মাওবাদী সংহাৰ অভিযান, সেনাৰ গুলীত নিহত শীৰ্ষ মাওবাদী নেতা হিদমা
মাওবাদীৰ বিৰুদ্ধে চলোৱা অভিযানত হিদমাৰ মৃত্যুক বৃহৎ সফলতা বুলি বিবেচনা কৰিছে আৰক্ষীয়ে। সহযোগীসকলৰ মাজত দেৱ আৰু হিদমালু নামেৰে জনা গৈছিল হিদমাক। আৰক্ষীয়ে জনোৱা মতে, এইগৰাকী শীৰ্ষ মাওবাদী নেতাই দশম শ্ৰেণীলৈকে পঢ়িছিল। তাৰ পিছত তেওঁ মাওবাদী গোটত যোগদান কৰে।
মঙলবাৰে পুৱা ৭ বজাত ছত্তীশগড় আৰু তেলেংগানাৰ সীমান্তৰ মাৰেডুমিলি বনাঞ্চলত মাওবাদী আৰু অন্ধ্ৰ প্ৰদেশ আৰক্ষীৰ মাজত সংঘটিত হয় গুলীয়াগুলী। অন্ধ্ৰ প্ৰদেশৰ ডিজিপি হৰিশ কুমাৰ গুপ্তাই জনোৱা মতে, আৰক্ষীৰ সৈতে হোৱা এই সংঘৰ্ষত হিদমাকে ধৰি ৬জন মাওবাদী নিহত হয়। মাওবাদীৰ বিৰুদ্ধে চলোৱা অভিযানত হিদমাৰ মৃত্যুক বৃহৎ সফলতা বুলি বিবেচনা কৰিছে আৰক্ষীয়ে। সহযোগীসকলৰ মাজত দেৱ আৰু হিদমালু নামেৰে জনা গৈছিল হিদমাক। আৰক্ষীয়ে জনোৱা মতে, এইগৰাকী শীৰ্ষ মাওবাদী নেতাই দশম শ্ৰেণীলৈকে পঢ়িছিল। তাৰ পিছত তেওঁ মাওবাদী গোটত যোগদান কৰে।
২৬টা সশস্ত্ৰ আক্ৰমণত জড়িত থকাৰ অভিযোগ হিদমাৰ বিৰুদ্ধে। আটাইতকৈ ডাঙৰ আক্ৰমণ আছিল ২০১০ চনত দান্তেৱাড়াত। সেই আক্ৰমণত প্ৰাণ হেৰুৱাইছিল ৭৬ জন অৰ্ধসামৰিক বাহিনীৰ জোৱানে। পুনৰ ২০১৩ চনত ছত্তীশগড়ৰ ঝিৰাম ঘাটিত সশস্ত্ৰ আক্ৰমণত ২৭ জন লোকক হত্যা কৰিছিল মাওবাদীয়ে। মৃতসকলৰ ভিতৰত আছিল ছত্তীশগড়ৰ এগৰাকী শীৰ্ষ কংগ্ৰেছ নেতা। ২০২১ চনত সুকমা-বিজাপুৰত সংঘটিত আক্ৰমণত প্ৰাণ হেৰুৱাইছিল ২২ জন নিৰাপত্তাৰক্ষীয়ে। সেই আক্ৰমণৰ মূল অভিযুক্ত আছিল হিদমা।
