কেৱল গুলপীয়া ৰঙৰ কাগজেৰে কিয় মেৰিয়াই সোণৰ গহনা?

Jan 29, 2026 | 8:40 PM

গোলাপী ৰঙৰ কাগজ ব্যৱহাৰ কৰাৰ আঁৰত এটা বিশেষ মানসিক কাৰণ আছে। গোলাপী ৰঙৰ এটা কোমল আৰু চকুত লগা ৰং। এই কাগজখনত ৰাখিলে সোণৰ প্ৰাকৃতিক হালধীয়া ৰং বৃদ্ধি পায়, যাৰ ফলত গহনাবোৰ অধিক মূল্যৱান আৰু আকৰ্ষণীয় হৈ পৰে। বিশেষজ্ঞসকলৰ মতে গোলাপী ৰঙে গ্ৰাহকৰ মানসিকতাৰ ওপৰত ইতিবাচক প্ৰভাৱ পেলায়।

বিয়া হওক বা আন যিকোনো শুভ অনুষ্ঠান হওক, বহুতে সোণৰ গহনা উপহাৰ দিয়ে। সোণৰ দাম বৃদ্ধি পোৱাৰ লগে লগে এতিয়া বহুতে সোণৰ সলনি ৰূপ ক্ৰয় কৰিছে। সোণ বা ৰূপৰ গহনা কিনিবলৈ গ’লে দেখা যায় যে গহনা বিক্ৰেতাই গোলাপী ৰঙৰ কাগজেৰে মেৰিয়াই দিয়ে। গহনা দেখুৱালেও সেই কাগজেই দেখুৱাই। এই গুলপীয়া কাগজখন কিয় ব্যৱহাৰ কৰে জানেনে?

সোণ-ৰূপৰ গহনা বিক্ৰী কৰিলেও গোলাপী কাগজেৰে মেৰিয়াই দিয়া হয়। ইয়াৰ আঁৰত কেইবাটাও কাৰণ আছে। সোণ আৰু ৰূপক গোলাপী কাগজত মেৰিয়াই দিয়াৰ পৰম্পৰাক প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি পালন কৰি আহিছে সোণাৰীসকলে। সৰু সৰু দোকানৰ পৰা আৰম্ভ কৰি বৃহৎ গহনাৰ দোকানলৈকে সকলোতে এই প্ৰথা প্ৰচলিত।

মানসিক কাৰণ-

গোলাপী ৰঙৰ কাগজ ব্যৱহাৰ কৰাৰ আঁৰত এটা বিশেষ মানসিক কাৰণ আছে। গোলাপী ৰঙৰ এটা কোমল আৰু চকুত লগা ৰং। এই কাগজখনত ৰাখিলে সোণৰ প্ৰাকৃতিক হালধীয়া ৰং বৃদ্ধি পায়, যাৰ ফলত গহনাবোৰ অধিক মূল্যৱান আৰু আকৰ্ষণীয় হৈ পৰে। বিশেষজ্ঞসকলৰ মতে গোলাপী ৰঙে গ্ৰাহকৰ মানসিকতাৰ ওপৰত ইতিবাচক প্ৰভাৱ পেলায়।

গুলাপীয়া কাগজখন সাধাৰণতে কোমল আৰু সোণ আৰু ৰূপৰ গহনাবোৰক আঁচোৰ বা ক্ষতিৰ পৰা ৰক্ষা কৰে। এই কাগজখনে  আৰ্দ্ৰতা, ঘামৰ পৰা ৰক্ষা কৰে। ফলত বহুদিনলৈ গহনাবোৰ নতুনৰ দৰে চিকচিকিয়া হৈ থাকে।