ছৌদি আৰবে হ্ৰাস কৰিছে Umrah যোৱা ভিছাৰ সময়, ফলত প্ৰভাৱ পৰিব ভাৰতীয় মুছলমানৰ ওপৰত!
Saudi Umrah Visa: ছৌদি আৰবে Umrah Visa ৰ নিয়মত বৃহৎ পৰিৱৰ্তন কৰিছে। এণ্ট্ৰি ভিছা তিনিমাহৰ পৰা হ্ৰাস কৰি ১ মাহ কৰা হৈছে, যিটো ভিজা প্ৰদানৰ তাৰিখলৈ বৈধ। ছৌদি আৰৱত উপস্থিত হোৱাৰ পিছত তীৰ্থযাত্ৰীৰ থকাৰ সময়সীমা একেই থাকিব। অহা সপ্তাহৰ পৰা কাৰ্যকৰী হোৱা এই নিয়মৰ উদ্দেশ্য হৈছে ক্ৰমাৎ বৃদ্ধি পোৱা ভিৰ নিয়ন্ত্ৰণ কৰা।

ভাৰতৰ পৰা বৃহৎ সংখ্যক লোকে হজ আৰু উমৰাহ তীৰ্থযাত্ৰা কৰিবলৈ ছৌদি আৰৱলৈ যায়। এটা নিৰ্দিষ্ট সময়ৰ বাবে হজযাত্ৰাৰ দিন ধাৰ্য কৰা হয়। কিন্তু বছৰটোৰ ভিতৰতে যিকোনো সময়ত উমৰাহলৈ যাত্ৰা কৰে মুছলমান লোকসকলে। এতিয়া উমৰাহ যাত্ৰা সন্দৰ্ভত এক বৃহৎ পৰিৱৰ্তনৰ সৃষ্টি হৈছে। ছৌদি আৰবে উমৰাত প্ৰৱেশ ভিছাৰ বৈধতাৰ সময়সীমা তিনি মাহৰ পৰা এমাহলৈ হ্ৰাস কৰিছে।
এতিয়া এই ভিছা প্ৰদানৰ তাৰিখৰ পৰা মাত্ৰ এমাহৰ বাবেহে বৈধ হ’ব। ভিছা প্ৰদানৰ এমাহৰ ভিতৰত যদি আপুনি উমৰাহ নকৰে তেন্তে আপোনাৰ ভিছা আৰু বৈধ নহ’ব। হজ আৰু উমৰাহ মন্ত্ৰালয়ৰ ভিতৰৰ সূত্ৰৰ উদ্ধৃতিৰে আল-আৰবিয়াই কয় যে, প্ৰৱেশ ভিছাৰ সময়সীমা এমাহলৈ হ্ৰাস কৰা হৈছে যদিও ছৌদি আৰৱত উপস্থিত হোৱাৰ পিছত তীৰ্থযাত্ৰীগৰাকীৰ থকাৰ সময় পূৰ্বৰ দৰেই থাকিব, তিনিমাহ।
কেতিয়া কাৰ্যকৰী হ’ব নতুন নিয়ম?
উমৰাহ ভিছাৰ নিয়মত কিছু সংশোধন কৰিছে মন্ত্ৰালয়ে। সংশোধিত নিয়ম অনুসৰি ভিছা প্ৰদানৰ ৩০ দিনৰ ভিতৰত যদি কোনো তীৰ্থযাত্ৰীয়ে ছৌদি আৰৱত প্ৰৱেশৰ বাবে পঞ্জীয়ন নকৰে তেন্তে ভিছা বাতিল কৰা হ’ব। সূত্ৰ অনুসৰি অহা সপ্তাহত এই নতুন নিয়ম কাৰ্যকৰী হ’ব।
কিয় এই সিদ্ধান্ত লোৱা হ’ল?
উমৰাহ আৰু ভ্ৰমণৰ বাবে ৰাষ্ট্ৰীয় সমিতিৰ উপদেষ্টা আহমদ বজাইফাৰে কয় যে, এই সিদ্ধান্ত উমৰাহ হজযাত্ৰীৰ সংখ্যা বৃদ্ধিৰ আশা কৰা ধৰণে মন্ত্ৰালয়ৰ প্ৰস্তুতিৰ অংশ – বিশেষকৈ গ্ৰীষ্মকালীন গৰম শেষ হোৱাৰ লগে লগে আৰু মক্কা আৰু মদিনাত উষ্ণতা হ্ৰাস হোৱাৰ লগে লগে বহুলোক তালৈকে যায়। ইয়াৰ লক্ষ্য পবিত্ৰ চহৰ দুখনত অতিমাত্ৰা ভিৰ ৰোধ কৰা।
উমৰাহত যোৱাৰ বাবে ৰেকৰ্ড কৰা হৈছে
নতুন উমৰাহৰ আৰম্ভণি জুন মাহৰ পাছৰে পৰা হৈছে। বিদেশী তীৰ্থযাত্ৰীক প্ৰদান কৰা উমৰাহ ভিছাৰ সংখ্যা ৪০ লাখ অতিক্ৰম কৰিছে। এইবাৰৰ উমৰাহ বতৰত মাত্ৰ পাঁচ মাহত বিদেশী তীৰ্থযাত্ৰীৰ সংখ্যাৰ অভিলেখ গঢ়িবলৈ সক্ষম হৈছে।
কিমান ভাৰতীয় উমৰাহত যায়?
ছৌদি আৰব চৰকাৰী বিষয়াসকলে উল্লেখ কৰিছে যে ২০২৩ চনত ভাৰতীয়সকলে বিশ্বৰ ভিতৰতে তৃতীয় সৰ্বাধিক সংখ্যক উমৰাহ দৰ্শনাৰ্থীয়ে প্ৰদৰ্শন কৰিছিল। মুঠ ১৮ লাখ ভাৰতীয় মুছলমানে উমৰাহ পালন কৰে। উমৰাহ হৈছে ইছলাম ধৰ্মীয় মক্কালৈ যোৱা তীৰ্থযাত্ৰা আৰু বছৰৰ যিকোনো সময়তে উমৰাহ কৰিব পাৰি।