Zubeen Garg: মৰমৰ শিল্পী জুবিন গাৰ্গক অন্তিম শ্ৰদ্ধা পৰিয়াল তথা লাখ লাখ অনুৰাগীৰ

Sep 21, 2025 | 8:58 PM

Zubeen garg death: পুষ্পসজ্জিত বাহনত আহিছে জুবিন গাৰ্গ। অসম আৰু অসমীয়াক মৰি-মুজি ভালপোৱা জুবিন গাৰ্গৰ শুই আছে নীৰৱে। এই নীৰৱতাক কোনেও সহিব পৰা নাই। সংবাদ মাধ্যমৰ পৰা সামাজিক মাধ্যমলৈকে সকলোতে দেখা গৈছে জুবিন বন্দনা।

মন আছিল সাগৰ তলিত শোৱাৰ, ভগৱানেও যেন তেওঁৰ ইচ্ছাকেই পূৰণ কৰিলে। সাগৰতেই তেওঁ হেৰাই গ’ল জুবিন গাৰ্গ। এটি কফিনত নিথৰ দেহ হৈ অসমলৈ ঘূৰি আহিল কেতিয়াও একে ঠাইত থাকিব নোখোজা জুবিন গাৰ্গ। সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গৰ বিয়োগৰ খবৰ পোৱাৰ পাছৰ পৰাই উজাগৰী ৰাতি কটাইছে শত-সহস্ৰ অনুৰাগীয়ে। স্বতঃস্ফূৰ্তভাৱে স্তব্ধ হৈ পৰিছে সমগ্ৰ অসম।

আজি পুৱাই দিল্লীৰ পৰা অসমলৈ অনা হয় জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ। বিমান বন্দৰৰ পৰা কাহিলীপাৰাৰ ঘৰলৈ অনাৰ সময়ত হাজাৰ-বিজাৰ জনতাই আগুৰি ধৰিলে জুবিন গাৰ্গক কঢ়িয়াই অনা এম্বুলেন্সখন। চকুলোৰ লোটকেৰে ভিজা প্ৰতিজন অনুৰাগীৰ দুগাল। বুকুত বিষাদৰ ঘন কলীয়া ডাৱৰ। বিমান বন্দৰত প্ৰাণৰ লগৰী জুবিন গাৰ্গৰ কফিনৰ কাষত ৰৈ হাওহাওকৈ কান্দি বাউলী হৈ পৰিল জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ।

বাটে-পথে হাজাৰ বিজাৰ অনুৰাগী, কোনোৱে কান্দোনৰ ৰাউচি জুৰিছে, থোকাথুকি মাতেৰে কোনোৱে গাইছে জুবিন গাৰ্গৰ প্ৰিয়গীত মায়াৱিনী ৰাতিৰ বুকুত…দেখা পালোঁ তোমাৰ ছবি। এক মুহূৰ্তৰ বাবেও কোনেও এৰি দিব খোজা নাই প্ৰিয় শিল্পীগৰাকীক। কাহিলীপাৰালৈ জুবিন গাৰ্গক অনাৰ পাছতেই পুত্ৰৰ মুখখন শেষবাৰলৈ দৰ্শন কৰিলে পিতৃ কপিল বৰঠাকুৰে। জীৱনত বহু হেৰুৱায়ো তেওঁ ভাগৰা নাছিল, জুবিনৰ মুখলৈ চায়েই তেওঁ কৈছিল জীৱন হেৰোৱা নাই…কিন্তু আজি সেই পিতৃৰ বুকুও উকা হৈ ৰ’ল। গাৰ ছাঁৰ দৰে লাগি থকা গৰিমা শইকীয়া গাৰ্গো আজি শূন্য হৈ ৰ’ল, প্ৰাণৰ গ’ল্ডিক হেৰুৱায়।