Sunita: মহাকাশৰ পৰা উভতি অহাৰ পাছত কি কি সমস্যাত ভুগিব পাৰে সুনীতা উইলিয়ামছ? হ’ব নেকি কৰ্কট ৰোগ?

| Edited By:

Mar 18, 2025 | 9:42 PM

৯ মাহ মহাকাশত থকাৰ পাছত পৃথিৱীলৈ উভতি আহি আছে মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু বুচ উইলম'ৰ। কিন্তু মহাকাশৰ পৰা উভতি অহাৰ পাছত সহজ নহ'ব তেওঁলোকৰ জীৱন।

নাছাৰ মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু বুচ উইলম’ৰ ৮ দিনৰ অভিযানৰ বাবে মহাকাশলৈ গৈছিল। কিন্তু কাৰিকৰী বিজুতিৰ বাবে যোৱা ৯ মাহ ধৰি দুয়ো মহাকাশতে আৱদ্ধ হৈ আছে। ইতিমধ্যে পৃথিৱীলৈ উভতনি যাত্ৰা দুয়োৰে আৰম্ভ হৈছে। কিন্তু পৃথিৱী পোৱাৰ পাছত সহজ নহ’ব দুই মহাকাশচাৰীৰ জীৱন। এই ক্ষেত্ৰত দুয়ো শাৰীৰিক আৰু মানসিক বিভিন্ন সমস্যাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে।