বিহাৰ নিৰ্বাচনৰ ফলাফলৰ পৰা ভাৰত-দক্ষিণ আফ্ৰিকাৰ টেষ্টলৈ… দিনটোৰ শীৰ্ষ খবৰ

Nov 15, 2025 | 9:53 PM

চাওঁ আহক ৰাজ্যৰ পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ, আজি দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ।

বিহাৰ নিৰ্বাচনৰ ফলাফলৰ পাছতেই কংগ্ৰেছৰ ব্যৰ্থতাক লৈ ব্যাপক জল্পনা-কল্পনা। ইয়াৰ মাজতে বিহাৰৰ জনাদেশ সন্দৰ্ভত চাঞ্চল্যকৰ মন্তব্য গৌৰৱ গগৈৰ। কিছুমান নিৰ্দিষ্ট ক্ষেত্ৰত ভোটি চুৰি হোৱাৰ অভিযোগ। অসমত বিহাৰ নিৰ্বাচনৰ প্ৰভাৱ নপৰে বুলি মন্তব্য গৌৰৱৰ।

দিল্লী আৰু জম্মু-কাশ্মীৰত সংঘটিত বোমা বিস্ফোৰণক গৰিহণা মাদ্ৰাছাৰ ছাত্ৰৰ। জামিয়া অসম দাৰু হাদিছ জয়নগৰ মাদ্ৰাছাৰ ছাত্ৰসকলে এই বিস্ফোৰণৰ বিৰোধিতাৰে উলিয়ালে প্ৰতিবাদী সমদল। হাতে হাতে প্লে’কাৰ্ড লৈ সন্ত্ৰাসবাদীক শাস্তি দিয়াৰ বাবে প্ৰতিবাদ জনায় ছাত্ৰ আৰু শিক্ষকসকলে। ৰাষ্ট্ৰীয় ছহিদ বিৰছা মুণ্ডাক দেশজুৰি সোঁৱৰণ। ১৫০ বছৰীয়া জয়ন্তীত সমগ্ৰ দেশে শ্ৰদ্ধা জনাইছে বীৰগৰাকীক। নগাঁৱৰ মিছাতো আয়োজন কৰা হয় এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ। এই অনুষ্ঠানত উপস্থিত থাকে অসম চৰকাৰৰ মন্ত্ৰী তথা কলিয়াবৰ বিধায়ক কেশৱ মহন্ত। চাওঁ আহক ৰাজ্যৰ পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ, আজি দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ।