গুৱাহাটীৰ আদিংগিৰি পাহাৰত প্ৰায় ৩০০ সন্দেহজনক লোকৰ বসতি স্থাপন

| Edited By: Monjit Dutta

Jul 23, 2025 | 10:29 PM

নামনি অসমৰ বিভিন্ন ঠাইৰ লগতে কিছুদিন পূৰ্বে উচ্ছেদ চলা ঠাইৰ পৰা আহি গুৱাহাটীৰ আদিংগিৰি পাহাৰত এইসকল লোকে বসতি স্থাপন কৰাৰ সন্দেহ। এঘৰ দুঘৰ নহয়, প্ৰায় ৩০০ লোকে বসতি স্থাপন কৰিছে পাহাৰটোত।

গুৱাহাটী মহানগৰীৰ দুৰ্গম পাহাৰত থকা বনাঞ্চলত বসতি স্থাপন একাংশ সন্দেহজনক নাগৰিকৰ। কেৱল ঘৰ সজাই নহয়, নিৰ্মান কৰিছে মছজিদ, মাদ্ৰাছা আদিও। গুৱাহাটী ফটাশিলৰ আদিংগিৰি সূৰ্য পাহাৰত দেখা গৈছে সন্দেহজনক লোকৰ অৱস্থান।

নামনি অসমৰ বিভিন্ন ঠাইৰ লগতে কিছুদিন পূৰ্বে উচ্ছেদ চলা ঠাইৰ পৰা আহি গুৱাহাটীৰ আদিংগিৰি পাহাৰত এইসকল লোকে বসতি স্থাপন কৰাৰ সন্দেহ। গুৱাহাটী মহানগৰীৰ এই অঞ্চলৰ পৰা দেখা যায় শৰাইঘাট দলং, বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়াম আদি। বেদখল চলাৰ খবৰ পোৱাৰ পাছতেই সেই স্থানত উপস্থিত হয় গুৱাহাটী ৰাজহচক্ৰ বিষয়া ৰাজা বৈশ্য। অন্য ঠাইৰ উচ্ছেদিতই আহি এই স্থানত ঘৰ বনোৱাৰ সন্দেহ কৰিছে তেওঁ। এঘৰ দুঘৰ নহয়, প্ৰায় ৩০০ লোকে বসতি স্থাপন কৰিছে পাহাৰটোত।

বেদখলৰ বিৰুদ্ধে উচ্ছেদ অব্যাহত থাকিব বুলি ইতিমধ্যেই সকীয়াই দিছে মুখ্যমন্ত্ৰীয়ে। উচ্ছেদক লৈ চলিছে ৰাজনীতিও। কিন্তু এইসকল লোক ক’ৰ পৰা আহি এনেকৈ থিতাপি ল’লে আৰু এতিয়া এওঁলোকৰ বিৰুদ্ধে চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ’ব লক্ষণীয়।