Martyr Kushal Konwar’s Death Anniversary : আজি শ্বহীদ কুশল কোঁৱৰৰ মৃত্যু বাৰ্ষিকী, জানক মহান সংগ্ৰামীগৰাকীৰ আত্মবলিদানৰ বিষয়ে…
আজি শ্বহীদ কুশল কোঁৱৰৰ ৮২ সংখ্যক মৃত্যু বাৰ্ষিকী। তেওঁৰ সাহস আৰু দেশৰ হকে কৰা মহান ত্যাগে প্ৰতিটো প্ৰজন্মকে অনুপ্ৰেৰণা যোগাই আহিছে। ৰাজ্যৰ ঠায়ে ঠায়ে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান তথা ব্যক্তি বিশেষে তেওঁক শ্ৰদ্ধাৰে সুঁৱৰিছে ৷

আজি শ্বহীদ কুশল কোঁৱৰৰ মৃত্যু বাৰ্ষিকী
ভাৰতৰ স্বাধীনতা আন্দোলনৰ শ্বহীদ কুশল কোঁৱৰৰ আজি ৮২ সংখ্যক মৃত্যু দিৱস। ভাৰতৰ স্বাধীনতা আন্দোলনত যোগদান কৰি ফাঁচি বৰণ কৰা অসমৰ শেষৰজন শ্বহীদ তথা ৪২’ৰ ভাৰত ত্যাগ আন্দোলনৰ ফাঁচি বৰণ কৰা একমাত্ৰ শ্বহীদ। স্বাধীনতাৰ সংগ্ৰামত বীৰদৰ্পে যুঁজ দিছিল শ্বহীদ কুশল কোঁৱৰে। আজি তেওঁৰ ৮২ সংখ্যক মৃত্যু বাৰ্ষিকী।
১৯০৫ চনত ২১ মাৰ্চত অসমৰ গোলাঘাট জিলাৰ (তেতিয়াৰ শিৱসাগৰ জিলাৰ অন্তৰ্গত) ঘিলাধাৰী মৌজাৰ চাওদাং চাৰিআলিৰ এখন মধ্যবিত্ত পৰিয়ালত কুশল কোঁৱৰৰ জন্ম হয়। তেওঁৰ পিতৃৰ নাম আছিল সোণাৰাম কোঁৱৰ আৰু মাতৃৰ নাম আছিল কনকেশ্বৰী কোঁৱৰ।
১৯১৯ চনৰ জালিয়ানৱালাবাগৰ হত্যাকাণ্ড আৰু তাৰেই ফলত সমগ্ৰ ভাৰতবৰ্ষতে সৃষ্টি হোৱা বিদ্ৰোহ আৰু মহাত্মা গান্ধীৰ নেতৃত্বত আৰম্ভ হোৱা অসহযোগ আন্দোলনৰ প্ৰভাৱ অসমতো যথেষ্ট পৰিমাণে পৰিছিল। ১৯২১ চনত কুশল কোঁৱৰে আন বহুতো অসমীয়া ডেকা গাভৰু তথা স্কুলীয়া বিদ্যাৰ্থীৰ দৰে বিদ্যালয় ত্যাগ কৰি এই আন্দোলনত জঁপিয়াই পৰে। সেইসময়ত কোঁৱৰৰ বয়স আছিল মাত্ৰ ১৭ বছৰ। সেইসময়তে অৰ্থনৈতিক দুৰৱস্থাৰ বাবে কুশল কোঁৱৰৰ দেউতাকে পৈতৃক সম্পত্তি বিক্ৰি কৰি বালিজানৰ পৰা ৰেংমাই লৈ গুচি যায়।
১৯২৫ চনৰ জানুৱাৰী মাহৰ মাঘ বিহুৰ দুদিনৰ পিছৰ পৰা তেওঁ ৰেংমাই প্ৰাথমিক বিদ্যালয় স্থাপন কৰি প্ৰধান শিক্ষকৰ দায়িত্ব দুবছৰ চম্ভালি ১৯২৭ চনৰ ১৭ জুনত বালিজান চাহবাগিচাত বাগিচা পৰিদৰ্শক হিচাপে সোমায় আৰু এই বাগিচাতেই ১৯৩৬ চনলৈ কাৰ্যনিৰ্বাহ কৰে। ইয়াৰ পিছত ১৯২৯ চনত কুশল কোঁৱৰে জনৈক প্ৰেমানন্দ দুৱৰাৰ জীয়ৰী প্ৰভাৱতীৰ সৈতে বিবাহ পাশত আৱদ্ধ হয়।
ভাৰত ত্যাগ আন্দোলনত কুশল কোঁৱৰৰ ভূমিকা
কুশল কোঁৱৰে স্বাধীনতাৰ লগতে কানি আৰু অস্পৃশ্যতা বৰ্জন আন্দোলনত নামি বাগিচাৰ কাম ত্যাগ কৰে। তেওঁ সামাজিক কাম কৰাৰ স্বাৰ্থত গোলাঘাট জিলা কংগ্ৰেছৰ সম্পাদক হিচাপে দায়িত্ব গ্ৰহণ কৰে। কুশল কোঁৱৰে অহিংস আন্দোলনত সদায় গুৰুত্ব দিছিল আৰু হিংসাত্মক পন্থাত তেওঁ অবিশ্বাসী আছিল। কিন্তু ১৯৪২ চনৰ ১০ অক্টোবৰত সংঘটিত সৰুপথাৰৰ ৰে’ল দুৰ্ঘটনাটোৰ দলপতি বুলি তেওঁক ১৯৪২ চনৰ তিনি নৱেম্বৰত গ্ৰেপ্তাৰ কৰা হয় বুলি জনা যায়। ইয়াৰ পিছত তেওঁৰ বিৰুদ্ধে বিচাৰ চলিল আৰু দুৰ্ঘটনাৰ প্ৰথম গৰাকী অভিযুক্ত হিচাপে অভিহিত কৰি মৃত্যুদণ্ডৰ হুকুম বিহা হয়। (তথ্য সংগ্ৰহ- বিৱিপিডিয়া)
১৯৪২ চনৰ এই ঐতিহাসিক ভাৰত ত্যাগ আন্দোলনত অসমৰ কিছু সংখ্যক লোকেও স্বতঃস্ফূৰ্তভাৱে যোগদান কৰে। অসম প্ৰদেশ কংগ্ৰেছৰ দুজন নেতা গোপীনাথ বৰদলৈ আৰু সিদ্ধিনাথ শৰ্মাক ব্ৰিটিছে ধুবুৰীত কংগ্ৰেছ ৱৰ্কিং কমিটিৰ বৈঠকত অংশ গ্ৰহণ কৰি বোম্বাইৰ পৰা উভতি অহাৰ সময়ত গ্ৰেপ্তাৰ কৰে। আন কংগ্ৰেছ নেতা যেনে বিষ্ণুৰাম মেধি, বিমলা প্ৰসাদ চলিহা, মোঃ তায়েবুলা, অমিয় কুমাৰ দাস, দেৱেশ্বৰ শৰ্মা আদিক অসমৰ বিভিন্ন প্ৰান্তৰ পৰা গ্ৰেপ্তাৰ কৰি কাৰাগাৰত থোৱা হয়। অসমো ভাৰতৰ বাকী অংশৰ দৰে জ্বলি গৈছিল আৰু বহুলোকে হিংসাত লিপ্ত হৈ অহিংসাৰ পথ এৰি পেলাইছিল।
১৯৪২ চনৰ ১০ অক্টোবৰত শঙ্কৰ বৰুৱা, সুৰেন ফুকন আৰু বৈকুণ্ঠ সিঙৰ নেতৃত্বত পুৱতি নিশা কিছুমান লোকে গোলাঘাট জিলাৰ সৰুপথাৰৰ চাংপুলৰ ওচৰত ৰে’লপথৰ কেইটামান চিৰি আঁতৰাই। এখন সামৰিক ৰে’ল লাইনৰ পৰা বিচ্ছিন্ন হৈছিল আৰু বহুতো ব্ৰিটিছ আৰু আমেৰিকান সৈন্যই প্ৰাণ হেৰুৱাইছিল। ব্ৰিটিছ সেনাই লগে লগে অঞ্চলটো ঘেৰাও কৰে আৰু অপৰাধীসকলক ধৰিবলৈ অভিযান আৰম্ভ কৰি দিয়ে। অঞ্চলটোৰ বহু নিৰীহ লোকসকলক ধৰি অনা হৈছিল, আৰু হাৰাশাস্তি কৰা হৈছিল। এনেদৰে য’তে-ত’তে সাধাৰণ মানুহক মাৰপিট কৰি আৰু গ্ৰেপ্তাৰ কৰি ব্ৰিটিছ আৰক্ষীয়ে সন্ত্ৰাস সৃষ্টি কৰিছিল।
কুশল কোঁৱৰক ৰে’ল ধ্বংসৰ মুখ্য ষড়যন্ত্ৰকাৰী বুলি অভিযোগ কৰি ব্ৰিটিছ আৰক্ষীয়ে তেওঁকো গ্ৰেপ্তাৰ কৰে। গান্ধীজীৰ এজন উৎসাহী অনুগামী আৰু তেওঁৰ অহিংসাৰ নীতি, কুশল ধ্বংসাত্মক পৰিকল্পনা আৰু কাৰ্যৰ বিষয়ে অজ্ঞ আছিল। তেওঁ নিৰ্দোষ আছিল কিন্তু আৰক্ষীয়ে তেওঁক ৰেল ধ্বংসৰ মাষ্টাৰমাইণ্ড হিচাপে অভিযুক্ত কৰিছিল। তেওঁক গোলাঘাটৰ পৰা অনা হৈছিল আৰু ১৯৪২ চনৰ ৫ নৱেম্বৰত তেওঁক যোৰহাট কাৰাগাৰত ৰখা হৈছিল।
১৯৪৩ চনৰ ১১ ফেব্ৰুৱাৰীত ইংৰাজ চৰকাৰৰ অধ্যাদেশ ১১১, ১৯৪২ আৰু শাখা ১০৯, ১ পি.ছি(Ordinance, 111, 1942 and sec. 109 1 p.c.) দ্বাৰা সেইসময়ৰ শিৱসাগৰ জিলাৰ উপায়ুক্ত মিষ্টাৰ এনদ্ৰু কেম্বল হামফ্ৰিক বিশেষ ক্ষমতা প্ৰদান কৰি গোলাঘাট লোকেল ব’ৰ্ড কাৰ্যালয়ত কুশল কোঁৱৰৰ বিচাৰ আৰম্ভ হয়। আদালতে তেওঁক দোষী ঘোষণা কৰে যদিও তেওঁৰ বিৰুদ্ধে এটাও প্ৰমাণ নাছিল। কুশলক ফাঁচী দি মৃত্যুদণ্ড দিবলৈ আদেশ দিয়া হৈছিল। তেওঁ ৰায়টো সন্মানৰ সৈতে গ্ৰহণ কৰিছিল। আদালতে ফাঁচিৰ তাৰিখ ১৯৪৩ চনৰ ১৫ জুনৰ পুৱা বুলি ধাৰ্য কৰে। ইয়াৰ পিছত ইংৰাজ চৰকাৰে কোঁৱৰৰ পত্নী প্ৰভাৱতী কুঁৱৰীলৈ ১৩ জুনৰ ভিতৰত যোৰহাটৰ কাৰাগাৰত কুশল কোঁৱৰক লগ কৰিব পাৰিব বুলি বাৰ্তা দিয়ে। তেতিয়া তেওঁৰ পত্নী প্ৰভাৱতীয়ে ১৯৪৩ চনৰ ১২ জুনত দুই পুত্ৰ খগেন কোঁৱৰ আৰু নগেন কোঁৱৰ আৰু দেওৰেক পূৰ্ণ কোঁৱৰক লগত লৈ তেওঁক যোৰহাট কাৰাগাৰত সাক্ষাৎ কৰে। তেওঁৰ পত্নীক লগ পোৱাৰ পিছত কৈছিল যে ‘তেওঁ গৌৰৱান্বিত যে ঈশ্বৰে তেওঁক দেশৰ বাবে সৰ্বোচ্চ বলিদান দিয়া হাজাৰ হাজাৰ বন্দীৰ ভিতৰত একমাত্ৰ ব্যক্তি হ’বলৈ নিৰ্বাচন কৰিছে’। তেওঁৰ বাকী থকা দিনবোৰ জ্যোতি কাৰাগাৰৰ মৃত্যুশাৰীৰ কোষত প্ৰাৰ্থনা আৰু গীতা পঢ়ি অতিবাহিত কৰিছিল। ইয়াৰ পিছত ১৯৪৩ চনৰ ১৫ জুনৰ পুৱা কুশল কোঁৱৰক যোৰহাট কেন্দ্ৰীয় কাৰাগাৰত ফাঁচি দিয়া হয়।
দেশৰ স্বাভিমান আৰু দেশৰ হেৰোৱা স্বাধীনতা ঘুৰাই আনিবলৈ মহান সংগ্ৰামীগৰাকীয়ে দিয়া আত্মবলিদানক পৃথিৱীয়ে যুগে-যুগে স্মৰণ কৰিব। তেওঁৰ দেশপ্ৰেম আৰু আত্মত্যাগে স্বদেশৰ হকে কাম কৰি যাবলৈ আমাৰ চিৰকাল প্ৰেৰণা যোগাব। আজি মহান সংগ্ৰামীগৰাকীলৈ পুণ্যতিথিত আমিও গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ।