শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

শ্বেহবাজৰ মুখতো তেজৰ বক্তব্য! জল চুক্তিক লৈ ভিতৰি ত্ৰাহি ত্ৰাহি অৱস্থা পাকিস্তানৰ

কাশ্মীৰৰ পাহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ বাবে পাকিস্তানক দোষাৰোপ কৰি ভাৰতে ইয়াৰ প্ৰতিশোধ লোৱাৰ প্ৰতিশ্ৰুতি দিছে । এই সন্দৰ্ভত পাক প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে কয়, "পহলগামত যি ঘটিল সেয়া দোষাৰোপ কৰা এক খেল আৰু আমাক বদনাম কৰাৰ প্ৰচেষ্টা চলোৱা হৈছে ।"

শ্বেহবাজৰ মুখতো তেজৰ বক্তব্য! জল চুক্তিক লৈ ভিতৰি ত্ৰাহি ত্ৰাহি অৱস্থা পাকিস্তানৰ
শ্বাহবাজ শ্বৰীফ(ফাইল ফটো)Image Credit source: Getty Images
raj-saikia
Raj Saikia | Published: 26 Apr 2025 14:34 PM

পহলগাম আক্ৰমণৰ পিছত সকলো পক্ষৰ পৰা হেঁচা বৃদ্ধি পোৱাৰ মাজতেই পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে পাক সেনাবাহিনীক সম্বোধন কৰিছে । তেওঁৰ বিৰুদ্ধে উত্থাপিত সন্ত্ৰাসবাদক পোহ-পাল দিয়াৰ অভিযোগ নাকচ কৰি তেওঁ কয়, “পাকিস্তানে সদায় সন্ত্ৰাসবাদক গৰিহণা দি আহিছে আৰু আমি সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিবলৈ অগণন ত্যাগ কৰিছো ।”

যোৱা মঙলবাৰে কাশ্মীৰৰ পাহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ বাবে পাকিস্তানক দোষাৰোপ কৰি ভাৰতে ইয়াৰ প্ৰতিশোধ লোৱাৰ প্ৰতিশ্ৰুতি দিছে । এই সন্দৰ্ভত পাক প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে কয়, “পহলগামত যি ঘটিল সেয়া দোষাৰোপ কৰা এক খেল আৰু আমাক বদনাম কৰাৰ প্ৰচেষ্টা চলোৱা হৈছে ।” লগতে এই বিষয়ত যিকোনো ধৰণৰ তদন্তৰ বাবে সাজু হোৱাৰ ইচ্ছাও প্ৰকাশ কৰে তেওঁ । লগতে তেওঁ ভাবুকিৰ সুৰত কয়, “আমাৰ সেনা যুদ্ধৰ বাবে সাজু আৰু যিকোনো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ সক্ষম ।”

আমি পাকিস্তানৰ প্ৰতি ইঞ্চি ভূমি ৰক্ষা কৰিম
শ্বাহবাজ শ্বৰীফে জোৰ দি কয় যে যিকোনো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ পাক সেনা সাজু । তেওঁ কয়, “আমি পাকিস্তানৰ প্ৰতি ইঞ্চি মাটি ৰক্ষা কৰিম । শান্তি আমাৰ প্ৰাধান্য, কিন্তু কোনেও ইয়াক আমাৰ দুৰ্বলতা বুলি গণ্য কৰা উচিত নহয় ।”

যদি পানী বন্ধ কৰা হয় তেন্তে আমি উত্তৰ দিম
লগতে সিন্ধু জল চুক্তিক লৈ ভাৰতৰ স্থিতিৰ সন্দৰ্ভত মন্তব্য কৰি শ্বাহবাজ শ্বৰীফে হুংকাৰ দিয়ে যে যদি পানী বন্ধ কৰাৰ কোনো প্ৰচেষ্টা কৰা হয় তেন্তে ইয়াৰ বিৰুদ্ধে সম্পূৰ্ণ বল প্ৰয়োগ কৰা হ’ব । “বুকুৰ তেজ বোৱাম” শীৰ্ষক শ্বায়েৰীৰে ভাষণৰ সামৰণি মাৰে শ্বাহবাজে ।

তেজৰ নৈ বোওৱাৰ হুংকাৰ পাক নেতাৰ
ইফালে কালি পাকিস্তানী নেতা বিলোৱাল ভুট্টো জাৰ্দাৰীয়ে মন্তব্য কৰিছিল যে যদি ভাৰতে সিন্ধুৰ পানী বন্ধ কৰে তেন্তে ভাৰতীয়ৰ তেজেৰে ৰাঙলী কৰা হ’ব সিন্ধু । বিলোৱালে কয় যে ভাৰতে একপক্ষীয়ভাৱে সিন্ধু জল চুক্তি স্থগিত ৰাখিছে, যাৰ দাৰা তেওঁলোকে (ভাৰতে) সিন্ধু পাকিস্তানৰ বুলি মানি লৈছে । মই সিন্ধুৰ ওচৰৰ চুক্কুৰত থিয় হৈ ভাৰতক ক’ব বিচাৰো যে সিন্ধু আমাৰ আৰু আমাৰেই হৈয়েই থাকিব, এই সিন্ধুৰে পানী ব’ব অথবা তেওঁলোকৰ তেজ বৈ যাব ।

পহলগাম আক্ৰমণ
২২ এপ্ৰিলত পহলগাম আক্ৰমণৰ পিছত ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা বাঢ়িছে, বহু বিশেষজ্ঞই আশংকা প্ৰকাশ কৰিছে যে যিকোনো সময়তে এয়া ডাঙৰ যুদ্ধলৈ পৰিণত হ’ব পাৰে । উল্লেখ্য যে, কাশ্মীৰ উপত্যকাৰ পহলগামত প্ৰায় ৪ৰ পৰা ৫টা সন্ত্ৰাসবাদীয়ে পৰ্যটকক আক্ৰমণ কৰিছিল যোৱা মঙলবাৰে । গুলীবৰ্ষণত কমেও ২৬ জন লোক নিহত হোৱাৰ লগতে কেইবাগৰাকীও পৰ্যটক আহত হৈছে ।