এইবাৰ একে সময়তে এক কোটি লোকে গাব অসমৰ জাতীয় সংগীত…

ৰাজ্যৰ সকলো জাতি জনগোষ্ঠীক সমৰি এক কোটি লোকে পৰিৱেশন কৰিব অসমৰ জাতীয় সংগীত। জাতীয় ঐক্যক শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, এই বছৰ বৰাক, বিটিএডি, হাফলং, কাৰ্বি আংলং সকলো অঞ্চল সামৰি একে দিনাই একে সময়তে সকলোৱে একেলগে অ' মোৰ আপোনাৰ দেশ গোৱাৰ সিদ্ধান্ত লোৱা হৈছে ।

এইবাৰ একে সময়তে এক কোটি লোকে গাব অসমৰ জাতীয় সংগীত...

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

Published: 

11 Mar 2025 | 07:55 PM

এইবাৰ এক কোটি লোকে একেলগে পৰিৱেশন কৰিব অসমৰ জাতীয় সংগীত অ’ মোৰ আপোনাৰ দেশ । আজি বিধানসভাত এই কথা ঘোষণা কৰে মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । ৰাজ্যৰ সকলো জাতি জনগোষ্ঠীক সমৰি এক কোটি লোকে পৰিৱেশন কৰিব অসমৰ জাতীয় সংগীত। জাতীয় ঐক্যক শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, এই বছৰ বৰাক, বিটিএডি, হাফলং, কাৰ্বি আংলং সকলো অঞ্চল সামৰি একে দিনাই একে সময়তে সকলোৱে একেলগে অ’ মোৰ আপোনাৰ দেশ গোৱাৰ সিদ্ধান্ত লোৱা হৈছে ।

তেওঁ কয়, “প্ৰথমবাৰৰ বাবে “অ’ মোৰ আপোনাৰ দেশ” সংগীতৰ মূল ভাষাত পৰিৱেশন কৰা হ’ব । য’ত অসমীয়া শব্দও নাই, বঙালী শব্দও নাই । লক্ষ্মীনাথ বেজবৰুৱাই এই ধৰণে অসম সংগীত লিখি থৈ গৈছিল, য’ত প্ৰতিটো জাতি, উপ-জাতিয়ে, প্ৰতিটো ভাষাই তাত প্ৰাণ বিচাৰি পায় । তাত প্ৰাণৰ স্পন্দন বিচাৰি পায় ।”

“মোৰ সুৱদী মাত, সি মিচিং হ’ব পাৰে, বড়ো হ’ব পাৰে, সি কাৰ্বি হ’ব পাৰে, সি অসমীয়া হ’ব পাৰে, সি বঙালীও হ’ব পাৰে, সি গুজৰাটীও হ’ব পাৰে । তেওঁ কিমান স্বপ্নদ্ৰষ্টা পুৰুষ আছিল ! তেওঁ বৈচিত্ৰতাক কেনেদৰে বুজি পাইছিল ? বড়ো মানুহ এজনে যেতিয়া “অ’ মোৰ আপোনাৰ দেশ” গায় তেতিয়া তেওঁক নালাগে যে, তেওঁ বড়ো মাতৃভাষা কোৱা মানুহ । ইমান বৈচিত্ৰতাৰ মাজতো তেওঁলোকৰ দৰে ব্যক্তি সত্তাসমূহে আমাৰ জাতিটোক নিৰ্মাণ কৰাৰ বাবে চেষ্টা কৰিছিল ।” এইদৰে কয় মুখ্যমন্ত্ৰীয়ে ।

তেওঁ কয় যে, “গতিকে এই আমি ১ কোটি লোকে একেলগে “অ’ মোৰ আপোনাৰ দেশ” গাম ।” ইয়াৰ লগতে বাগৰুম্বা আৰু বাৰদৈচিখলাক বিশ্বৰ দৰবাৰলৈ লৈ যোৱা হ’ব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব