জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সন্দৰ্ভত কি ক’লে চৰকাৰী অধিবক্তা প্ৰদীপ কোঁৱৰে

Dec 16, 2025 | 6:02 PM

চৰকাৰী অধিবক্তা প্ৰদীপ কোঁৱৰে কয় যে, 'আদালতে প্ৰথমে সকলো অভিযুক্তক শাৰীৰিকভাৱে উপস্থাপন কৰাৰ নিৰ্দেশ দিছিল। কিন্তু বিচাৰ বিভাগ আৰু বিচাৰ বিভাগৰ সঞ্চালকৰ সৈতে বিশদ আলোচনাৰ অন্তত আদালতে এটা পৰিৱৰ্তিত ব্যৱস্থাত সন্মতি প্ৰকাশ কৰে।

আজিৰে পৰা আৰম্ভ হৈছে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ ন্যায়িক প্ৰক্ৰিয়া। কামৰূপ (মহানগৰ)ৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে ১৬ ডিচেম্বৰ মঙলবাৰে এই হাই-প্ৰফাইল মৃত্যুৰ গোচৰৰ কাৰ্যবিধি আৰম্ভ কৰি বিষয়টো তদন্তৰ পৰ্যায়ৰ পৰা ন্যায়িক ক্ষেত্ৰলৈ লৈ যায়। এই গোচৰৰ সাতোজন অভিযুক্তকে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে হাজিৰ কৰা হয়।

চৰকাৰী অধিবক্তা প্ৰদীপ কোঁৱৰে কয় যে, ‘আদালতে প্ৰথমে সকলো অভিযুক্তক শাৰীৰিকভাৱে উপস্থাপন কৰাৰ নিৰ্দেশ দিছিল। কিন্তু বিচাৰ বিভাগ আৰু বিচাৰ বিভাগৰ সঞ্চালকৰ সৈতে বিশদ আলোচনাৰ অন্তত আদালতে এটা পৰিৱৰ্তিত ব্যৱস্থাত সন্মতি প্ৰকাশ কৰে। অভিযুক্তই প্ৰথম দিনা ভিডিঅ’ লিংকৰ জৰিয়তে হাজিৰ হ’ব, আৰু প্ৰক্ৰিয়াটো কঠোৰভাৱে আইনৰ পৰিসীমাৰ ভিতৰত থাকিব আৰু আদালতৰ বাহিৰত অশান্তি বা ব্যাঘাতৰ আশংকাও কম হ’ব।’