মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে অভিযোগৰ পৰা মোদীৰ চীন ভ্ৰমণলৈ দিনটোৰ শীৰ্ষ খবৰ…

Aug 09, 2025 | 10:51 PM

‘মিঞা’ সম্প্ৰদায়ৰ বিৰুদ্ধে চৰকাৰে শেহতীয়াকৈ চলোৱা অভিযান সন্দৰ্ভত মন্তব্য কৰিছে গৌৰৱ গগৈয়ে। চাওঁ আহক ৰাজ্যৰ পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ, আজি দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ...

নিজৰ ৰাজনৈতিক অস্তিত্ব সুৰক্ষিত কৰিবলৈ অসমীয়া জাতিক সংকটৰ মুখলৈ ঠেলি দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।” গুৰুতৰ অভিযোগ অসম জাতীয় পৰিষদৰ। ‘মিঞা’ সম্প্ৰদায়ৰ বিৰুদ্ধে চৰকাৰে শেহতীয়াকৈ চলোৱা অভিযান সন্দৰ্ভত মন্তব্য কৰিছে গৌৰৱ গগৈয়ে। যদি জিলা প্ৰশাসনে নিজৰ কৰ্তব্য ফলপ্ৰসূভাৱে পালন কৰিব নোৱাৰে তেন্তে মুখ্যমন্ত্ৰীয়ে দায়িত্ব ল’ব লাগে আৰু পদত্যাগ কৰিব লাগে বুলি দাবী তোলে কংগ্ৰেছ সাংসদগৰাকীয়ে।  অহা ২৯ আগষ্টত অসম ভ্ৰমণ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে।

জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদৰ বিৰুদ্ধে অব্যাহত আছে নিৰাপত্তা বাহিনীৰ অভিযান। কুলগামত বিগত ৯ দিন ধৰি সন্ত্ৰাসবাদীৰ বিৰুদ্ধে নিৰাপত্তা বাহিনীয়ে চলাই আহিছে অভিযান। সাত বছৰতকৈ অধিক সময়ৰ ব্যৱধানৰ অন্তত চলিত মাহৰ শেষৰ ফালে চীন ভ্ৰমণ কৰিব পাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।  চাওঁ আহক ৰাজ্যৰ পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ, আজি দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ…