ৰে’লযাত্ৰী জ্যেষ্ঠ নাগৰিকলৈ আশাৰ খবৰ দিলে ৰে’লমন্ত্ৰী বৈষ্ণৱে

| Edited By:

Aug 03, 2025 | 9:36 PM

ক’ভিদৰ সময়ত জ্যেষ্ঠ নাগৰিকসকলৰ টিকটৰ ক্ষেত্ৰত প্ৰদান কৰি অহা ৰেহাই ব্যৱস্থা বন্ধ কৰি দিয়া হৈছিল। জ্যেষ্ঠ নাগৰিকৰ বাবে এই ৰেহাইৰ সুবিধা পুনৰ প্ৰৱৰ্তন কৰা হ’ব নেকি, এই সন্দৰ্ভত ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে গুৰুত্বপূৰ্ণ তথ্য প্ৰকাশ কৰে।

ভাৰতীয় ৰে’লৱেই ৰে’লযাত্ৰীসকলৰ সুবিধাৰ বাবে নানা ব্যৱস্থা গ্ৰহণ কৰে। ৰে’লযোগে যাত্ৰা কৰা জ্যেষ্ঠ নাগৰিকসকলক ভাৰতীয় ৰে’লৱেই ৰেহাইৰ সুবিধা আগবঢ়ায়। কিন্তু ক’ভিদৰ সময়ত জ্যেষ্ঠ নাগৰিকসকলৰ টিকটৰ ক্ষেত্ৰত প্ৰদান কৰি অহা এই ৰেহাই ব্যৱস্থা বন্ধ কৰি দিয়া হৈছিল। তাৰ পিছৰে পৰা এতিয়ালৈকে জ্যেষ্ঠ নাগৰিকসকলৰ বাবে থকা এই সুবিধা পুনৰ প্ৰদান কৰা হোৱা নাই। এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰক বহুবাৰ প্ৰশ্ন কৰা হৈছে। সংসদৰ বৰ্ষাকালীন অধিৱেশনতো এই বিষয়ত প্ৰশ্ন কৰা হৈছিল।

জ্যেষ্ঠ নাগৰিকৰ বাবে এই ৰেহাইৰ সুবিধা পুনৰ প্ৰৱৰ্তন কৰা হ’ব নেকি, এই বিষয়ত সংসদত প্ৰশ্ন কৰে ৰাজ্যসভাৰ সাংসদ ড° জন ব্রিটাছ, মিলিন্দ দেওৰা আৰু সন্তোষ কুমাৰে। এই প্ৰশ্নৰ উত্তৰত ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে গুৰুত্বপূৰ্ণ তথ্য প্ৰকাশ কৰে। সংসদত ৰে’লমন্ত্ৰীগৰাকীয়ে সদৰী কৰা অনুসৰি সংসদৰ ৰে’ল বিভাগৰ স্থায়ী সমিতিলৈ এই প্ৰস্তাৱ পুনৰীক্ষণৰ বাবে প্ৰেৰণ কৰা হৈছে।