জুবিন ক্ষেত্ৰৰ পৰা ট্ৰাম্পৰ এছিয়া ভ্ৰমণলৈ, দিনটোৰ খবৰসমূহ…

Oct 26, 2025 | 10:18 PM

Top9: আজিৰ দিনটোত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বহু ধৰণৰ ঘটনা সংঘটিত হয়। অসমত জুবিন ক্ষেত্ৰৰ এছ অ' পি সন্দৰ্ভত এতিয়াও বাক-বিতণ্ডা অব্যাহত আছে। মুখ্যমন্ত্ৰীয়েও এই সন্দৰ্ভত কৰিছে প্ৰতিক্ৰিয়া।

অসমত এতিয়াও জুবিন ক্ষেত্ৰত জাৰি কৰা এছ অ’ পি সন্দৰ্ভত বাক-বিতণ্ডা অব্যাহত আছে। শিল্পী মানস ৰবীনে কয় যে, জুবিন গাৰ্গৰ বাবে এছ অ’ পিৰ প্ৰয়োজন নাই। জুবিন ক্ষেত্ৰত সুৰক্ষাৰ ব্যৱস্থা কৰিব লাগে।

ইয়াৰ বিপৰীতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, জুবিন গাৰ্গক আমি তেওঁৰ সৃষ্টিৰাজিৰ মাজেৰে জীয়াই ৰাখিব লাগিব। একাংশই জুবিন গাৰ্গৰ মদৰ মাজেৰে জীয়াই ৰাখিব বিচাৰিছে। কিন্তু জুবিনক আমি তেওঁৰ সৃষ্টি, নাহৰৰ মাজেৰে জীয়াই ৰাখিব লাগিব।

ইফালে আজি গুৱাহাটী এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ হয়। সন্দেহ কৰা হৈছে যে অধিকমাত্ৰ ড্ৰাগছ সেৱন কৰাৰ ফলত যুৱতীগৰাকীৰ মৃত্যু হয়। ঘটনা সন্দৰ্ভত ইতিমধ্যে এজনক গ্ৰেপ্তাৰ কৰা হৈছে। মৃতদেহৰ ওচৰৰ পৰা ড্ৰাগছৰ কন্টেইনাৰো উদ্ধাৰ হয়।

দিনটোৰ বহু কেইটা গুৰুত্বপূৰ্ণ খবৰ ভিডিঅ’টোত উল্লেখ কৰা হ’ল-