এক হোৱাৰ দিশে পাকিস্তান, ছৌদি আৰু তুৰ্কী! পৰিকল্পনা কি…
Islamic Nato: বৰ্তমান বিশ্বৰ ৰাজনীতিত চৰ্চাত থকা বিষয়টো হৈছে ইছলামিক নাটো! প্ৰশ্ন হৈছে, নাটোৰ দৰে ইছলামিক ৰাষ্ট্ৰসমূহেও ইছলামিক নাটো গঠন কৰাৰ চেষ্টা কৰিছে নেকি? ইয়াৰ আঁৰৰ কাৰণ কি?
বিশ্বৰ ৰাষ্ট্ৰসমূহলৈ চালে দেখা যায় যে, প্ৰায়ভাগ দেশে নিজৰ শক্তি বৃদ্ধি কৰিব বিচাৰে। পিছ পৰি থকা নাই পাকিস্তানো। কিছুমাহ পূৰ্বে পাকিস্তান আৰু ছৌদি আৰৱে এখন চুক্তি স্বাক্ষৰ কৰিছিল। যাৰ অধীনত কোনো দেশে ইয়াৰে কোনো এখন দেশক আক্ৰমণ কৰিলে আনখনে সহায় কৰিব। আচৰিত কথা এয়াই যে, এই চুক্তি নাটোৰ দৰে একেই। নাটোৰ চুক্তি অনুসৰি, যদি কোনো দেশে নাটোৰ সদস্য ৰাষ্ট্ৰক আক্ৰমণ কৰে তেন্তে আন সদস্য দেশসমূহে সহায় কৰিব।
একাংশই দাবী কৰিছে যে, এতিয়া পাকিস্তান, ছৌদি আৰৱ আৰু তুৰ্কীয়ে মিলি ইছলামিক নাটো গঠন কৰাৰ পৰিকল্পনা কৰি আছে। ইয়াকে লৈ ইতিমধ্যে চলি আছে প্ৰস্তুতি। তুৰ্কী নাটোৰ সদস্য ৰাষ্ট্ৰ। কিন্তু পাকিস্তান আৰু ছৌদিৰ সৈতেও তুৰ্কী এক হোৱাৰ আশা কৰি আছে।
সবিশেষৰ বাবে চাওক এই ভিডিঅ’…
