১০৮ কৰ্মীৰ প্ৰতিবাদে ১৭দিন অতিক্ৰম কৰিলে, কি আশ্বাস দিলে স্বাস্থ্যমন্ত্ৰীয়ে?

১০৮ কৰ্মীৰ প্ৰতিবাদে ১৭দিন অতিক্ৰম কৰিলে। আজি প্ৰতিবাদৰ মাজতে সংবাদমেল সম্বোধন ১০৮ৰ কৰ্মচাৰীৰ। আজি স্বাস্থ্যমন্ত্ৰীৰ সৈতে বিশেষ আলোচনা হৈছে ১০৮ কৰ্মচাৰীৰ সভাপতি-সম্পাদকৰ।

১০৮ কৰ্মীৰ প্ৰতিবাদে ১৭দিন অতিক্ৰম কৰিলে, কি আশ্বাস দিলে স্বাস্থ্যমন্ত্ৰীয়ে?
Updated On: 

17 Dec 2025 | 06:32 PM

অব্যাহত আছে ১০৮ কৰ্মচাৰীৰ প্ৰতিবাদ। ১৭ দিন ধৰি চচলৰ ধৰ্ণাস্থলীত ধাৰাবাহিক প্ৰতিবাদ সদৌ অসম ১০৮ মৃত্যুঞ্জয় কৰ্মচাৰী সন্থাৰ। অৱশেষত আজি স্বাস্থ্যমন্ত্ৰীৰ সৈতে বিশেষ আলোচনা হৈছে ১০৮ কৰ্মচাৰীৰ সভাপতি-সম্পাদকৰ। কিন্তু কি কি আলোচনা কৰিলে জানো আহক…

আজি প্ৰতিবাদৰ মাজতে সংবাদমেল সম্বোধন কৰে ১০৮ মৃত্যুঞ্জয় কৰ্মচাৰী সন্থাৰ সভাপতি প্ৰাঞ্জল শৰ্মাই। তেওঁ কয়, ‘১৭ দিন ধৰি আমি প্ৰতিবাদ কৰিছোঁ। চৰকাৰৰ কোনো সহযোগিতা নাই। আমাৰ প্ৰতিবাদৰ ভাষা বুজি পোৱা নাই। আমাৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিছে। আমি এম্বুলেন্স ৰখাই ৰোগীক কেতিয়াও হাৰাশাস্তি কৰা নাই। স্বাস্থ্যমন্ত্রীক আজি আমি সাক্ষাৎ কৰিছোঁ। তেওঁ আমাক গোটেই বিষয় সন্দৰ্ভত আশ্বাস প্ৰদান কৰিছে । কিন্তু আমি সন্তুষ্ট নহয়। আমি আমাৰ প্ৰাপ্য বিচাৰিছোঁ।’

ইয়াৰ লগতে সংবাদমেলত কয়, ‘১৭ বছৰ আমি ৰাইজৰ সেৱা কৰিছোঁ, ৰাইজে অসুবিধা পোৱাটো আমি নিবিচাৰোঁ। আমাৰ ল’ৰা সকলো প্ৰতিবাদত আছে, আমাৰ এম্বুলেন্সখনক আমি মন্দিৰৰ দৰে পূজা কৰোঁ। এম্বুলেন্সৰ ক্ষতি সাধন দুৰ্ভাগ্যজনক কথা। যি সকলে এম্বুলেন্সক দু-ব্যৱহাৰ কৰিছে, তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছোঁ।’

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব