“মই ক্ষমতাৰ সোৱাদ ল’বলৈ অহা নাই”, অন্তৱৰ্তীকালীন চৰকাৰৰ বাবে ‘ডেডলাইন’ নিৰ্ধাৰণ কৰিলে সুশিলাই

নেপালৰ অন্তৱৰ্তীকালীন প্ৰধানমন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিলে যে, এই চৰকাৰ কেৱল নিকা নিৰ্বাচন অনুষ্ঠিত কৰিবলৈহে সাজু। গতিকে ছমাহতকৈ বেছি দিন এই দায়িত্ব পালন নকৰে বুলি স্পষ্ট কৰি দিছে সুশিলা কাৰ্কীয়ে।।

মই ক্ষমতাৰ সোৱাদ লবলৈ অহা নাই, অন্তৱৰ্তীকালীন চৰকাৰৰ বাবে ডেডলাইন নিৰ্ধাৰণ কৰিলে সুশিলাই

সুশিলা কাৰ্কী

Updated On: 

15 Sep 2025 16:20 PM

নেপালৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিলে সুশিলা কাৰ্কীয়ে। এতিয়াৰ বাবে দেশখনৰ অন্তৱৰ্তীকালীন চৰকাৰৰ দায়িত্ব তেওঁৰ কান্ধত। সেই দায়িত্ব লোৱাৰ পাছত দেওবাৰে তেওঁ স্পষ্ট কৰি দিলে যে, এই চৰকাৰ কেৱল নিকা নিৰ্বাচন অনুষ্ঠিত কৰিবলৈহে সাজু। গতিকে ছমাহতকৈ বেছি দিন এই দায়িত্ব পালন নকৰে বুলি স্পষ্ট কৰি দিছে সুশিলা কাৰ্কীয়ে।

এখন সংবাদমেলত নৱনিযুক্ত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, “মই আৰু মোৰ দলৰ সদস্যসকল ক্ষমতাৰ সোৱাদ ল’বলৈ অহা নাই। আমি ছমাহতকৈ বেছি সময় নাথাকো। আমি নিৰ্বাচনৰ জৰিয়তে নতুন চৰকাৰৰ হাতত সকলো দায়িত্ব অৰ্পণ কৰি গুচি যাম। আৰু আমাৰ কাম তেতিয়াহে সফল হ’ব যেতিয়া এই দেশৰ জনসাধাৰণেও আমাক সমৰ্থন কৰিব।”

শেহতীয়াকৈ Gen-Z ৰ আন্দোলনৰ বাবে নেপাল অস্থিৰ হৈ পৰিছিল। দুদিনীয়া ৰক্তাক্ত সংঘৰ্ষত বহু প্ৰতিবাদকাৰীয়ে প্ৰাণ হেৰুৱালে। নেপালৰ অন্তৱৰ্তীকালীন চৰকাৰে আৰক্ষীৰ গুলীত মৃত্যু হোৱা প্ৰতিবাদকাৰীক শ্বহীদৰ মৰ্যাদা দিবলৈ ওলাইছে।

অন্তৱৰ্তীকালীন চৰকাৰৰ প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কীয়ে কয় যে, ৮ ছেপ্টেম্বৰৰ আন্দোলনৰ সময়ত যিসকল লোকৰ মৃত্যু হৈছিল তেওঁলোকক শ্বহীদৰ মৰ্যাদা দিয়া হ’ব। তদুপৰি তেওঁলোকৰ পৰিয়ালক ক্ষতিপূৰণ হিচাপে দিয়া হ’ব ১০ লাখ টকা। ইয়াৰ উপৰিও আহতসকলৰ চিকিৎসাৰ খৰচ চৰকাৰে বহন কৰিব বুলিও কয় কাৰ্কীয়ে ।

নেপালী সংবাদ মাধ্যম দ্য হিমালয়ান টাইমছৰ এক প্ৰতিবেদন অনুসৰি, এই আন্দোলনত বৰ্তমানলৈকে ৭২ জন লোকৰ মৃত্যু হৈছে। ইয়াৰে ৫৯ জন প্ৰতিবাদকাৰী, ১০ জন কাৰাগাৰত থকা কাৰাবন্দী আৰু ৩ জন আৰক্ষী।

কেৱল কাহ নহয়, হাঁওফাঁওৰ কৰ্কট ৰোগৰ প্ৰাৰম্ভিক পৰ্যায়ত এইসমূহ লক্ষণ দেখা যায়...
দশমীৰ পাছতেই কপাল ফুলিব এই ৩ ৰাশিৰ লোকৰ...
নেপালত মুছলিম জনসংখ্যা কিমান আছে জানেনে? জানক...
মঙলবাৰে হনুমানক অৰ্পণ কৰক এই ৪ বিধ বস্তু, লাভ কৰিব বিশেষ কৃপা!