ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ অধ্যক্ষৰ দায়িত্বত পাকিস্তান, ভাৰতৰ বাবে হৈ পৰিব নেকি ভাবুকি?
ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ অধ্যক্ষৰ আসনত অধিষ্ঠিত হৈছে পাকিস্তান। যি সময়ত পাকিস্তানৰ বিৰুদ্ধে সন্ত্ৰাসবাদক সমৰ্থন কৰাৰ দৰে গুৰুতৰ অভিযোগ উত্থাপন হৈছে, সেই সময়ত সংঘটিত হৈছে এই ঘটনা। পাকিস্তানে এই পদটো কেনেকৈ পালে, UNSC ৰ সভাপতিত্ব লাভৰ প্ৰক্ৰিয়া কি আৰু ভাৰত কিয় ইয়াৰ অংশ নহয় সেই বিষয়ে জানো আহক..

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ অধ্যক্ষৰ দায়িত্বত পাকিস্তান
মঙলবাৰে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদ(UNSC)ৰ অধ্যক্ষৰ দায়িত্ব গ্ৰহণ কৰে পাকিস্তানে । ২০২৪ চনৰ জুন মাহত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ নিৰ্বাচনত পাকিস্তানে ১৯৩টা ভোটৰ ভিতৰত ১৮২টা ভোট লাভ কৰিছিল, যাৰ ফলত জানুৱাৰী মাহত ২০২৫-২৬ চনৰ বাবে ৰাষ্ট্ৰসংঘৰ অস্থায়ী সদস্য পদ লাভ কৰিছে। ২০১৩ চনৰ পিছত এয়া পাকিস্তানৰ অধ্যক্ষ হিচাপে প্ৰথম আৰু অস্থায়ী সদস্য হিচাপে অষ্টম কাৰ্যকাল।
ইয়াৰ পূৰ্বে ২০১২-১৩, ২০০৩-০৪, ১৯৯৩-৯৪, ১৯৮৩-৮৪, ১৯৭৬-৭৭, ১৯৬৮-৬৯, আৰু ১৯৫২-৫৩ চনত পাকিস্তান এই পৰিষদৰ অংশ আছিল। কিন্তু এইবাৰ পাকিস্তানৰ অধ্যক্ষতাই এতিয়া বহু প্ৰশ্নৰ উত্থাপন কৰিছে, কাৰণ বিশ্বৰ বহু ঠাইত যুদ্ধ আৰু সন্ত্ৰাসবাদৰ ঘটনা বৃদ্ধি পোৱাৰ সময়তে এই ঘটনা ঘটিছে। য’ত ইতিমধ্যে পাকিস্তানে সন্ত্ৰাসবাদীক আশ্ৰয় দিয়া আৰু আঞ্চলিক শান্তি বিঘ্নিত কৰাত জড়িত বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈছে।
শেহতীয়াকৈ ভাৰতৰ সৈতে হোৱা উত্তেজনাৰ পাছত পাকিস্তানৰ অধ্যক্ষতা ভাৰতৰ বাবে চিন্তনীয় বিষয়। যিহেতু অধ্যক্ষ পদৰ বাবে পাকিস্তানৰ দায়িত্বসমূহৰ ভিতৰত আছে বৈঠকৰ সমন্বয়, ৰাষ্ট্ৰসংঘৰ ৰাষ্ট্ৰসংঘৰ কাৰ্যসূচী প্ৰস্তুত কৰা আৰু আলোচনাৰ সুবিধা প্ৰদান কৰা। এতিয়া এই সকলো বৈঠকৰ অধ্যক্ষতা কৰিব পাকিস্তানৰ বৈদেশিক মন্ত্ৰীয়ে। কিন্তু অধ্যক্ষ পদত ভেটো ক্ষমতা দিয়া নহয়, ই কেৱল স্থায়ী সদস্যৰ বাবে সংৰক্ষিত।
Pakistan assumes the rotating presidency of the Security Council for the month of July.
Follow @PakistanUN_NY for updates. https://t.co/4fWTKPUARg pic.twitter.com/Ub6TTbFwFD
— United Nations (@UN) July 1, 2025
ইয়াৰ পিছতে এতিয়া ভাৰতৰ স্বাৰ্থক পাকিস্তানে আওকাণ কৰিব পাৰে বুলি চিন্তিত হৈ পৰিছে ভাৰতীয় পক্ষ। কিয়নো এইবাৰ ভাৰত UNSCৰ সদস্য নহয়। পাকিস্তানে এই পদ কেনেকৈ পালে, ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদ(UNSC) অধ্যক্ষৰ পদ লাভৰ প্ৰক্ৰিয়া কি আৰু ভাৰত কিয় ইয়াৰ অংশ নহয় সেই বিষয়ে জানক…
UNSC কি আৰু ইয়াৰ সদস্যসকল কেনেকৈ হয়?
আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা বজাই ৰখাৰ দায়িত্ব দিয়া ৰাষ্ট্ৰসংঘৰ ছয়টা বিশেষ প্ৰতিষ্ঠানৰ ভিতৰত অন্যতম হৈছে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদ। ৰাষ্ট্ৰসংঘৰ চনদৰ অধীনত গঠিত আৰু ইয়াৰ মূল কাম-কাজ হ’ল আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা নিশ্চিত কৰা, সংঘাত নিৰাময়, নিষেধাজ্ঞা আৰু সামৰিক ব্যৱস্থা, ৰাষ্ট্ৰসংঘৰ নতুন সদস্যৰ পৰামৰ্শ ইত্যাদি।
UNSC ৰ ৫ স্থায়ী সদস্য (চীন, ফ্ৰান্স, ৰাছিয়া, যুক্তৰাজ্য আৰু আমেৰিকা) আৰু ১০ অস্থায়ী সদস্য আছে। ইয়াৰে অস্থায়ী সদস্যক বছৰি দুবছৰৰ বাবে নিৰ্বাচিত কৰা হয়। ২০২৫ চনত এছিয়াৰ আসনৰ বাবে জাপানৰ ঠাইত স্থান লাভ কৰিছে পাকিস্তানে। শেহতীয়াকৈ ২০২১-২০২২ বৰ্ষৰ কাৰ্যকালকে ধৰি ভাৰতে ৮বাৰ অস্থায়ী সদস্য হিচাপে নিৰ্বাচিত হৈছে।। এইবাৰ পাকিস্তানৰ বাহিৰেও আলজেৰিয়া, ডেনমাৰ্ক, গ্ৰীচ, গায়ানা, পানামা, কোৰিয়া ৰিপাব্লিক, ছিয়েৰা লিয়ন, স্লোভেনিয়া আৰু ছোমালিয়া অস্থায়ী সদস্য। উল্লেখ্য যে, ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ (UNSC) সভাপতিত্বৰ ১৫খন সদস্য দেশৰ মাজত প্ৰতিমাহে তেওঁলোকৰ নামৰ ইংৰাজী বৰ্ণানুক্ৰম অনুসৰি সলনি হয়।
An absolute honor and privilege to represent Pakistan as the President of the UN Security Council for the month of July 2025
As a responsible and active member of the @UN, Pakistan will work closely with other Council members to strengthen & promote multilateralism. pic.twitter.com/uTqxxcJdvx
— Asim Iftikhar Ahmad, PR of Pakistan to the UN (@PakistanPR_UN) July 1, 2025
UNSCৰ অধ্যক্ষ পদ পাকিস্তানৰ বাবে ডাঙৰ কথা নেকি?
UNSCৰ অধ্যক্ষ পদ এক ঘূৰ্ণনীয় প্ৰক্ৰিয়া আৰু ই বহুলাংশে এক প্ৰতীকি ভূমিকা, ইয়াৰ কোনো কাৰ্যবাহী কৰ্তৃত্ব নাই। অৱশ্যে ইয়াৰ জৰিয়তে পাকিস্তানে ভাৰতৰ সৈতে কাশ্মীৰ বিষয় আৰু বিবাদ উত্থাপন কৰিব পাৰে। দ্য ইকনমিক টাইমছত প্ৰকাশিত এক প্ৰতিবেদনত কোৱা হৈছে যে পাকিস্তানৰ অধ্যক্ষতাক প্ৰতিহত কৰিবলৈ ভাৰতে এক কৌশল প্ৰস্তুত কৰি আছে। ৰাষ্ট্ৰসংঘৰ বহনক্ষম উন্নয়নৰ লক্ষ্যৰ বাবে কাম কৰাৰ সমান্তৰালকৈ ভাৰতে সীমা অতিক্ৰম কৰি সন্ত্ৰাসবাদৰ প্ৰতি বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিব।
অধ্যক্ষ পদ লাভ কৰাৰ পিছত কি ক’লে পাকিস্তানে?
ৰাষ্ট্ৰসংঘত পাকিস্তানৰ ৰাষ্ট্ৰদূত অসীম ইফতিখাৰ আহমেদে শান্তিপূৰ্ণ সংঘাত সমাধানৰ বাবে ইছলামবাগৰ দায়বদ্ধতাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। পাকিস্তানৰ ডন কাকতক দিয়া বক্তব্যত তেওঁ কয়, “ৰাষ্ট্ৰসংঘৰ চনদ অনুসৰি আৰু আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ৰ আশা অনুসৰি সামূহিক আৰু সময়োপযোগী কাৰ্যৰ বাবে সহযোগিতাৰ উদ্দেশ্যেৰে আমি আন সদস্যসকলৰ সৈতে একেলগে কাম কৰিম।” লগতে আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তাৰ প্ৰতি ভাবুকি বৃদ্ধি পোৱাৰ সময়ত পাকিস্তানে অধ্যক্ষ পদ লাভ কৰা বুলিও তেওঁ গুৰুত্ব আৰোপ কৰে।