৰীক বহিষ্কাৰ কৰিবলৈ SOP জাৰি

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...