TV9 ASSAM
সকলো মানুহৰ দিন সদায় একে নাথাকে। আজি যদি ভাল, কাইলৈ বেয়া। কোৱা হয়, ভাল সময় সোনকালে পাৰ হয় আৰু বেয়া সময় পাৰ হ'বলৈ বহু সময় লাগে। এয়া জীৱনৰ এক অংশ।
জ্যোতিষ শাস্ত্ৰ অনুসৰি , যেতিয়া মানুহৰ ভাল দিন আহে তেতিয়া কিছুমান সংকেতে দেখা দিয়ে। এই লেখাটোত এনে কিছুমান সংকেতৰ বিষয়ে উল্লেখ কৰিম যি শুভ দিন অহাৰ পূৰ্বে দেখা দিয়ে।
পুৱা ৩ বজাৰ পৰা ৫ বজাৰ সময়খিনি ব্ৰহ্ম মূহুৰ্ত বুলি কোৱা হয়। যদি আপুনি এই সময়খিনি সাৰ পাই তেন্তে এয়া আহিবলগীয়া ভাল দিনৰ শুভ সংকেত হ'ব পাৰে।
শিশুসকলক ভগৱানৰ ৰূপ বুলি কোৱা হয়। যদি আপুনি কৰবালৈ যোৱাৰ সময়ত ঘৰৰ সন্মুখত শিশু দেখা পায়, আৰু সেই শিশুৱে আপোনাৰ ফালে চাই হাঁহে তেন্তে এয়া শুভ সংকেত ।
পুৰুষসকলৰ সোঁফাল আৰু মহিলাসকলৰ বাঁওফাল লৰি থকা শুভ সংকেত বুলি কোৱা হয়। ইয়াৰোপৰি যেতিয়া পুৰুষৰ সোঁ চকু , মহিলাৰ বাঁও চকু লৰে এয়া শুভ সংকেত।
যদি আপোনাৰ ঘৰৰ দুৱাৰৰ সন্মুখলৈ গাই গৰু আহে তেন্তে এয়া শুভ সংকেত। গৰুক হিন্দু ধৰ্মত পূজা কৰে। যাৰ বাবে হিন্দু ধৰ্মত গো মাতাৰ বিশেষ মহত্ব আছে।
যদি আপুনি সপোনত মন্ত্ৰ জপ কৰি থকা শুনা পাই তেন্তে এয়া শুভ সংকেত হ'ব পাৰে। এই সংকেতসমূহৰ অৰ্থ এয়াই যে, শীঘ্ৰেই আপোনাৰ ভাগ্য সলনি হ'ব আৰু ভাল দিন আহিব।
পঢ়িবলৈ ক্লিক কৰক