শ্বেখ হাছিনাৰ মৃত্যুদণ্ডৰ পৰা মোহন ভাগৱতৰ অসম ভ্ৰমণলৈ দিনটোৰ শীৰ্ষ খবৰ…

Nov 17, 2025 | 10:35 PM

Top9: দেশৰ পৰা পলায়ন কৰাৰ পাছতে বৰ্তমান ভাৰতত আছে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা। শেহতীয়াকৈ বাংলাদেশৰ আদালতে হাছিনাৰ লগতে বাংলাদেশৰ প্ৰাক্তন গৃহমন্ত্ৰী আছাদুজ্জামানকো মৃত্য়ুদণ্ড বিহে।

বাংলাদেশৰ পৰা পলায়ন কৰাৰ পাছতে ভাৰতত আছে প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা। কিন্তু শেহতীয়াকৈ শ্বেখ হাছিনা সন্দৰ্ভত বাংলাদেশ আদালতে এক ডাঙৰ ৰায় প্ৰদান কৰিছে। আদালতে হাছিনাৰ লগতে বাংলাদেশৰ প্ৰাক্তন গৃহমন্ত্ৰী আছাদুজ্জামানকো মৃত্য়ুদণ্ড বিহে। গণহত্যাৰ অভিযোগত এই ৰায় দিয়ে আদালতে।

ইফালে আজি অসমত উপস্থিত হৈছে আৰ এছ এছ মুৰব্বী ডঃ মোহন ভাগৱত। দুদিনীয়া ভ্ৰমণসূচীত তেওঁ কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।

ইফালে অসমৰ কেইবাখনো জিলাত নিষিদ্ধ কৰা হয় গাহৰিৰ মাংস। আফ্ৰিকান ছোৱাইন ফিভাৰৰ বাবে এনে সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰশাসনে। ইয়ে প্ৰভাৱিত কৰিছে গাহৰি পালকসকলক। গাহৰিৰ মাংস বিক্ৰী, ক্ৰয়ত নিষেধাজ্ঞা আৰোপ কৰা জিলা কেইখন হ’ল- শিৱসাগৰ, যোৰহাট, ধেমাজি, ডিব্ৰুগড়, লখিমপুৰ, কামৰূপ আৰু দৰং। পৰৱৰ্তী নিৰ্দেশ পৰ্যন্ত এয়া বাহাল থাকিব।

সবিশেষৰ বাবে চাওক ভিডিঅ’…