23 May 2024 | 12:31 PM
প্ৰচণ্ড গৰমে দহিছে দেশ। সমান্তৰালভাৱে অসমতো গৰমে জ্বলা-কলা খুৱাইছে সকলোকে। অসমত তাপমাত্ৰা ৩৭ ডিগ্ৰী ছেলচিয়াচ অতিক্ৰম কৰি গৈছে। যাৰ বাবে বাহিৰত ওলোৱাতো কঠিন হৈ পৰিছে।
ইয়াৰ মাজতে অত্যাধিক গৰমৰ বাবে সাল-সলনি কৰিছে অসমৰ একাংশ বিদ্যালয়ত পাঠদানৰ সময়। নতুন সময়সূচী অনুসৰি প্ৰাথমিক আৰু প্ৰাক-প্ৰাথমিকত পাঠদান আৰম্ভ হ'ব পুৱা ৭.৩০ বজাৰ পৰা।পাঠদান চলিব ১২ বজালৈ।
মধ্য ইংৰাজী বিদ্যালয়ৰ পাঠদান পুৱা ৭.৩০ বজাৰ পৰা দুপৰীয়া ১২.৩০ বজালৈ চলিব। উচ্চ আৰু উচ্চতৰ মাধ্যমিকৰ পাঠদান হ'ব পুৱা ৭.৩০ ৰ পৰা দুপৰীয়া ১ বজালৈ।
লখিমপুৰ জিলা প্ৰশাসনে জাৰি কৰিছে এই নিৰ্দেশনা। ইয়াৰ লগতে মাজুলী, যোৰহাট, কামৰূপ জিলা প্ৰশাসনেও এই সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰিছে।
ইয়াৰোপৰি বিদ্যালয়সমূহ খোৱাপানীৰ যোগানৰ পৰা আৰম্ভ কৰি প্ৰাৰ্থনা সভা বাৰাণ্ডাত অনুষ্ঠিত কৰাৰ নিৰ্দেশ দিছে। আজিও ৰাজ্যত পৰিছে উৎকট গৰম। পৰৱৰ্তী সময়ত শিক্ষা বিভাগে গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিব বুলি আশা কৰা হৈছে।