১০৮ কৰ্মীৰ প্ৰতিবাদে ১৭দিন অতিক্ৰম কৰিলে, কি আশ্বাস দিলে স্বাস্থ্যমন্ত্ৰীয়ে?

১০৮ কৰ্মীৰ প্ৰতিবাদে ১৭দিন অতিক্ৰম কৰিলে। আজি প্ৰতিবাদৰ মাজতে সংবাদমেল সম্বোধন ১০৮ৰ কৰ্মচাৰীৰ। আজি স্বাস্থ্যমন্ত্ৰীৰ সৈতে বিশেষ আলোচনা হৈছে ১০৮ কৰ্মচাৰীৰ সভাপতি-সম্পাদকৰ।

১০৮ কৰ্মীৰ প্ৰতিবাদে ১৭দিন অতিক্ৰম কৰিলে, কি আশ্বাস দিলে স্বাস্থ্যমন্ত্ৰীয়ে?
Updated On: 

17 Dec 2025 18:32 PM

অব্যাহত আছে ১০৮ কৰ্মচাৰীৰ প্ৰতিবাদ। ১৭ দিন ধৰি চচলৰ ধৰ্ণাস্থলীত ধাৰাবাহিক প্ৰতিবাদ সদৌ অসম ১০৮ মৃত্যুঞ্জয় কৰ্মচাৰী সন্থাৰ। অৱশেষত আজি স্বাস্থ্যমন্ত্ৰীৰ সৈতে বিশেষ আলোচনা হৈছে ১০৮ কৰ্মচাৰীৰ সভাপতি-সম্পাদকৰ। কিন্তু কি কি আলোচনা কৰিলে জানো আহক…

আজি প্ৰতিবাদৰ মাজতে সংবাদমেল সম্বোধন কৰে ১০৮ মৃত্যুঞ্জয় কৰ্মচাৰী সন্থাৰ সভাপতি প্ৰাঞ্জল শৰ্মাই। তেওঁ কয়, ‘১৭ দিন ধৰি আমি প্ৰতিবাদ কৰিছোঁ। চৰকাৰৰ কোনো সহযোগিতা নাই। আমাৰ প্ৰতিবাদৰ ভাষা বুজি পোৱা নাই। আমাৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিছে। আমি এম্বুলেন্স ৰখাই ৰোগীক কেতিয়াও হাৰাশাস্তি কৰা নাই। স্বাস্থ্যমন্ত্রীক আজি আমি সাক্ষাৎ কৰিছোঁ। তেওঁ আমাক গোটেই বিষয় সন্দৰ্ভত আশ্বাস প্ৰদান কৰিছে । কিন্তু আমি সন্তুষ্ট নহয়। আমি আমাৰ প্ৰাপ্য বিচাৰিছোঁ।’

ইয়াৰ লগতে সংবাদমেলত কয়, ‘১৭ বছৰ আমি ৰাইজৰ সেৱা কৰিছোঁ, ৰাইজে অসুবিধা পোৱাটো আমি নিবিচাৰোঁ। আমাৰ ল’ৰা সকলো প্ৰতিবাদত আছে, আমাৰ এম্বুলেন্সখনক আমি মন্দিৰৰ দৰে পূজা কৰোঁ। এম্বুলেন্সৰ ক্ষতি সাধন দুৰ্ভাগ্যজনক কথা। যি সকলে এম্বুলেন্সক দু-ব্যৱহাৰ কৰিছে, তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছোঁ।’

প্ৰতিদিনে খাওক ডালিম, ৰক্তহীনতাৰপৰা পাচনতন্ত্ৰৰ সমস্যা হ'ব নিৰাময়!
ভৰি ফুলা, ছালৰ খজুৱতি, অনিদ্ৰা... এয়া কি ৰোগৰ ইংগিত?
ফেন, তেজ...বৃক্ক বিকল হ'লে প্ৰস্ৰাৱত দেখা দিয়ে এইসমূহ লক্ষণ, জানক
দূৰ হ'ব আৰ্থিক সমস্যা, আহিব সফলতা! মাত্ৰ ঘৰত ৰাখক এই ৫ বিধ বস্তু...
বৃন্দাবনী বস্ত্ৰ বৰপেটালৈ অনা সন্দৰ্ভত কি ক'লে মুখ্যমন্ত্ৰীয়ে?
ৰাইজে যে কংগ্ৰেছক মাতিব তাৰ কোনো সম্ভাৱনা নাইঃ মুখ্যমন্ত্ৰী
বৰপেটাতো হব বৃহৎ উচ্ছেদঃ মুখ্যমন্ত্ৰী
দুৰ্বল নেকি জুবিন গাৰ্গৰ চাৰ্জশ্বীট? কি ক'লে মুখ্যমন্ত্ৰীয়ে...