অন্ধবিশ্বাসৰ বশৱৰ্তী! কাৰ্বি আংলঙৰ ডাইনী কাণ্ড সন্দৰ্ভত পুৰুষ মহিলাসহ ১৮ জনক গ্ৰেপ্তাৰ

বৰ্তমান উন্নত সমাজ ব্যৱস্থাতো এচাম লোকে বিশ্বাস কৰে এই অন্ধবিশ্বাস ৷ ডাইনীৰ সন্দেহত এটা দম্পতিক জীয়ন্তে জ্বলাই হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। ইতিমধ্যে কাৰ্বি আংলঙৰ ডাইনী কাণ্ড সন্দৰ্ভত পুৰুষ মহিলাসহ ১৮ জনক গ্ৰেপ্তাৰ কৰাৰ খবৰ পোৱা গৈছে।

অন্ধবিশ্বাসৰ বশৱৰ্তী! কাৰ্বি আংলঙৰ ডাইনী কাণ্ড সন্দৰ্ভত পুৰুষ মহিলাসহ ১৮ জনক গ্ৰেপ্তাৰ
Published: 

02 Jan 2026 | 09:31 PM

অন্ধবিশ্বাস আৰু কুসংস্কাৰ বাবে এতিয়াও অব্যাহত আছে সমাজত ডাইনীৰ কু–ব্যাধি। অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ কৰাল গ্ৰাসত থকা গাঁৱত আই জি পি অখিলেশ কুমাৰ সিংহ।

ডাইনী সন্দেহত গাঁওবাসীয়ে এটা দম্পতিক জীয়ন্তে জ্বলাই হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। এই ভয়ংকৰ ঘটনাটো ৩০ ডিচেম্বৰৰ নিশা জিলাখনৰ হাওৰাঘাট আৰক্ষী চকীৰ অন্তৰ্গত ১ নং বেলোগুৰি মুণ্ডা গাঁৱত সংঘটিত হয়। কাৰ্বি আংলঙৰ গাৰ্ডি বেৰুৱা (৪৩) আৰু মীৰা বেৰোৱা (৩৩) নামৰ দম্পতিটোক জ্বলাই হত্যা কৰে । দম্পতিটোক ডাইনীৰ সন্দেহত ঘৰৰ পৰা মাতি আনি চোকা অস্ত্ৰৰে আঘাত কৰাৰ লগতে জ্বলাই নৃশংসভাৱে হত্যা কৰে । তাৰ পিছতে কাৰ্বি আংলং জিলা এ ডি চি আৰু প্ৰশাসনীয় বিষয়ববীয়া উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰে।

এই নৃশংস ঘটনাই পুনৰ এবাৰ সমাজত অন্ধবিশ্বাসৰ ভয়াবহ পৰিণতি উন্মোচন কৰিছে। প্ৰশাসনৰ লগতে সচেতন মহলে এনে কাণ্ডৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে। কাৰ্বি আংলং তথা সমগ্ৰ ৰাজ্য কপাঁই যোৱা এই ডাইনী কাণ্ডৰ ঘটনা সন্দৰ্ভত শুকুৰবাৰে গুৱাহাটীৰ পৰা আই জি পি অখিলেশ কুমাৰ সিংহ আৰু কাৰ্বি আংলং জিলা আৰক্ষী অধীক্ষক(এছ পি) পুষ্পৰাজ সিংহ ঘটনা স্থলীত উপস্থিত থাকি ঘটনাৰ বুজ লয়। লগতে আই জি পি অখিলেশ কুমাৰ সিংহই সংবাদ মাধ্যমৰ আগত পুৰুষ মহিলাসহ ১৮ জনক গ্ৰেপ্তাৰ কৰা হৈছে বুলি প্ৰকাশ কৰে ।

 

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব