খাৰঘূলিৰ জলবিস্ফোৰণত ক্ষতিগ্ৰস্ত পৰিয়াললৈ ১১.৯৬ লাখ টকাৰ ক্ষতিপূৰণ…

খাৰঘূলিত সংঘটিত জলবিস্ফোৰণৰ ফলত ক্ষতিগ্ৰস্তসকলৰ বাবে ১১,৯৬,৫০০ টকা ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰিছে ৰাজ্য চৰকাৰে । আজি মুখ্য়মন্ত্ৰী কাৰ্যালয়ে এক্স হেণ্ডেলৰ জৰিয়তে ২৩ টা পৰিয়ালৰ তালিকা প্ৰকাশ কৰি এই ক্ষতিপূৰণ আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে ।

খাৰঘূলিৰ জলবিস্ফোৰণত ক্ষতিগ্ৰস্ত পৰিয়াললৈ ১১.৯৬ লাখ টকাৰ ক্ষতিপূৰণ...

খাৰঘূলিৰ জলবিস্ফোৰণ

Updated On: 

04 Jan 2025 | 05:00 PM

যোৱা ২ জানুৱাৰী তাৰিখে খাৰঘূলিত সংঘটিত জলবিস্ফোৰণৰ ফলত ক্ষতিগ্ৰস্তসকলৰ বাবে ১১,৯৬,৫০০ টকা ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰিছে ৰাজ্য চৰকাৰে । এই ঘটনাত অঞ্চলটোৰ ২৩ জন বাসিন্দাৰ সাংঘাতিকধৰণে ক্ষতিগ্ৰস্ত হৈছিল । জাইকা- গুৱাহাটী পানী যোগান প্ৰকল্পৰ অধীনত প্ৰদান কৰা হ’ব এই ধনৰাশি । উল্লেখ্য যে,এই জলবিস্ফোৰণৰ ফলত ২৩ জন বাসিন্দাৰ ঘৰ সাংঘাতিক ধৰণে ক্ষতিগ্ৰস্ত হৈছিল ।

আজি মুখ্য়মন্ত্ৰী কাৰ্যালয়ে এক্স হেণ্ডেলৰ জৰিয়তে ২৩ টা পৰিয়ালৰ তালিকা প্ৰকাশ কৰি এই ক্ষতিপূৰণ আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে । ইয়াৰ লগতে ক্ষতিপূৰণৰ বিশদ বিৱৰণ প্ৰস্তুত কৰা হৈছে আৰু প্ৰভাৱিত লোকসকলক এই ধনৰাশি তৎকালীনভাৱে বিতৰণ কৰা হ’ব বুলি স্পষ্ট কৰি দিছে মুখ্যমন্ত্ৰী কাৰ্যালয়ে ।

উল্লেখ্য যে, যোৱা ২ জানুৱাৰী তাৰিখে খাৰঘূলিৰ নামঘৰ চ’কত গুৱাহাটী জল ব’ৰ্ডৰ পানীৰ পাইপ ফুটাৰ ফলত জলবিস্ফোৰণৰ দৰে ঘটনা সংঘটিত হয় । ইয়াৰ ফলত ৩০ৰ পৰা ৪০ পৰ্যন্ত ওপৰলৈ উঠিছিল পানীৰ ফোঁৱাৰা। সমান্তৰালভাৱে এই দুৰ্যোগৰ বাবে উজান বজাৰ-খাৰঘূলিৰ যাতায়াত ব্যৱস্থা ব্যাহত হৈ পৰে । একে সময়তে সমগ্ৰ অঞ্চলটোৰ বিস্তৰ ক্ষতিসাধান হয় ।

এই ঘটনা সংঘটিত হোৱাৰ পাছতে ঘটনাস্থলীত উপস্থিত হয় নগৰ উন্নয়ন মন্ত্ৰী জয়ন্ত মল্লবৰুৱা আৰু মন্ত্ৰী গৰাকীয়ে সমগ্ৰ পৰিস্থিতি বুজ লয় । ইফালে নগৰ উন্নয়ন মন্ত্ৰীগৰাকীয়ে ক্ষতিগ্ৰস্ত পৰিয়ালক ক্ষতিপূৰণ দিব বুলিও আশ্বাস দিছিল ।

এই ঘটনা সংঘটিত হোৱাৰ পাছতে পাইপ মেৰামতিৰ বাবে ৩ দিনলৈ গুৱাহাটীত পানী যোগান বন্ধ ৰখা সিদ্ধান্ত গ্ৰহণ কৰে জল ব’ৰ্ডে। ৫ জানুৱাৰীলৈ পানী যোগান ব্যাহত হ’বলগীয়া অঞ্চলসমূহ হৈছে- অমিয় নগৰ, চানমাৰি, ৰাজগড়, লাচিত নগৰ, উলুবাৰী, চিৰিয়াখানা পথ, অনিল নগৰ, নবীন নগৰ, তৰুণ নগৰ, ভাস্কৰ নগৰ, এমটি ৰোড, গীতনগৰ, অম্বিকাগিৰি নগৰ, লতাশিল, শিলপুখুৰী, পানবজাৰ, খাৰঘূলি আদি ৷

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...