বৰ্বৰ! মানসিকভাৱে বিকাৰগ্ৰস্ত যুৱতীৰ সৈতে অপকৰ্ম ২ যুৱকৰ…

ৰঙালীৰ আনন্দৰ মাজতে বিলাসীপাৰাৰ পৰা পোহৰলৈ আহিছে এক জঘন্য ঘটনা। জানিব পৰা মতে, দুই যুৱকে মানসিকভাৱে বিকাৰগ্ৰস্ত এগৰাকী যুৱতীৰ সৈতে অপকৰ্ম সংঘটিত কৰে।

বৰ্বৰ! মানসিকভাৱে বিকাৰগ্ৰস্ত যুৱতীৰ সৈতে অপকৰ্ম ২ যুৱকৰ...

প্ৰতীকি ফটো

barasha-sarma
Published: 

16 Apr 2025 17:42 PM

ৰাজ্যত প্ৰতিদিনে বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা।  ইয়াৰ মাজতে বিলাসীপাৰাৰ পৰা পুনৰ এক জঘন্য ঘটনাৰ কথা পোহৰলৈ আহিছে। জানিব পৰা মতে, এগৰাকী মানসিকভাৱে বিকাৰগ্ৰস্ত যুৱতীক দলবব্ধ ধৰ্ষণ কৰে দুই যুৱকে। চৌদিশে চলি থকা ৰঙালী আনন্দৰ মাজতে সংঘটিত এই ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দুই যুৱকক। আনহাতে ঘটনা সন্দৰ্ভত অব্যাহত আছে তদন্ত।

তথ্য অনুসৰি বিলাসীপাৰাৰ সাপটগ্ৰামত সংঘটিত হৈছে দলবদ্ধ ধৰ্ষণৰ দৰে জঘন্য কাণ্ড। অভিযোগ অনুসৰি অঞ্চলটোৰ দুজন যুৱকে মানসিকভাৱে বিকাৰগ্ৰস্ত যুৱতীগৰাকীৰ হাত-ভৰি বান্ধি অপকৰ্ম সংঘটিত কৰে। মঙলবাৰে পুৱতি নিশা এই ঘটনা সংঘটিত হোৱাৰ কিছু সময় পাছতেই আৰক্ষীয়ে যুৱতীগৰাকীক পথাৰৰ পৰা মুমূৰ্ষ অৱস্থাত উদ্ধাৰ কৰে। লগে লগে আৰক্ষীয়ে মানসিকভাৱে বিকাৰগ্ৰস্ত যুৱতীগৰাকীক হাস্পাতাললৈ লৈ যায়। বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে যুৱতীগৰাকী।

লগে লগে এই ঘটনাৰ তদন্ত আৰম্ভ কৰি আৰক্ষীয়ে দুজনকৈ যুৱকক গ্ৰেপ্তাৰ কৰে। দুই যুৱক বাৰকুটি গাঁৱৰ বকুল নাথ আৰু শান্তিপুৰ গাঁৱৰ নিৰঞ্জন দাস বুলি চিনাক্ত হৈছে। ইতিমধ্যে দুয়োকে ধুবুৰী কাৰাগাৰৰ লৈ প্ৰেৰণ কৰিছে সাপটগ্ৰাম আৰক্ষীয়ে। ঘটনা সন্দৰ্ভত সাপটগ্ৰাম আৰক্ষীয়ে নিজাববীয়াকৈ 20/25 নম্বৰৰ গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ দুই নৰাধমক।

জানিব পৰা মতে দই অভিযুক্তৰ বিৰুদ্ধে আন বহু অভিযোগ আছে। একাংশলোকে ইতিমধ্যে যুৱকদ্বয়ৰ বিৰুদ্ধে অপহৰণ, অপৰাধজনিত ঘটনাত জড়িত থকাৰ অভিযোগ উত্থাপিত কৰিছে। দুই যুৱকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষীক দাবী জনাইছে স্থানীয় দল সংগঠন তথা স্থানীয় লোক। বৰ্তমান ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে।

মাহেকীয়াৰ পেটৰ বিষৰ পৰা পাব সকাহ, জানক এই ৫ টা ঘৰুৱা উপায়
ধন-সম্পত্তিৰে উপচি পৰিব ঘৰ, আজিয়েই কৰক এই কাম!
আপুনিও প্লাষ্টিকৰ বটলত পানী খাই নেকি? তেন্তে হ'ব পাৰে এই ডাঙৰ ৰোগ...
বৃক্ক বিকল কৰিব পাৰে এই ৫ বিধ বস্তুই! জানক সকলো...