Vande Bharat, Indian Railways: ঘণ্টাত ১৬০ কিলোমিটাৰ গতিবেগ লাভ কৰিলে বন্দে ভাৰত এক্সপ্ৰেছে!

Oct 16, 2025 | 9:45 AM

বন্দে ভাৰত এক্সপ্ৰেছে (KAVACH ব্যৱস্থাৰে সজ্জিত) ঘণ্টাত ১৬০ কিলোমিটাৰ বেগত সফলতাৰে পৰীক্ষামূলক চলাচল সম্পন্ন কৰে। এই পৰীক্ষাৰ ফলত বুজা গৈছে যে, ইষ্ট চেণ্ট্ৰেল ৰে'লৱেৰ উন্নয়নৰ গতি যথেষ্ট ত্বৰান্বিত হৈছে।

প্ৰযুক্তি আৰু সুৰক্ষাৰ নতুন যুগত প্ৰৱেশ কৰিছে ভাৰতীয় ৰে’লৱে। বন্দে ভাৰত এক্সপ্ৰেছ (KAVACH ব্যৱস্থাৰে সজ্জিত) গয়া আৰু সৰমাতান্দ ষ্টেচনৰ মাজত ঘণ্টাত ১৬০ কিলোমিটাৰ বেগত সফলতাৰে পৰীক্ষামূলক চলাচল সম্পন্ন হয়। এই পৰীক্ষাৰ ফলত বুজা গৈছে যে, ইষ্ট চেণ্ট্ৰেল ৰে’লৱেৰ উন্নয়নৰ গতি যথেষ্ট ত্বৰান্বিত হৈছে। ৰাজধানী, দুৰন্ত আৰু অন্যান্য দ্ৰুতবেগী ৰে’লৰ পৰিচালনাৰ বাবেও নতুন সম্ভাৱনা পথ মুকলি কৰিছে।

ইষ্ট চেণ্ট্ৰেল ৰে’লৱেৰ জেনেৰেল মেনেজাৰ, হাজীপুৰৰ প্ৰিঞ্চিপাল চিফ্‌ চিগনেল আৰু টেলিকমিউনিকেচন ইঞ্জিনিয়াৰ, ডিডিইউ-ধনবাদ সংমণ্ডলৰ সহযোগত প্ৰায় ৮৮ কিলোমিটাৰ ট্ৰেকত এই পৰীক্ষামূলক চলাচল সম্পন্ন কৰা হয়। বৰ্তমান দিল্লী-হাওৰা পথত ৰে’লৰ সৰ্বোচ্চ গতি ঘণ্টাত ১৩০ কিলোমিটাৰ। অৱশ্যে এই গতিবেগ ঘণ্টাত ১৬০ কিলোমিটাৰলৈ বৃদ্ধি কৰাৰ কাম চলি আছে। গয়া জংচনৰ পৰা প্ৰধানখণ্টালৈ ঘণ্টাত ১৬০ কিলোমিটাৰ বেগত ৰে’ল চলাবলৈও প্ৰস্তুতি চলি আছে।