নিজৰ সুৰক্ষা নিজেই দিব পৰা হ’ল ভাৰতে, দেশতেই নিৰ্মাণ বেবী এছ-৪০০

| Edited By: Barasha Sarma

Jul 30, 2025 | 9:51 PM

বেবী এছ-৪০০’ৰ মূল লক্ষ্য হ’ব নিম্ন উৰণৰ আক্ৰমণ ৰোধ কৰা। এই প্ৰতিৰক্ষা ব্যৱস্থাই মাটিৰ পৰা ১৪ কিলোমিটাৰ ওপৰত উৰি থকা যুদ্ধ বিমান, হেলিকপ্টাৰ, ড্ৰোন আৰু ক্ৰুজ মিছাইলক ভূ-পতিত কৰিব পাৰিব। প্ৰতিটো QRSAM মিছাইলৰ গতিবেগ হ'ব শব্দৰ ৪.৭ গুণ।

স্বাৱলম্বিতাৰ দিশত আৰু এখোজ আগবঢ়াইছে দেশে। সম্পূৰ্ণ থলুৱা প্ৰযুক্তি ব্যৱহাৰ কৰি ‘Quick Reaction Surface to Air Missile’ বা QRSAM ব্যৱস্থা প্ৰস্তুত কৰি আছে ভাৰতে। সেনাই ইয়াক অভিহিত কৰিছে ‘বেবী এছ-৪০০’ বুলি।

এই নতুন ক্ষেপণাস্ত্ৰ প্ৰতিৰক্ষা ব্যৱস্থা নিৰ্মাণৰ বাবে ভাৰতে ব্যয় কৰিছে এক লাখ কোটিতকৈও অধিক টকা। সম্পূৰ্ণ থলুৱা প্ৰযুক্তি ব্যৱহাৰ কৰি সামৰিক সঁজুলি নিৰ্মাণত ইমান ধন বিনিয়োগ কৰাৰ পৰা এটা কথা স্পষ্ট যে, ভাৰতে ভৱিষ্যতে শত্ৰুৰ সৈতে মুখামুখি হ’বলৈ আন কোনো বিদেশী দেশৰ ওপৰত নিৰ্ভৰশীল হ’ব নিবিচাৰে।

‘অপাৰেচন সেন্দূৰে স্পষ্টকৈ দেখুৱাইছে যে যুদ্ধত আক্ৰমণতকৈ আত্মৰক্ষা অধিক গুৰুত্বপূৰ্ণ। এই অভিযানৰ সময়ত পশ্চিম আৰু উত্তৰ ভাৰতত অবিৰতভাৱে ড্ৰ’ন আৰু মিছাইল নিক্ষেপ কৰিছিল পাকিস্তানে। কিন্তু উপযুক্ত প্ৰতিৰক্ষা ব্যৱস্থাৰ বাবে বিফল হয় পাকিস্তানী মিছাইল। ভাৰতৰ ‘অপাৰেচন সেন্দূৰ’ৰ পৰা শিক্ষা লৈ নিজা চমু দূৰত্বৰ বিমান প্ৰতিৰক্ষা ক্ষমতা বৃদ্ধি কৰিব বিচাৰিছে সেনাই।

তুলনামূলকভাৱে কম উচ্চতাত উৰি থকা আক্ৰমণাত্মক ড্ৰোন আৰু নিখুঁত নিৰ্দেশিত ক্ষেপণাস্ত্ৰৰ দৰে আক্ৰমণ ৰোধ কৰিবলৈ ভাৰতীয় সেনাক QRSAM ব্যৱস্থাৰ প্ৰয়োজন। পাকিস্তানৰ সীমান্তত থকা চীনা বায়ু প্ৰতিৰক্ষা ব্যৱস্থা ‘নিস্ক্ৰীয়’ কৰি ভাৰতে মাত্ৰ ২৩ মিনিটতে সমগ্ৰ অভিযান সম্পূৰ্ণ কৰিবলৈ সক্ষম হয়। কিন্তু ভৱিষ্যতে পাকিস্তান আৰু চীনে আৰু এনে আক্ৰমণ কৰিব বুলি ধৰি লৈ আগতীয়াকৈ নিজৰ অস্ত্ৰভাণ্ডাৰ সুৰক্ষিত কৰিব বিচাৰিছে দিল্লীয়ে।

সেইবাবেই QRSAM ৰ দৰে ব্যৱস্থাৰ প্ৰয়োজন, যিয়ে একেলগে একাধিক আক্ৰমণ ব্লক কৰিব পাৰে। বিশেষকৈ এই নতুন ব্যৱস্থাৰ লক্ষ্য হৈছে শত্ৰুৰ ক্ষেপণাস্ত্ৰ আক্ৰমণক বাধা দিয়া। প্ৰয়োজন অনুসৰি এই প্ৰতিৰক্ষা ব্যৱস্থাক চীন আৰু পাকিস্তানৰ সীমান্তত স্থানান্তৰিত কৰিব পৰা যাব। প্ৰয়োজন হ’লে ভাৰতৰ কৌশলগত স্থানত ‘বেবী এছ-৪০০’ নিয়োগ কৰিব পৰা যাব।