‘অসমৰ অস্তিত্বৰ ৰক্ষাৰ বাবে বলিদান দিয়াসকলক স্মৰণৰ বাবে এই শ্বহীদ স্মাৰক উদ্যান’ – বিমল বড়া

Dec 09, 2025 | 9:12 PM

শ্বহীদ স্মাৰক সন্দৰ্ভত বিমল বড়াই কয়, "অসমৰ ইতিহাসত কাইলৈৰ দিনটো অতি স্মৰণীয় দিন।অসমৰ অস্তিত্বৰ ৰক্ষাৰ বাবে বলিদান দিয়াসকলক স্মৰণৰ বাবে অসম চৰকাৰে এই শ্বহীদ স্মাৰক উদ্যান নিৰ্মাণ কৰি উলিয়াইছে। কাইলৈ অনুষ্ঠানিক ভাৱে উদ্বোধন কৰা হ'ব।" 

কাইলৈ ৰাজ্যবাসীয়ে পালন কৰিব শ্বহীদ দিৱস। গুৱাহাটীৰ পশ্চিম বৰাগাঁৱত নিৰ্মাণ কৰা শ্বহীদ স্মাৰকো কালিলৈ উন্মোচন কৰা হ’ব। আজি সেই উপলক্ষে অনুষ্ঠিত কৰা হয় মাংগলিক অনুষ্ঠান। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিনিধিবৰ্গৰ উপস্থিতিত অনল শিখা প্ৰজ্জ্বলন অনুষ্ঠানত অংশগ্ৰহণ কৰে মন্ত্ৰী বিমল বড়াই।

শ্বহীদ স্মাৰক সন্দৰ্ভত বিমল বড়াই কয়, “অসমৰ ইতিহাসত কাইলৈৰ দিনটো অতি স্মৰণীয় দিন।অসমৰ অস্তিত্বৰ ৰক্ষাৰ বাবে বলিদান দিয়াসকলক স্মৰণৰ বাবে অসম চৰকাৰে এই শ্বহীদ স্মাৰক উদ্যান নিৰ্মাণ কৰি উলিয়াইছে। কাইলৈ অনুষ্ঠানিক ভাৱে উদ্বোধন কৰা হ’ব।” 

বিমল বড়াৰ লগতে আজি বৰাগাঁৱত অনুষ্ঠিত মাংগলিক কাৰ্যসূচীত উপস্থিত থাকে মন্ত্ৰী অতুল বৰা, জয়ন্ত মল্ল বৰুৱা, পীযূষ হাজৰিকা আৰু সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্ব। সবিশেষ জানিবলৈ ভিডিঅ’ চাওক…