অগপৰ প্ৰাৰ্থী ঘোষণাৰ পৰা ট্ৰাম্পৰ সকীয়নিলৈ, দিনটোৰ গুৰুত্বপূৰ্ণ খবৰ…

| Edited By:

Jun 08, 2025 | 11:02 PM

ৰাজ্যত বান আৰু ভূমিস্খলনত মৃত্যুৰ সংখ্যা ২৩ জনলৈ বৃদ্ধি।  এতিয়াও বানৰ কবলত ৰাজ্যৰ ১২ খন জিলা । লগতে ৩ লাখতকৈ অধিক লোক প্ৰভাৱিত।

  1. আগন্তুক ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিলে অগপই । চৰ্ত সাপেক্ষে বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ নাম ঘোষণা অসম গণ পৰিষদৰ।
  2. ৰাজ্যত বান আৰু ভূমিস্খলনত মৃত্যুৰ সংখ্যা ২৩ জনলৈ বৃদ্ধি।  এতিয়াও বানৰ কবলত ৰাজ্যৰ ১২ খন জিলা । লগতে ৩ লাখতকৈ অধিক লোক প্ৰভাৱিত।
  3. কাইলৈ অনুষ্ঠিত হব অসম বিধানসভাৰ বিশেষ অধিবেশন। ড০ ভূপেন হাজৰিকাক স্মৰণ কৰিব সদনে।
  4. অসমত অবৈধভাবে গো হত্যা সন্দৰ্ভত সৰৱ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।শৰ্মাই কয় যে, ঈদ-উজ-জোহাত সমগ্ৰ অসমৰ একাধিক স্থানৰ পৰা অবৈধভাৱে গো বধ আৰু গৰুৰ অংশ উদ্ধাৰৰ বিৰক্তিকৰ ঘটনা সংঘটিত হোৱাৰ বাতৰি পোৱা গৈছে। ইয়াৰ পৰিপ্ৰেক্ষিতত ১৬ জনক আটক কৰা হৈছে।