১৫ খন দেশৰ প্ৰতিনিধিৰ অংশগ্ৰহণৰে গুৱাহাটীত দ্বাদশ পূব হিমালয়ান প্ৰকৃতিবিজ্ঞান মঞ্চ

এইবাৰ আলোচনাৰ বিষয় হ’ল- তৃতীয় মেৰু আৰু হিমসাগৰ [পূব হিমালয়]ৰ ভৱিষ্যত৷ উল্লেখ্য যে ভাৰত, নেপাল, ভূটান, চীন আৰু ম্যানমাৰক সামৰি লোৱা পূব হিমালয় তৃতীয় মেৰুৰ অংশ যিটো এছিয়া মহাদেশৰ পানী যোগানৰ বাবে অতি গুৰুত্বপূৰ্ণ৷

১৫ খন দেশৰ প্ৰতিনিধিৰ অংশগ্ৰহণৰে গুৱাহাটীত দ্বাদশ পূব হিমালয়ান প্ৰকৃতিবিজ্ঞান মঞ্চ

গুৱাহাটীত দ্বাদশ পূব হিমালয়ান প্ৰকৃতিবিজ্ঞান মঞ্চ

Updated On: 

17 Oct 2024 | 08:04 PM

বালিপাৰা ফাউণ্ডেচনে পূৰ্বৰ দৰে এইবাৰো অহা ২৬-২৭ নৱেম্বৰত গুৱাহাটীত দুদিনীয়াকৈ আয়োজন কৰিব দ্বাদশ পূব হিমালয়ান প্ৰকৃতিবিজ্ঞান মঞ্চ শীৰ্ষক এক আন্তৰ্জাতিক আলোচনা চক্ৰ৷ এইবাৰ আলোচনাৰ বিষয় হ’ল- তৃতীয় মেৰু আৰু হিমসাগৰ [পূব হিমালয়]ৰ ভৱিষ্যত৷ উল্লেখ্য যে ভাৰত, নেপাল, ভূটান, চীন আৰু ম্যানমাৰক সামৰি লোৱা পূব হিমালয় তৃতীয় মেৰুৰ অংশ যিটো এছিয়া মহাদেশৰ পানী যোগানৰ বাবে অতি গুৰুত্বপূৰ্ণ৷ ইয়াৰ ‘জল টাৱাৰ’বোৰে ব্ৰহ্মপুত্ৰ, গংগা, মেকঙৰ দৰে ডাঙৰ নদীক অনন্তৰূপত পানীৰে জাগ্ৰত কৰি ৰাখে আৰু কৌটি কৌটি লোকক জীৱন ধাৰণত সহায় কৰে৷ প্ৰায় বাৰ হেজাৰৰো অধিক প্ৰজাতিৰ জৈৱ বৈচিত্ৰৰে পৰিপূৰ্ণ এই অঞ্চলটোৰ জলবায়ুৰ প্ৰতি ভয়াৱহ ভাবুকি আহিছে৷ ভয়াবহ ভৱিষ্যতৰ সন্মুখীন হৈছে জীৱকুল৷ দ্ৰুত হিমবাহৰ গলিত পানীৰ প্ৰবাহত ব্যাঘাত জন্মাইছে তথা বানপানী, ভূমি¦খলন বৃদ্ধি পাইছে৷ ইয়াৰ নেতিবাচক প্ৰভাব পৰিছে কৃষি, জলবিদ্যুৎ আৰু জৈৱ বৈচিত্ৰৰ ওপৰত৷ ইতিমধ্যে ভাৰত আৰু বাংলাদেশৰ দৰে দেশত ইয়াৰ গুৰুতৰ প্ৰভাৱ পৰিলক্ষিতও হৈছে৷

‘তৃতীয় মেৰু আৰু হিমসাগৰ [পূব হিমালয়] ৰ ভৱিষ্যত’ শীৰ্ষক এইবাৰৰ মঞ্চত জৰুৰীভাৱে জটিল পৰিৱেশ বিষয়সমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব৷ পূব হিমালয় তথা উত্তৰ-পূব ভাৰত, নেপাল, ভূটান, তিব্বত, ম্যানমাৰ, উত্তৰ বংগ আৰু বাংলাদেশক সামৰি লোৱা হিমসাগৰ পৰিৱেশ তন্ত্ৰ আৰু জীৱিকাৰ বাবে অতি প্ৰয়োজনীয়৷ ইয়াৰ নদীসমূহ যেনে তীস্তা, ব্ৰহ্মপুত্ৰ আৰু গংগাৰ জল সুৰক্ষা তথা কৃষি আৰু জৈৱ বৈচিত্ৰত জলবায়ু পৰিৱৰ্তনে প্ৰাকৃতিক বৰফ গলি যোৱা আৰু ঋতুভিত্তিক প্ৰবাহত ব্যাঘাত জন্মাইছে৷ ইয়াৰ ফলত ভৈয়ামত থকা লাখ লাখ লোক বানপানীৰ সমস্যাত ভুক্তভূগি হোৱাৰ লগতে জীৱন-জীৱিকাৰ প্ৰতিও ভাবুকি আহিছে৷’ বালিপাৰা ফাউণ্ডেচনৰ প্ৰতিষ্ঠাপক ৰঞ্জিত বৰঠাকুৰে ব্যক্ত কৰে৷

উল্লেখ্য যে ভূমি ৰূপান্তৰৰ বাবে বনাঞ্চল ধ্বংস হোৱাৰ ফলত মাটিৰ খহনীয়া অধিক ব্যপক হৈ পৰিছে আৰু কাৰ্বন শোষণ হ্ৰাস পাইছে৷ উত্তৰ-পূব ভাৰতে ২০০১ চনৰ পৰা ২০২৩ চনৰ ভিতৰত ১৭,৬৫০ বৰ্গ কিলোমিটাৰ গছৰ আৱৰণ হেৰুৱাই জলবায়ুৰ প্ৰভাৱ তীব্ৰতৰ কৰি তুলিছে৷ অস্থায়ী কৃষি আৰু সম্পদ আহৰণৰ দৰে মানৱীয় কাৰ্যকলাপে পৰিৱেশ তন্ত্ৰক আৰু অধিক অৱনতি ঘটাইছে৷ হিমবাহৰ গলনাংক আৰু বনাঞ্চল ধ্বংসকে ধৰি জলবায়ু পৰিৱৰ্তনৰ প্ৰতি দুৰ্বল অঞ্চল উত্তৰ-পূব ভাৰতৰ বাবে এইবাৰৰ মঞ্চত আলোচ্য বিষয়টো অতি প্ৰয়োজনীয়৷ ব্ৰহ্মপুত্ৰ নদীত হিমবাহৰ গলনাংক আৰু অস্বাভাৱিক বাৰিষাৰ ফলত প্ৰলয়ংকাৰী বানপানীৰ সন্মুখীন হৈ খেতি, আন্তঃগাঁথনি, জীৱিকাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে৷ এই প্ৰত্যাহ৩ানসমূহৰ সৈতে মোকাবিলা কৰিবলৈ দীৰ্ঘম্যাদী বহনক্ষমতা আৰু স্থিতিস্থাপকতাৰ বাবে অতি গুৰুত্বপূৰ্ণ৷

এইবাৰ মঞ্চত জলভাগ ব্যৱস্থাপনা, সীমা অতিক্ৰম কৰা জল সহযোগিতা, বন সংৰক্ষণ, নবীকৰণযোগ্য শক্তি, বহনক্ষম ভূমি ব্যৱস্থাপনা, সম্প্ৰদায়ৰ নেতৃত্বত সংৰক্ষণ আৰু আৱৰ্জনা ব্যৱস্থাপনাকে ধৰি পূব হিমালয়, বিশেষকৈ উত্তৰ-পূব ভাৰতৰ মূল প্ৰত্যাহ্বানসমূহৰ সমাধান উলিয়াবলৈ দেশী-বিদেশী বিশেষজ্ঞই মত আগবঢ়াব৷ দুদিনীয়া কাৰ্যসূচীত ১৫ দেশৰ ৬০ জনতকৈ অধিক বক্তা আৰু অংশীদাৰৰ সৈতে আলোচনা কৰা হ’ব৷ উল্লেখ্য যে ২০০৭ চনত প্ৰতিষ্ঠা হোৱা বালিপাৰা ফাউণ্ডেচনে গ্ৰাম্য জনগোষ্ঠীৰ সৈতে অংশীদাৰিত্ব কৰি বনাঞ্চল পুনৰুদ্ধাৰ, দৰিদ্ৰতাৰ চক্ৰ ভংগ আৰু সংৰক্ষণৰ জৰিয়তে অৰ্থনৈতিক সুযোগ সৃষ্টি কৰাৰ ক্ষেত্ৰত অবিৰত তথা অগনিত ফলপ্ৰসু পদক্ষেপ হাতত লৈছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...