শিৱসাগৰত তিনি লম্পটৰ অপকৰ্মৰ বলি ১১ বছৰীয়া নাবালিকা…!

জয়সাগৰত সভ্য সমাজক লজ্জানত কৰা এক জঘন্য ঘটনা সংঘটিত হোৱাৰ খবৰ লাভ কৰা গৈছে । প্ৰাপ্ত খবৰ অনুসৰি, এগৰাকী ১১ বছৰীয়া নাবালিকা ৫২ বছৰীয়া এজন ব্যক্তিৰ অপকৰ্মৰ বলি হোৱাৰ অভিযোগ উত্থাপন হৈছে । যৌন নিৰ্যাতনৰ এই অভিযোগত তিনিজন ব্যক্তিৰ নাম সাঙোৰ খাই পৰিছে ।

শিৱসাগৰত তিনি লম্পটৰ অপকৰ্মৰ বলি ১১ বছৰীয়া নাবালিকা...!

প্ৰতীকী ফটো

Updated On: 

29 Sep 2024 00:07 AM

শিৱসাগৰ জিলাৰ জয়সাগৰত সভ্য সমাজক লজ্জানত কৰা এক জঘন্য ঘটনা সংঘটিত হোৱাৰ খবৰ লাভ কৰা গৈছে । প্ৰাপ্ত খবৰ অনুসৰি, এগৰাকী ১১ বছৰীয়া নাবালিকা ৫২ বছৰীয়া এজন ব্যক্তিৰ অপকৰ্মৰ বলি হোৱাৰ অভিযোগ উত্থাপন হৈছে । যৌন নিৰ্যাতনৰ এই অভিযোগত তিনিজন ব্যক্তিৰ নাম সাঙোৰ খাই পৰিছে । সূত্ৰ অনুসৰি, তেওঁলোকৰ নাম হৈছে- ৰাজেন্দ্ৰ ঠাকুৰ আৰু গজেন্দ্ৰৰাজ আৰু বিপীন কুমাৰ ।

জানিব পৰা মতে, ১১ বছৰীয়া নাবালিকাক যৌন নিৰ্যাতন চলোৱা অভিযোগ উত্থাপিত হোৱা ব্যক্তি তিনিজনৰ মাজৰে এজন পলাতক অৱস্থাত আছে বুলি জানিব পৰা গৈছে । অভিযোগ উত্থাপন হোৱাৰ পাছতে ৰাজেন্দ্ৰ ঠাকুৰ আৰু গজেন্দ্ৰৰাজক ইতিমধ্যে জয়সাগৰ আৰক্ষীয়ে আটক কৰিছে । আনহাতে আনজন বিপীন কুমাৰ বৰ্তমানে পলাতক অৱস্থাত আছে বুলি জানিব পৰা গৈছে ।

অভিযোগ অনুসৰি, নিজ পিতৃয়ে ৫০০ টকাৰ বিনিময়ত ১১ বছৰীয়া নাবালিকা গৰাকীক এই অভিযুক্ত কেইজনক বিক্ৰী কৰিছিল । ঘটনাৰ খবৰ লাভ কৰাৰ পাছতে ইয়াৰে দুজন অভিযুক্তক স্থানীয় লোকে কৰায়ত্ত কৰি আৰক্ষীক চমজাই দিয়ে । ইতিমধ্যে ৰাজেন্দ্ৰ ঠাকুৰ নামৰ লোকজনে আৰক্ষীৰ ওপৰত নাবালিকাৰ গৰাকীক যৌন নিৰ্যাতন চলোৱাৰ কথা স্বীকাৰ কৰিছে বুলি জানিব পৰা গৈছে । বৰ্তমান তেওঁলোক শিৱসাগৰ সদৰ আৰক্ষীৰ জিম্মাত আছে ।

এগৰাকী মহিলাই এই ঘটনাৰ সন্দৰ্ভত কয় যে, গাঁৱৰে দুজন যুৱকে ঘটনাৰ সন্দৰ্ভত স্থানীয় ৰাইজক অৱগত কৰে । ইয়াৰ পাছতে স্থানীয় ৰাইজে এই জঘন্য ঘটনাৰ সৈতে জড়িত থকা দুজন অভিযুক্তক কৰায়ত্ত কৰি জয়সাগৰ আৰক্ষীক গতাই দিয়ে । ইয়াৰে এজন অভিযুক্ত এতিয়াও পলাই আছে বুলি সদৰী কৰিছে মহিলা গৰাকীয়ে ।

ইফালে, অভিযোগ উত্থাপন হোৱা নাবালিকা গৰাকীৰ পিতৃৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ দাবী উত্থাপন কৰিছে স্থানীয় লোকে । সমান্তৰালভাৱে ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত অভিযুক্তৰ বিৰুদ্ধেও কঠোৰ শাস্তিৰ দাবী উত্থাপন কৰিছে স্থানীয় লোকে । মহিলা গৰাকীয়ে দাবী কৰে যে, মহিলাৰ বিৰুদ্ধে সংঘটিত হোৱাৰ এইধৰণৰ ঘটনা নাইকীয়া কৰিবলৈ কঠোৰ আইন প্ৰণয়ন কৰিব লাগে ।

পেটত আলচাৰ হোৱাৰ ৩ টা প্ৰধান কাৰণ কি কি ? প্ৰতিৰোধৰ উপায়...
টোপনিৰ সমস্যা বাঢ়িছে নেকি? কি কি কাৰণত অনিদ্ৰা সমস্যা হ'ব পাৰে? জানক
পেটত বাৰে বাৰে গেছ হোৱাৰ কাৰণ কি? জানক সকলো...
প্ৰতিদিনে নহৰু খালে কি কি ৰোগৰ আশংকা কমে? জানক...
জুবিন গাৰ্গ হত্যাকাণ্ডৰ অভিযুক্তক মৃত্যুদণ্ডৰ দাবী...
এগৰাকী আইতাৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা...
শিৱসাগৰত পথাৰত ঘাঁহ কাটিবলৈ যাওঁতেই এজনক গঁড়ৰ আক্ৰমণ...