কাৰ দখললৈ যাব ইৰাণ? মৃত্যুৰ পূৰ্বে খামেনেইৰ উত্তৰাধিকাৰী নিৰ্বাচন

Jun 22, 2025 | 7:51 PM

তেতিয়াৰ পৰাই তেওঁ দেশত শাসন কৰি আহিছে। কিন্তু ইমান বছৰৰ পাছত হঠাতে কি বিপদ আহি পৰিছে? ইজৰাইলৰ আক্ৰমণত ভয় খাইছে নেকি ইৰাণৰ সৰ্বোচ্চ ধৰ্মগুৰুজনে? তেওঁ ভাবিছে নেকি শেষ পৰিণতি ছাদ্দাম হুছেইনৰ দৰেই হ’ব!

১৯৭৯ চনত ইৰাণত ইছলামিক বিপ্লৱ সংঘটিত হয়। ইয়াৰ ঠিক দহ বছৰৰ পিছত ১৯৮৯ চনত আয়াতুল্লাহ আলী খামেনেই দেশখনৰ সৰ্বোচ্চ ধৰ্মীয় নেতাৰ দায়িত্ব গ্ৰহণ কৰে। তেতিয়াৰ পৰাই তেওঁ দেশত শাসন কৰি আহিছে। কিন্তু ইমান বছৰৰ পাছত হঠাতে কি বিপদ আহি পৰিছে? ইজৰাইলৰ আক্ৰমণত ভয় খাইছে নেকি ইৰাণৰ সৰ্বোচ্চ ধৰ্মগুৰুজনে? তেওঁ ভাবিছে নেকি শেষ পৰিণতি ছাদ্দাম হুছেইনৰ দৰেই হ’ব!

শেহতীয়াকৈ ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে খামেনেক হত্যা কৰাৰ ভাবুকি দিছে। ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে কয় যে, ইৰাণৰ ধৰ্মীয় নেতা ছাদ্দাম হুছেইনৰ দৰেই শেষ হ’ব খামেনেইৰ। তেতিয়াৰ পৰাই খামেনেই নিজৰ জীৱন ৰক্ষাৰ বাবে বাংকাৰত আত্মগোপন কৰি আছে।

নিউয়ৰ্ক টাইমছৰ এক প্ৰতিবেদন অনুসৰি খামেনেই উত্তৰাধিকাৰী বাছনি কৰিছে। সেই নামসমূহৰ ভিতৰত প্ৰথমজন হৈছে মোজতাবা খামেনেই। তেওঁ খামেনেইৰ দ্বিতীয় পুত্ৰ আৰু ভৱিষ্যতৰ সম্ভাৱ্য সৰ্বোচ্চ ধৰ্মগুৰু। খামেনেইৰ পুত্ৰৰ বাহিৰে এই তালিকাত থকা আন দুটি নামৰ প্ৰকাশ কৰা নাই মাৰ্কিন কাকতখনে। সবিশেষ ভিডিঅ’টোত…