গ্ৰেপ্তাৰ হোৱা ডাঃ শ্বাহিন কোন? যাৰ ঘৰৰ পৰা উদ্ধাৰ হৈছিল বিস্ফোৰক…
Shaheen Shahid: দিল্লীৰ বোমা বিস্ফোৰণ কাণ্ডৰ পাছতে অব্যাহত আছে আৰক্ষীৰ তদন্ত। এই বিস্ফোৰণ পূৰ্বে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ডাঃ শ্বাহীন শ্বাহিদত। তেওঁৰ পৰা আৰক্ষীয়ে বহু বিস্ফোৰক জব্দ কৰিছিল।
দিল্লীৰ বিস্ফোৰণৰ পাছতে চৰ্চালৈ আহিছে মহিলা চিকিৎসক শ্বাহীন শ্বাহিদ। বিস্ফোৰণৰ পূৰ্বে এইগৰাকী মহিলা চিকিৎসকৰ ঘৰৰ পৰা আৰক্ষীয়ে কেইবা কেজি বিস্ফোৰক আৰু অস্ত্ৰ-শস্ত্ৰ জব্দ কৰিছিল। দিল্লীৰ বোমা বিস্ফোৰণ সন্দৰ্ভত শ্বাহীনৰ বিৰুদ্ধে প্ৰত্যক্ষ অভিযোগ নাই যদিও এতিয়া তেওঁ সন্দৰ্ভত ন ন তথ্য পোহৰলৈ আহিছে।
আৰক্ষীয়ে তেওঁৰ ঘৰৰ পৰা ৩০০ ৰো অধিক কেজিৰ বিস্ফোৰক আৰু অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰিছিল। লগতে উদ্ধাৰ কৰিছিল বোমাৰ বাবে ব্যৱহাৰ কৰা টাইমাৰ, ৰিমোট কন্ট্ৰোল, ৱাকি টকি আদি। পিছে এইগৰাকী শ্বাহীনৰ বন্ধুই তেওঁৰ বিষয়ে এক বিশেষ মত প্ৰকাশ কৰিছে। তেওঁলোকৰ মতে, শ্বাহীন বহুত বেলেগ আছিল। তেওঁ চিকিৎসা মহাবিদ্যালয়ত থকাৰ সময়ত কোনো ধৰণৰ নিয়ম পালন কৰা নাছিল। প্ৰতি সন্ধিয়া ৪ মান বজাৰ পাছত নিৰুদ্দেশ হৈ পৰিছিল।
সবিশেষৰ বাবে চাওক ভিডিঅ’…
